ৰাজ্যৰ ৫খন চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে এনএবিএইচৰ স্বীকৃতি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেবা প্রদানকাৰীৰ প্রত্যায়ন পৰিষদ চমুকৈ এন এ বি এইচৰ স্বীকৃতি লাভ কৰিছে অসমৰ পাঁচখন চিকিৎসা মহাবিদ্যালয় হস্পিতালে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰি উল্লেখ কৰিছে যে ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত, মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে চিকিৎসা মহাবিদ্যালয়সমূহক এনএবিএইচৰ স্বীকৃতি লাভৰ বাবে আহ্বান জনোৱা হৈছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালে সফলতাৰে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিসৰটো সম্পন্ন হৈছে আৰু ফলাফলৰ অপেক্ষা কৰা হৈছে। তদুপৰি ডিব্ৰুগড় আৰু লখিমপুৰৰ আছাম কেঞ্চাৰ কেয়াৰ কেন্দ্ৰয়ো এই স্বীকৃতি লাভ কৰিছে। এনএবিএইচে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ দিয়া স্বীকৃতিক লৈ চিকিৎসালয়খনৰ অধ্যক্ষ অচ্যুত চন্দ্র বৈশ্যয়ো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।
