নিউজিলেণ্ডক পৰাস্ত কৰি নেচন কাপৰ খিতাপ দখল ভাৰতীয় মহিলা হকী দলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নিউজিলেণ্ডৰ অকলেণ্ডত অনুষ্ঠিত ‘এফআইএইচ হকী উইমেনছ নেচনছ কাপ’ৰ ফাইনেলত আয়োজক নিউজিলেণ্ডক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা হকী দলে। এই ঐতিহাসিক জয়েৰে ভাৰতে কেৱল স্বর্ণিল ট্রফী আঁজুৰি অনাই নহয়, বৰঞ্চ বিশ্ব হকীৰ আটাইতকৈ মর্যাদাপূর্ণ প্র’-লীগলৈকো ৰাজকীয় প্রত্যাৱৰ্তন নিশ্চিত কৰিলে। উল্লেখ্য যে, এই লৈ ভাৰতে দ্বিতীয়বাৰৰ বাবে নেচনছ কাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ২০২২ চনত অনুষ্ঠিত প্ৰথম সংস্কৰণতো ভাৰতে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল। ইপিনে খেলখনৰ আৰম্ভণিৰে পৰাই ভাৰতীয় দলটোৱে আয়োজক দেশখনৰ বিৰুদ্ধে আক্ৰমণাত্মক খেলৰ সূচনা কৰে। খেলৰ চতুৰ্থ মিনিটতে এক পেনাল্টী কৰ্ণাৰ লাভ কৰি অভিজ্ঞ ষ্ট্ৰাইকাৰ নৱনীত কৌৰে এটা আকৰ্ষণীয় গ’লেৰে ভাৰতক ১-০ ব্যৱধানত আগুৱাই লৈ যায়। ইয়াৰ পাছত প্ৰথম কোৱাৰ্টাৰৰ শেষৰ মুহূৰ্তত অৰ্থাৎ ১৫ সংখ্যক মিনিটত ভাৰতে পুনৰ আন এটা পেনাল্টী কৰ্ণাৰ লাভ কৰে আৰু সুনীতা টপ্পোৱে এটা সুন্দৰ ডিফ্লেকচনেৰে দ্বিতীয়টো গ’ল দি দলৰ ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে। ভাৰতীয় দলটোৰ এই খিতাপ জয়ৰ পিছত প্রধানমন্ত্রীয়ে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে।
