পলাশবাৰীত স্কুটীত গছ পৰি পিতা-পুত্ৰৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চানডুবিৰ সমীপৰ গুটিপথাৰত শোকাৱহ ঘটনা। সোমবাৰে সন্ধিয়া এডাল মৰা শালগছ বাগৰি পৰাত কৰুণ মৃত্যুক সাবটি লয় পিতা-পুত্ৰই। স্কুটীৰে আহি থকা অৱস্থাতে পিতা-পুত্ৰৰ ওপৰত বাগৰি পৰে গছজোপা। সোমবাৰে সন্ধিয়া প্রায় ৭ বজাত মির্জ-চানডুবি পথৰ পূব ৰাজাপাৰাত সংঘটিত এইক মর্মান্তিক পথ দুর্ঘটনাত নিহত হোৱা দুয়োজনক কার্তিক ৰাভা আৰু তেওঁৰ পুত্ৰ ভৃগু ৰাভা বুলি চিনাক্ত কৰা হৈছে। প্রাপ্ত তথ্য মতে, দুই পিতা-পুত্ৰৰ ঘৰ বৰদুৱাৰ বাগান অঞ্চলৰ অন্তৰ্গত শালসেৰ গাঁৱত। তেওঁলোকে সন্ধিয়াৰ ভাগত AS 25AB 1370 নম্বৰৰ এখন স্কুটীখনেৰে চানডুবিৰ মুদুকী-ৰাজাপাৰা পথেৰে আহি আছিল। সেই সময়তে পথৰ কাষত থকা এডাল মৰা শালগছ তেওঁলোকৰ মূৰৰ ওপৰত বাগৰি পৰে। ফলত দুই পিতা-পুত্ৰই থিতাতে মৃত্যুক আঁকোৱালি লয়। এই খবৰ বিয়পি পৰাৰ পাছত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী, বন বিভাগৰ লোক, স্থানীয় লোক, গাঁও প্ৰধান উৎপল ৰাভা উপস্থিত হয়। পাছত দুই পিতা-পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পলাশবাৰী আৰক্ষীয়ে থানালৈ লৈ আহে। অঞ্চলটোৰ লোকে এই দুৰ্ভগীয়া পৰিয়ালটোৰ লোকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
