শ্যামকানু মহন্তৰ জামিনক লৈ উচ্চতম ন্যায়ালয়ত আজি শুনানি

শ্যামকানু মহন্তৰ জামিনক লৈ উচ্চতম ন্যায়ালয়ত আজি শুনানি

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গ হত্যাৰ গোচৰত অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ফাষ্টট্রেক আদালতত জামিন বিচাৰি নিৰাশ হোৱাৰ পিছত শ্যামকানু মহন্তৰ অধিবক্তাই জামিনৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। ইতিমধ্যে মঙলবাৰে উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। অৰ্থাৎ ৰাজ্যৰ বহুচৰ্চিত জুবিন গাৰ্গ হত্যা গোচৰত আজি শ্যামকানু মহন্তৰ জামিনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি সম্পন্ন হ’ব। উল্লেখ্য যে জুবিন গাৰ্গ হত্যা গোচৰত জামিন বিচাৰি ফাষ্টট্রেক ক’ৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখথেকেচা খাইছিল শ্যামকানু মহন্তই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে যোৱা ২৯ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পূৰ্বে ফাষ্টট্রেক আদালতৰ ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতেও তেওঁৰ জামিন নামাঞ্জুৰ কৰিছিল।