আহোম ৰাজ্যৰ প্ৰশাসনৰ কিছু মুছলমান – মহম্মদ তালহা আমিন বৰুৱা 

আহোম ৰাজ্যৰ প্ৰশাসনৰ কিছু মুছলমান

মহম্মদ তালহা আমিন বৰুৱা 

আহোম ৰাজ্যৰ সময়ত মুছলমানসকলৰ ইতিহাসৰ ওপৰত এটা প্ৰবন্ধ লিখিবলৈ চিন্তা কৰি আছিলোঁ। আগৰ কিছুমান প্ৰবন্ধত মই আহোম সৈনিক আৰু প্ৰশাসনত মুছলমানসকলৰ ভূমিকা আগতেও আলোচনা কৰিছিলোঁ, যাৰ বাবে পাঠকৰ পৰা যথেষ্ট ভাল প্ৰতিক্ৰিয়া পাইছিলোঁ। সেইবাবে মই এই বিষয়টোত আৰু এটা প্ৰবন্ধ লিখিবলৈ সিদ্ধান্ত লৈছোঁ। মোৰ প্ৰবন্ধ “আহোম ৰাজ্যৰ সেনা বাহিনীত মুছলমান” যি দৈনিক গণ অধিকাৰ ৬ মাৰ্চ ২০২৫ আৰু জ্ঞান সম্ভাৰৰ ২০২৫ চনৰ মাৰ্চ মাহত প্ৰকাশ পাইছিল, তাত মই কিছুমান যোদ্ধাৰ বিষয়ে আলোচনা কৰিছিলোঁ যিসকলে আহোম ৰজাসকলৰ বাবে কাম কৰিছিল আৰু আহোম ৰাজ্যৰ সুৰক্ষাৰ বাবে যুদ্ধ কৰিছিল — যেনে বাঘ হাজৰিকা, লাইধন খান, গেথুৱা গৰীয়া আদি। একেধৰণে, মই “Assamese Muslims as Katakis in the Ahom Kingdom” (আহোম ৰাজ্যত কটকী হিচাপে অসমীয়া মুছলমান) শীৰ্ষক এটা ইংৰাজী প্ৰবন্ধ কাশ্মীৰভিত্তিক এটা মাধ্যম — নৌক-ই-কালামত লিখিছিলোঁ। সেই প্ৰবন্ধত মই আহোমসকলে লিখা বুৰঞ্জীৰ পৰা তিনিজন কটকীৰ বিষয়ে আলোচনা কৰিছিলোঁ। তেওঁলোক আছিল চুলতান গৰীয়া, চুহুম গৰীয়া আৰু লিকচৌ গৰীয়া—তেওঁলোক সকলো ১৭শ শতিকাৰৰ লোক আছিল।

মোৰ লিখা আৰু এটা প্ৰবন্ধ আছে যিটো যোৱা বছৰ এখন সংকলন কিতাপত প্ৰকাশ পাইছিল। গ্ৰন্থখনৰ শিৰোনাম গোল্ডেন আৱাৰ: এণ আগষ্ট এন্থলজী (ইংৰাজী) আৰু ইয়াক ছানৰোজ পাব্লিকেচনে প্ৰকাশ কৰিছে। এই কিতাপখনত মই দিয়া প্ৰবন্ধটো হৈছে Muslims under Gadadhar Singha’s administration” (গদাধৰ সিংহৰ প্ৰশাসনৰ অধীনত মুছলমান)। আমি সকলোৱে গদাধৰ আৰু জয়মটিৰ কাহিনী শুনিছো, আনকি জীৱনত এবাৰৰ বাবেও নিশ্চয় শুনিছো। কিন্তু আপুনি জানেনে যে গদাধৰ সিংহৰ বাবে কাম কৰা বহু মুছলমান আছিল। আজিকালি ইতিহাসত এই কথাটো প্ৰায়ে অৱহেলিত হয়। মোৰ লেখাটোত মই আজান ফকিৰ আৰু ৰূপাই দাধৰাৰ কাহিনী আলোচনা কৰিছো। ৰূপাই দাধৰা গদাধৰ সিংহৰ এজন গুৰুত্বপূৰ্ণ প্ৰশাসনিক বিষয়া আৰু দেহৰক্ষী আছিল। তেওঁৰ উল্লেখ বুৰঞ্জীত পোৱা যায়। তেওঁৰ প্ৰশাসনত ৰূপাই দাধৰাৰ পৰা আন বহুতো মুছলমান আছিল, যেনে গান্ধেলা গৰীয়া, মহম্মদ আলী চিকন্দৰবাদী আদি। শেহতীয়াকৈ মোৰ ‘Chandrakanta Singha: Era of the Burmese Invasion of Assam; or, The Comprehensive History of Assam (1810-1840)’ (চন্দ্ৰকান্ত সিংহঃ অসমত মানৰ আক্ৰমণৰ যুগ) গ্ৰন্থখন ইউনিয়ন বুক পাব্লিকেচনে প্ৰকাশ কৰিছে। এই কিতাপখনত মই আলোচনা কৰিছো যে কেনেকৈ ১৫০০ মোগলে আহোম বাহিনীত যোগ দি মানৰ লগত যুঁজিছিল। অসমীয়া মুছলমান সেনাপতি যেনে জুথুৰ নেওগ, ৰাইজাহান হাজৰিকা (বাঘ হাজৰিকাৰ বংশধৰ), ভূবন বৰুৱা আদিৰ বিষয়ে আলোচনা কৰিছো।

এই সকলো প্ৰবন্ধ বা কিতাপৰ পৰা আপুনি ইতিমধ্যে অনুমান কৰিব পাৰে যে আহোম প্ৰশাসনত যথেষ্ট সংখ্যক মুছলমান নিযুক্ত কৰা হৈছিল। সেইটো নিশ্চয় শুদ্ধ। মুছলমানক আহোম ৰজাই বৰুৱা, হাজৰিকা, শইকীয়া, বৰা, খনিকৰ, বৰবৰা, আখৰকটিয়া আদি হিচাপে নিযুক্তি দিছিল। আজিও বহু অসমীয়া মুছলমানে এই কাৰণেই ‘হাজৰিকা’, ‘শইকীয়া’ আৰু ‘বৰা’ আদি উপাধি লিখে। মই তালিকাভুক্ত কৰা এই উপাধিবোৰ বেছিভাগেই সৈনিক পদ। আমি আগতেও আহোম ৰাজ্যৰ পাইক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিছো যাৰ ভিত্তিত এই উপাধিসমূহ লক্ষ্য কৰা হৈছে।আহোম আৰু গৰীয়া মুছলমানৰ ইতিহাস পঢ়ি থাকোঁতে বিষয়টোৰ বিষয়ে কিছুমান নতুন তথ্য পালোঁ। গতিকে এই তথ্যসমূহ শ্বেয়াৰ কৰিবলৈ এই প্ৰবন্ধটো লিখিলোঁ। এই লেখাটোত আমি কেৱল গৰীয়াৰ কথা কোৱা নাই। আমি মৰিয়াৰ বিষয়েও আলোচনা কৰিম। অৱশ্যেই অসমীয়া মুছলমানৰ ইতিহাস অতি বৃহৎ। আজি মই আহোম ৰাজ্যৰ প্ৰায় পোন্ধৰজন প্ৰশাসনিক বিষয়া আৰু আনুষংগিক লোক, আনকি যোদ্ধাসকলৰ বিষয়েহে আলোচনা কৰিম।

প্ৰথমে মৰিয়াসকলৰ পৰা আৰম্ভ কৰোঁ। অসম ইতিহাসৰ অন্যতম পৰিঘটনা তুৰবকৰ অসম আক্ৰমণ। ১৫৩২ চনত তুৰবকৰ আগ্ৰাসন সংঘটিত হৈছিল, অসমত এক মুহাম্মাদী অভিযান। এই সংঘাতৰ ফলত আহোমসকলে জয়লাভ কৰে আৰু তুৰবক নিহত হয়। তুৰবকৰ সৈন্যৰ বাকী থকা সৈনিকক বন্দী কৰি পিছলৈ তেওঁলোকক আহোম প্ৰশাসনত নিযুক্তি দিয়া হয়। এইটোৱেই আছিল মৰিয়া জনগোষ্ঠীৰ উৎপত্তি (হৰকান্ত বৰুৱাৰ অসম বুৰঞ্জী)। আহোম যুগৰ বুৰঞ্জী — আহোম বুৰঞ্জী, পঢ়ি থাকোঁতে এটা বাক্যই মোৰ চকুত পৰিল। ইয়াত উল্লেখ আছে যে তুৰবকৰ অসম আক্ৰমণৰ সময়ত আহোম বাহিনীয়ে এজন দেখাত ভাল লৰাক বন্দী কৰি লৈছিল। ল’ৰাটোৰ নাম আহোম ৰজা চুহুংমুঙে ‘নুক্তুৰ্দাং’ ৰাখিছিল। নুক্তুৰ্দাং যে মৰীয়া আছিল তাত কোনো সন্দেহ নাই। সম্ভৱ যে নুক্তুৰ্দাং অসমৰ প্ৰথম মৰিয়া মুছলমান আছিল। পঞ্চদশ আহোম ৰজা চুখম্ফাই নুক্তুৰ্দাংৰ পৰিয়ালটোৰ নাম সলনি কৰি ‘কাটিদাং দুয়াৰা’ নামেৰে নামাকৰণ কৰে। বাক্যবোৰৰ পৰা আমি ধৰি লৈছোঁ যে নুক্তুৰ্দাং আৰু তেওঁৰ বংশধৰসকল আহোম প্ৰশাসনৰ লগত জড়িত আছিল। ই আহোম প্ৰশাসনত মৰীয়া মুছলমানৰ সম্ভাৱ্য আটাইতকৈ পুৰণি উদাহৰণ।

এগৰাকী মুছলমান ৰাণীৰ বিষয়ে আব্দুৰ ৰেহমানে তেওঁৰ কিতাপ অসমৰ মুছলমানসকল (২০১৩)ত উল্লেখ কৰিছে। তুৰবকৰ কন্যা — চাবা লাই, সংঘাত শেষ হোৱাৰ পিছত আহোম ৰজা চুহুংমুঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আব্দুৰ ৰেহমানে লিখিছে যে চাবা লাই ৰাণী হোৱাৰ পিছত আহোম ৰাজ্যৰ মুছলমানসকলৰ প্ৰয়োজনীয়তাৰ ওপৰত মনোনিবেশ কৰিছিল। তেওঁ ৰাজ্যৰ মুছলমানৰ কল্যাণ কৰিছিল। বুৰাঞ্জীত চাবা লাইৰ কোনো উল্লেখ পোৱা নাযায়। চাবা লাইক ইংগিত দিয়া এটা সৰু উল্লেখ আছে। ছাৰ এডৱাৰ্ড গেইটে তেওঁৰ অসমৰ ইতিহাস পুথিত লিখিছে যে গৌড়ৰ ৰজা (বংগ চুলতানেট) — ঘিয়াছুদ্দিন মাহমুদ শ্বাহ, আহোমসকলক এগৰাকী ৰাজকুমাৰী উপহাৰ দিছিল। তুৰবকৰ সৈতে সংঘাত শেষ হোৱাৰ কিছুসময় পাছত এইটো হৈছিল। এই ৰাজকুমাৰী সম্ভৱতঃ চাবা লাই হব পাৰে, কিন্তু তাই যে তুৰ্বাকৰ কন্যা আছিল সেয়া সন্দেহজনক হৈ পৰে। ইতিহাসবিদসকলে এই বিষয়টোক চাব লাগে কাৰণ আহোম ৰাজ্যৰ বিষয়ে নতুন বস্তু খোলাচা থাকিব পাৰে। চাবা লাই নিশ্চিতভাৱে এগৰাকী মৰিয়া মুছলমান মহিলা আছিল।

অসমীয়া মূলৰ আমেৰিকান ইতিহাসবিদ — ইয়াছমিন শইকীয়াই কেম্ব্ৰিজ ইউনিভাৰ্চিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত নৰ্থইষ্ট ইণ্ডিয়া: আ প্লেচ্ অফ  ৰিলে’ছন্ (২০১৭)ত তেওঁৰ প্ৰবন্ধত লিখিছে যে তেওঁৰ এজন পূৰ্বপুৰুষ — শ্বেখ আজিমুদ্দিন দিল্লীৰ পৰা ৰঙামাটি মোগল থানালৈ প্ৰব্ৰজন কৰিছিল। পিছলৈ তেওঁ ১৫৯৫/৯৬ চনত নামাতি নাজিৰা (শিবসাগৰ),আহোম ৰাজ্যলৈ আহে। এটা তামৰ শিলালিপিয়ে নিশ্চিত কৰে যে শ্বেখ আজিমুদ্দিনক আহোম প্ৰশাসনত নিযুক্তি দিয়া হৈছিল। তেওঁক মাটিৰ অনুদান দিয়া হৈছিল আৰু ‘শইকীয়া’ উপাধি দিয়া হৈছিল। ইয়াছমিন শইকীয়াই তেওঁৰ আসাম এণ্ড ইণ্ডিয়া (২০০৫) নামৰ গ্ৰন্থখন যি প্ৰকাশ কৰিছে পাৰ্মানেন্ট ব্লেকে, লিখিছে যে শ্বেখ আজিমুদ্দিনৰ নাতি আছিল শ্বেখ কাইলাম। কাইলামক আহোম প্ৰশাসনত নিযুক্তি দিয়া হৈছিল আৰু নাম দিয়া হৈছিল নামাতি শইকীয়া। প্ৰশাসনত নিযুক্তি পোৱাৰ লগে লগে তেওঁক এটা হেংডাং, দুটা বটা, সোণৰ গহনা আদিৰ কেইবাটাও সামগ্ৰী দিয়া হৈছিল। তেওঁ লবন্যা নামৰ এগৰাকী আহোম মহিলাক বিয়া কৰাইছিল। আহোম ৰজাই তেওঁক ভাল পৰিমাণৰ মাটি দিছিল যি তামৰ শিলালিপিত লিপিবদ্ধ কৰা হৈছে।

এতিয়া আহোম-মোগল যুদ্ধৰ যুগৰ বিষয়ে আলোচনা কৰা যাওক। এই কাৰণেই হয়তো ভাৰতীয় ইতিহাসৰ বাবে আহোম ৰাজ্য ইমান গুৰুত্বপূৰ্ণ। আহোম-মোগল যুদ্ধ আছিল মাটি, শক্তি আৰু পৰিচয়ৰ বাবে এটা সংঘাত। সেই দিনত আহোম প্ৰশাসনত গজল তুৰুক নামেৰে পৰিচিত কোনোবা আছিল, সম্ভৱতঃ জয়ধৱাজ সিংহৰ কাৰণে কাম কৰিছিল (ইছমাইল হুছেইনৰ শৰাইঘাটৰ ৰণত লাচিত বৰফুকন আৰু ইছমাইল ছিদ্দিক, পৃষ্ঠা ১৬)। অসমীয়া কটকিৰ ওপৰত মোৰ প্ৰবন্ধটোত চুলতান গৰীয়া আৰু চুহুম গৰীয়াৰ কথা উল্লেখ কৰিছিলোঁ, তেওঁলোকেও আহোম ৰজা জয়ধৱাজ সিংহৰ কাৰণে কাম কৰিছিল। সম্ভাৱ্য বাঘ হাজৰিকাই জয়ধৱাজ সিংহৰ বাবেও কাম কৰিছিল। আহোম বুৰঞ্জীত জয়ধৱাজৰ প্ৰশাসনত বাঘ মাৰিয়া নামৰ কোনোবা এজন আছিল বুলি উল্লেখ আছে। কিন্তু এই কথা নিশ্চিত নহয় যে ইয়াৰ দ্বাৰা বাঘ হাজৰিকাৰ কথা বুজুৱা হৈছে আৰু ই বাবে বিতৰ্কিত। আব্দুৰ ৰেহমানৰ কিতাপ অসমৰ মুছলমানসকল (২০১৩)ত উল্লেখ পালু থুলুক গৰীয়াৰ বিষয়ে। থুলুক গৰীয়া আছিল এজন আখৰকটীয়া। তেওঁ তামৰ ফলিত লিখিছিল। থুলুক গৰীয়াৰ লগত পিয়াৰ গৰীয়া নামৰ এজন মুছলমানো আখৰকটীয়া হিছাবে কাম কৰিছিল। আব্দুৰ ৰহমানৰ কিতাপখনত ৰহমত মোল্লা নামৰ এজন মুছলমান শিলাকটিয়াৰ কথাও উল্লেখ আছে। ৰহমত মোল্লাক শিলাকটিয়া মোল্লা বুলিও জনা গৈছিল। আহোম ৰজা শিৱ সিংহই ১৭৩৩ চনত ৰোহিলকাণ্ডৰ পৰা ৰহমত মোল্লাক শিৱসাগৰলৈ আনিছিল। তেওঁ আছিল আহোম প্ৰশাসনৰ শিলাকোটিয়া খেলৰ আদিপুৰুষ। 

আহোম-মোগল সংঘৰ্ষত বহু মুছলমানে মোগলৰ লগত যুঁজিবলৈ আহোমৰ লগত যোগ দিছিল। যদিও আজি যুদ্ধখনক হিন্দু আৰু মুছলমানৰ যুদ্ধ হিচাপে উপস্থাপন কৰা হৈছে, সত্যটো হ’ল এইটোৱেই যে লাচিত বৰফুকন হিন্দু নাছিল। তেওঁ বান-ফি নামৰ টাই-আহোম ধৰ্মৰ অনুগামী আছিল। আৰু মোগলৰ নেতৃত্বত সেনাপতি আছিল ৰাম সিং, এজন ৰাজপুত হিন্দু। মোৰ লেখাবোৰত আহোম সেনাবাহিনীত বাঘ হাজৰিকা, লাইধান খান, নদৈ খৰংগী বৰুৱা, গেথুৱা গৰীয়া আৰু ভকুৱা গৰীয়া আদি মোগলৰ লগত যুঁজ দিয়া মুছলমান যোদ্ধাসকলৰ বিষয়ে আলোচনা কৰিছো। এতিয়া আৰু কিছুমান যোদ্ধাৰ বিষয়ে আলোচনা কৰা হওক। ১৬৩৫ চনত হাজোত আহোম আৰু মোগলৰ মাজত যুদ্ধ সংঘটিত হয়। এই যুদ্ধত কাছিম খান নামৰ এজন ব্যক্তিয়ে সাহসেৰে মোগলৰ লগত যুঁজিছিল আৰু মোগল সেনাক পৰাস্ত কৰিছিল। এই তথ্য মই পাইছো ইছমাইল হুছেইনৰ শৰাইঘাটৰ ৰণত লাচিত বৰফুকন আৰু ইছমাইল ছিদ্দিক (২০১৭) প্ৰবন্ধ সংগ্ৰহ কৰা কিতাপখনত। এই কিতাপখনত লুথুপ হাজৰিকাৰ উল্লেখো পাইছো। শৰাইঘাটৰ বিখ্যাত যুদ্ধত তেওঁ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আলী আহমেদ, যদিও তেওঁক লুথুপ হাজৰিকা নামকৰণ কৰা হৈছিল, হয়তো আহোম ৰজাই কৰিছিল।

শৰাইঘাটৰ যুদ্ধৰ পিছত ৰাজ্যৰ ভিতৰত আভ্যন্তৰীণ সংঘাতৰ সময় আছিল, যেনে আহোম প্ৰশাসনত দেবেৰা বৰবৰুৱাৰ ক্ষমতা বৃদ্ধি আৰু দেবেৰাৰ নিয়ন্ত্ৰণত থকা ৰজাৰ ৰাজত্বকাল, লালুকচলা বৰফুকনৰ মোগলৰ সৈতে মিত্ৰতা আৰু শত্ৰু বাহিনীক গুৱাহাটী বিক্ৰী কৰা। আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী অতন বুঢ়াগোহাঁইয়ে দেবেৰাক এক্সিকিউট কৰালে। কিন্তু লাচিত বৰফুকনৰ ভাতৃ — লালুকচলাৰ আপদ চলি থাকিল। লালুকচলাই অতন বুঢ়াগোহাঁইক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। এই তথ্যসমূহ লোৱা হৈছে এছ. কে. দত্তৰ অসম বুৰঞ্জী (খৃষ্টাব্দ ১৬৪৮- ১৬৮১) পৰা যি পুৰণি সাঁচিপতীয়া পুথিৰ পৰা উদ্ধৃত, DHASৰ দ্বাৰা প্ৰকাশিত। এই সময়ছোৱাত কিছুমান লোকে অতন বুঢ়াগোহাঁইক হত্যাৰ চেষ্টা চলাইছিল। অতন বুঢ়াগোহাঁইৰ এজন তথ্যদাতাই অতি সোনকালেই তেওঁক এই বিপদৰ বিষয়ে সতৰ্ক কৰি দিলে। এই তথ্যদাতাৰ নাম আছিল বদল গৰীয়া। অতন বুঢ়াগোহাঁইক হত্যা কৰাৰ আন এক পৰিকল্পনা কৰিছিল আহোম ৰজা— চুজিনফাই (অৰ্জুন কুঁৱৰ বুলিও জনা যায়)। কিন্তু এই প্ৰচেষ্টাও বিফল হল কাৰণ অর্জুন ৰজাই নিজ হাতে অস্ত্রাঘাত কৰাৰ আগতে বুঢ়াগোহাঁইৰ লিগিৰায়ে পিঠি পাতি লৈ আঘাত নিজৰ পিঠিত লৈ বুঢ়াগোহাঁইৰ প্ৰাণৰক্ষা কৰিছিল। এই নায়কজন আছিল জাহান গৰীয়া (মুকুট শর্মাৰ ইতিহাসৰ ছাঁ-পোহৰত গৰীয়া-মৰিয়া-দেশী, পৃষ্ঠা ২৫১)। লিগিৰা কোৱা হয় সেই মানুহবোৰৰ বাবে যিজনে ধনৰ বিনিময়ত আনৰ হকে কাম কৰে।

এতিয়া আমি প্ৰথম অসমীয়া PhDধাৰী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ময়িদুল ইছলাম বৰাৰ এজন পূৰ্বপুৰুষৰ বিষয়ে আলোচনা কৰোঁ। ময়িদুল ইছলাম বৰাৰ আজুককা আছিল কাদিৰ বৰা। বৰাৰ পৰিয়ালটো দীৰ্ঘদিন ধৰি আহোম প্ৰশাসনৰ অংশ আছিল, তেওঁলোকে বৰা, বৰবৰা, চৰ্দাৰ বৰা আদি পদত নিযুক্তি লাভ কৰিছিল। কাদিৰ বৰা আহোম প্ৰশাসনৰ অন্যতম বৰা। তেওঁ বাৰ্মিজৰ অসম আক্ৰমণৰ পৰা আৰম্ভ কৰি বৃটিছে অসম দখল কৰালৈকে নিজ চকুৰে দেখিছিল [ডক্টৰ ময়িদুল ইচলাম বৰা: কৃতি আৰু স্মৃতি (১৯৯৯) সম্পাদনা ড° যোগেন্দ্রনাৰায়ণ ভূঞা, পৃষ্ঠা ৭২]। বাৰ্মিজ আক্ৰমণৰ সময়ত আহোম সেনাবাহিনীত বহু মুছলমান আছিল। তেনে এজন বিষয়া আছিল ৰহমত খাৰঘৰিয়া বৰুৱা, যাক ৰহমত নবাব বুলিও কোৱা হয়। ১৭ মে ২০২৬ তাৰিখে দৈনিক গণঅধিকাৰ কাকতত প্ৰকাশিত সুলেখক, অভিনেতা-নাট্যকাৰ, ক্রীড়াবিদ-খেলুৱৈ, ধৰ্ম নিৰপেক্ষতাবাদী, বিপ্লৱী নক্সাল, চিকিৎসক মছউদুল হক শীৰ্ষক ড° দেৱব্ৰত শৰ্মাৰ লেখাটোত ৰহমত নবাবৰ বিষয়ে জানিব পাৰিলোঁ। ৰহমত খাৰঘৰিয়া বৰুৱা আছিল, খাৰঘৰিয়া বৰুৱা আহোম ৰাজ্যৰ বিষয়া যি গোলা-বাৰুদৰ অস্ত্ৰভাণ্ডাৰৰ দায়িত্বত থাকে। ৰহমত নবাব আহোম মুছলমান আছিল, আৰু মাণৰ অসম আক্ৰমণৰ সময়ত তেওঁ খাৰঘৰিয়া বৰুৱা আছিল। ৰহমত নবাবে লাওনী গোহাঁই নামৰ আহোম ছোৱালী এজনীক বিয়া কৰিছিল। তৃতীয় মাণৰ অসম আক্ৰমণৰ সময়ত ৰহমত নবাবে সাহসেৰে মাণৰ লগত যুঁজিছিল। কিন্তু শেষত, নামৰূপত আহোম বাহিনী আৰু বাৰ্মিজৰ মাজত হোৱা যুদ্ধত শ্বহীদ হ’ল ৰহমত খাৰঘৰিয়া বৰুৱা। মৃত্যুৰ সময়ত তেওঁৰ বয়স পঁচিশ বছৰ বুলি অনুমান কৰা হৈছে। একেটা প্ৰবন্ধত তিলেশ্বৰ বৰবৰাৰ বিষয়ে জানিব পাৰিলোঁ। ড. শৰ্মাই মছুদুল হকৰ পুত্ৰৰ বিবৰণ এটা বৰ্ণিত কৰিছে, যাৰ পৰা আমি জানিব পাৰোঁ যে প্ৰায় ১৭-১৮ শতিকাত তিলেশ্বৰ বৰবৰা মুছলমান হৈ পৰিছিল। তেওঁ যোৰহাটত বসতি স্থাপন কৰিছিল। তেওঁৰ নামেৰেই আমি জানিব পাৰোঁ যে তিলেশ্বৰ আহোম প্ৰশাসনত বৰবৰা হিচাপে নিযুক্তি দিয়া হৈছিল। তিলেশ্বৰ বৰবৰা এজন আহোম আছিল, আৰু তেওঁৰ বংশধৰ আছিল মছুদুল হকৰ মাতৃ।

আজিৰ লেখাটোত আমি আহোম ৰাজ্যৰ এঘাৰজন প্ৰশাসনিক বিষয়াৰ বিষয়ে আলোচনা কৰিছো। কিন্তু এইখন সম্পূৰ্ণ তালিকা নাছিল। আৰু অধিক বিষয়া আছে, যাৰ বিষয়ে আমি আগন্তুক লেখাবোৰত জানিম। এই প্ৰবন্ধটো আজি সামৰণি কৰিলু, কিন্তু সকলোকে সোঁৱৰাই দিব বিচাৰিছো যে অসমীয়া মুছলমানৰ ইতিহাস কেৱল বাঘ হাজৰিকা আৰু আজান ফকিৰৰ মাজতে সীমাবদ্ধ নহয়। পৰৱৰ্তী লেখাত লগ পাম।