গুৱাহাটীৰ পৰা ডুবাই-আবু ধাবিলৈ পোনপটীয়াকৈ চলিব বিমান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমক বিশ্বৰ সৈতে সংযোগৰ নতুন দিগন্ত! অসমক বিশ্বৰ সৈতে সংযোগৰ নতুন দিগন্তৰ সূচনাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ইউৰোপীয় ইউনিয়নৰ ভ্ৰমণ নিষেধাজ্ঞা প্রত্যাহাৰৰ পাছতে এই ভাল খবৰটো দিলে মুখ্যমন্ত্রীয়ে। মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজিক মাধ্যমত এক পোষ্টৰ জৰিয়তে জনালে যে এতিয়াৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব এয়াৰ ইণ্ডিয়াই। সামাজিক মাধ্যমত ড০ শৰ্মাই কৰা পোষ্ট অনুসৰি, ইউৰোপীয় সংঘ (EU)-ৰ সদস্য ৰাষ্ট্ৰসমূহে অসমৰ ওপৰত আৰোপ কৰা ভ্ৰমণ পৰামৰ্শ প্রত্যাহাৰ কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতেই অহা ৪ আগষ্টৰ পৰা এয়াৰ ইণ্ডিয়াই গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবীলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই নন- ষ্টপ বিমান সেৱাৰ জৰিয়তে গুৱাহাটী বিমানবন্দৰ এতিয়া সংযুক্ত হ’ব সংযুক্ত আৰব আমিৰাত, থাইলেণ্ড, ছিংগাপুৰ আৰু ভুটানকে ধৰি চাৰিখন দেশৰ সৈতে। তেওঁ আৰু কয় যে পৰৱৰ্তী সময়ত ভিয়েটনামলৈও পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ চিন্তা-চৰ্চা চলি আছে। দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূৰ্ণ ভ্রমণ আৰু ট্রানজিট কেন্দ্র হিচাপে গুৱাহাটীক প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত এয়া এক বৃহৎ উৎসাহজনক পদক্ষেপ হিচাপে বিবেচিত হৈছে।
