অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী, সমাজকৰ্মী ৰেখা শৰ্মাৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- জাতীয় চেতনাৰ উজ্জ্বল চানেকি, বিদুষী মহিলা তথা নগাঁও চহৰৰ আমোলাপট্টি-নাওবৈচা পথ নিৱাসী ৰেখা শৰ্মাৰ নিজা বাসগৃহত বুধবাৰে পুৱা মৃত্যু হয়।দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰৱীণ সমাজকৰ্মী তথা অসম আন্দোলনৰ নেত্ৰীগৰাকীৰ প্রায় ৯০ বছৰ বয়সত আমোলাপট্টিস্থিত বাসভৱনত মৃত্যু ঘটে । স্কুলীয়া জীৱনৰ পৰাই বিভিন্ন সামাজিক-সাংস্কৃতিক কাম-কাজৰ নেতৃত্ব দিয়া ৰেখা শৰ্মা অসম আন্দোলন তথা অসমৰ বিদেশী বিতাড়ন আন্দোলনৰ এগৰাকী সাহসী যোদ্ধা আছিল। বিভিন্ন প্রত্যাহ্বান নেওচি নগাঁৱত অসম আন্দোলনক সম্মুখৰ পৰা নেতৃত্ব দিছিল। সুদক্ষ মহিলা সংগঠকগৰাকীয়ে মহিলা সবলীকৰণৰ বাবে সংগ্রাম অব্যাহত ৰাখিছিল। স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্রাণিত, মানৱীয় প্ৰমূল্যবোধেৰে সমৃদ্ধ ৰেখা শৰ্মা এগৰাকী স্পষ্টবাদী আৰু সাহসী মহিলা নেত্রী আছিল। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদৰ নেতৃত্বত হোৱা অসম আন্দোলনৰ সময়ত ৰেখা শৰ্মাই সদৌ অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা হিচাপে সমগ্ৰ অসমৰ সংগ্ৰামী মহিলাসকলক একত্ৰিত কৰি অসম আন্দোলনক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। বিজেপিৰ লগত জড়িত ৰেখা শর্মাই নগাঁও জিলাত বিজেপিক প্ৰতিষ্ঠা কৰাত সবল ভূমিকা গ্ৰহণ কৰিছিল। উল্লেখ্য যে ১৯৯৬ চনত তেওঁ বিজেপিৰ পৰা নগাঁও সংসদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল। সেইবাৰ ৰেখা শৰ্মা বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা প্রার্থী আছিল। তেওঁ বিজেপিৰ মাগদৰ্শক হিচাপে পৰিচিত অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানি, মুৰুলী মনোহৰ যোশী, কবীন্দ্ৰ পুৰকায়স্থ আদিৰ দৰে বৰেণ্য ৰাষ্ট্ৰীয় নেতাৰ সান্নিধ্য লাভ কৰিছিল। এগৰাকী সুবক্তা আৰু সুলেখিকা হিচাপে পৰিচিত ৰেখা শৰ্মাই সমগ্ৰ জীৱন কঠোৰ সাধনাৰে পাঁচখন মূল্যৱান গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে। সমকালীন সময়ৰ ঘটনাপ্রৱাহ তেওঁৰ গ্ৰন্থত সাৱলীলভাৱে উপস্থাপন কৰি মানুহৰ অধিকাৰৰ হকে মতপোষণ কৰিছে। তেওঁৰ গ্ৰন্থসমূহ হ’ল- ‘স্মৃতিৰ জলঙাৰে’, ‘সত্যমেৱ জয়তে’, ‘একালৰ বৃন্দাবন একালত পৰে ছন’, ‘মোৰ ডাক টোপোলাৰ মাজেৰে অতীত আৰু বৰ্তমান’ আৰু ‘অসম ইতিহাসৰ এক দস্তাবেজ’। এইগৰাকী বিদুষী আৰু সাহসী মহিলাৰ মৃত্যুত সমগ্ৰ নগাঁও জিলাত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শেষ শ্রদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেওঁ চাৰি পুত্ৰ-বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।
