অচিনাকি ঠিকনা – বনজিত দাস 

Pc Vecteezy

অচিনাকি ঠিকনা

বনজিত দাস 
ৰিহাবাৰী , বজালী 

নিৰ্বিকাৰ ভাৱে ক’ব পাৰো
মইতো “মই” নহয়
সময়ৰ দাপোনত সলনি হোৱা
এটা নিঃশব্দ অৱয়ব মাথো ।

সিহঁতে বিচাৰি পোৱা নাছিল মোৰ “মই” টোক
ভিতৰি ভিতৰি চলিছিল তুমুল সংঘৰ্ষ
প্ৰতিটো উশাহত ভাঙিছিল
যন্ত্ৰণাৰ দুৰ্গ ।

নিৰ্বিকাৰচিত্তে ক’ব পাৰো
মইতো মই নহয়
এটি হেৰুৱা ঠিকনা
অনন্ত অনুসন্ধান
নিজক বিচাৰি ফুৰা
নিৰ্ভিক ক্লান্ত যাত্ৰাৰ পথিক ।

এটা সত্বাই আনটোক সুধি ফুৰে
অস্তিত্বৰ গোপন অৰ্থ
নিৰৱ ৰাতিৰ গভীৰতাত
প্ৰতিধ্বনিত হয় অসংখ্য প্ৰশ্ন
মই কোন ?
পোহৰৰ মুখামুখি থিয় দিয়া সত্য
নে ছাঁৰ বুকুত লুকাই থকা
এক অচিনাকি পৰিচয়
মাথোন অদৃশ্যতাৰ আৰত জ্বলে
একুৰা জুই
এটা সত্বাই বিচাৰে মুক্ত আকাশ
আনটো বন্দী থাকে ভয়ৰ শিকলিত
দাপোনে নেদেখা সেই যুদ্ধত
ক্ষত বিক্ষত জৰ্জৰিত
বুকুৰ গভীৰতাত মাথো শুনা যায়
আত্মাৰ অব্যক্ত আৰ্তনাদ
আৰ্তনাদ !!