উষ্টি নাড লাবেম গ্রাঁ পি বক্সিঙত ৮টা সোণসহ ১২টা পদক অর্জন ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উষ্টি নাড লাবেম গ্রাঁ পি বক্সিঙত বিশ্বৰ আগশাৰীৰ খেলুৱৈক ধৰাশায়ী কৰি ভাৰতীয় তাৰকাসকলে চলিত ছিজনৰ আটাইতকৈ দর্শনীয় সফলতাৰে ৮টা সোণ, ৩টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়। এই স্বর্ণিল অভিযানত ভাৰতৰ মহিলা তাৰকাসকলৰ প্রদর্শন আছিল লক্ষণীয়। কেৱল ৫গৰাকী খেলুৱৈৰে ৰিঙত নমা ভাৰতীয় মহিলা দলটোৱে ৪টা সোণ আৰু এটা ৰূপৰ পদকেৰে অভূতপূর্ব কীর্তি স্থাপন কৰে। অসম গৌৰৱ তথা অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাই (৭৫ কেজি) আৰু এছিয়ান চেম্পিয়ন প্রীতি পাৱাৰ (৫৪ কেজি)ৰ আক্ৰমণাত্মক পান্সত তবধ মানিলে ইউৰোপীয় শক্তিয়ে। লাভলীনাই ইটালীৰ মেলিছা জেমিনীক আৰু প্ৰীতিয়ে ফ্ৰান্সৰ জেইছা মার্শ্বেলক ৫-০ৰ ব্যৱধানত ধৰাশায়ী কৰি সোণৰ পদক অর্জন কৰে। আনহাতে, সাক্ষী (৫১ কেজি) আৰু প্রিয়াই (৬০ কেজি)। সাক্ষী আৰু প্রিয়াই ফাইনেলত অনবদ্য প্রদর্শনেৰে স্বর্ণ অৰ্জন কৰাৰ বিপৰীতে পাৰবিন (৬৫ কেজি)-এ ৰূপৰ পদক লাভ কৰে। মহিলাৰ সমান্তৰালভাৱে পুৰুষ দলেও ৪টা সোণৰ পদক লাভ কৰে। স্বর্ণ পদক অর্জন কৰা পুৰুষ বক্সাৰসকল হৈছে যদুমণি সিং মাণ্ডেবাম, শচীন, অংকুশ আৰু নৰেন্দ্ৰ উল্লেখযোগ্য। আদিত্যৰ পাছত যাদৱ আৰু কপিল পোখৰীয়াই ৰূপ, সুমিত কুণ্ডুৱে ব্ৰঞ্জৰ পদক লাভ কৰে।
