অসম ক্ৰিকেটৰ নতুন যুগৰ সূচনাৰে ‘অসম প্রিমিয়াৰ লীগ’ৰ শুভাৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত পহিলা আগষ্টৰ পৰা আৰম্ভ হ’ব অসম প্ৰিমিয়াৰ লীগ ৷ বৰ্ষাপাৰা ষ্টেডিয়ামত আঠটা দলৰ মাজত ৩৩ খন খেল অনুষ্ঠিত হ’ব ৷ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত এই লীগ হ’ল ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসৰ এক যুগান্তকাৰী আৰু সৰ্ববৃহৎ ফ্ৰেঞ্চাইজিভিত্তিক টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ৷ নতুন ক্রীড়া বিপ্লৱৰ সূচনা কৰি গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামৰ ৯১ য়ার্ডছ ক্লাব অ’ডিটৰিয়ামত আয়োজন কৰা অনুষ্ঠানত চৰকাৰীভাৱে মুকলি কৰা হয় ৰাজ্যৰ ঘৰুৱা ক্ৰিকেটৰ সৰ্ববৃহৎ প্রতিযোগিতা ‘অসম প্রিমিয়াৰ লীগ’। এই ঐতিহাসিক ক্ষণত মুখ্য অতিথি হিচাপে উপস্থিত থাকি লীগৰ চৰকাৰী ল’গ’, আকর্ষণীয় টুফী আৰু প্রতিযোগিতাত অংশ ল’বলগীয়া আঠোটা ফ্রেঞ্চাইজী দলৰ নাম আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ অবৈতনিক সম্পাদক দেৱজিত শইকীয়া। তদুপৰি, অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, সম্পাদক সনাতন দাস, এপিএলৰ অধ্যক্ষ ৰাজদীপ ওজা আৰু ফ্রেঞ্চাইজীৰ স্বত্বাধিকাৰীসকল অনুষ্ঠানত উপস্থিত থাকে। উদ্বোধনী ভাষণত মুখ্যমন্ত্রীয়ে কয়, “অসম ক্ৰিকেট সন্থাৰ এই পদক্ষেপৰ জৰিয়তে আমাৰ খেলুৱৈসকলে ঘৰুৱা তথা ভাৰতীয় ক্ৰিকেট টীমত অন্তৰ্ভুক্ত হোৱাৰ স্বপ্নপূৰণ কৰিব পাৰে ৷ ক্ৰিকেটাৰ হোৱাৰ সপোন পুহি ৰখাসকলে চেষ্টা অব্যাহত ৰাখক, সদায় অনুশীলন কৰক হয়তো এদিন এই লীগৰ জৰিয়তে ভাৰতীয় ক্ৰিকেটক অসমে নতুনকৈ সমৃদ্ধ কৰিব ৷” মুখ্যমন্ত্রীয়ে কয়, “অসম প্ৰিমিয়াৰ লীগ অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ৷ আমি সকলোৱে আইপিএল দেখিছিলো আৰু আইপিএলৰ সফলতাও আজি আমি দেখিছো ৷ অসমৰ উদীয়মান খেলুৱৈসকলে অসম প্ৰিমিয়াৰ লীগৰ যোগেদি নিজৰ ক্ৰীড়া প্ৰতিভা বৃহৎ মঞ্চৰ যোগেদি আগুৱাই নিয়াৰ সুবিধা পাব ৷ এই খেলখনৰ সুবিধা লৈ আমি নিশ্চিত যে বহু প্ৰতিভা চিনাক্ত কৰিবলৈ সক্ষম হ’ম ৷ লাহে লাহে তেওঁলোকক ভাৰতীয় দল তথা আইপিএললৈ আমি প্ৰম’ট কৰিব পাৰিম ৷ তেওঁ লগতে কয়, “এটা কথা দেৱজিৎ লন শইকীয়াই উল্লেখ কৰিছে যে এলপিএল আৰম্ভণিতে লাভজনক নহ’ব ৷ আইপিএল চলি থকা সময়ত উদ্যোক্তা কোম্পানী তথা পৃষ্ঠপোষক প্ৰতিষ্ঠানসমূহৰ লক্ষ্য আইপিএলত থাকিব ৷ আমি অসম প্ৰিমিয়াৰ লীগৰ পৰা এজন বা দুজন খেলুৱৈ আইপিএললৈ উলিয়াব পাৰিলে অসম প্ৰিমিয়াৰ লীগৰ ধাৰণাটো সলনি হৈ যাব ৷ তেতিয়া আমি গুৰুত্ব লাভ কৰিম আৰু সকলোৰে দৃষ্টি আকৰ্ষণ হ’ব ৷ এইটো এটা নতুন আৰম্ভণি আৰু নতুন অভিজ্ঞতা ৷ এই যাত্রাটো কেনেকুৱা হ’ব কোনেও নাজানে ৷ সকলোৱে মিলি এই যাত্রাটো আগুৱাই নিয়াৰ আমি সিদ্ধান্ত লৈছো ৷” আদৰণী ভাষণত ৰাজদীপ ওজাই কয় যে এপিএলে ৰাজ্যৰ উদীয়মান ক্রিকেটাৰসকলৰ বাবে এখন পেচাদাৰী আৰু দীর্ঘম্যাদী মঞ্চ প্রদান কৰিব। ক্রিকেটপ্রেমীসকলৰ বাবে আটাইতকৈ সুখবৰটো হৈছে যে লীগৰ মেচসমূহ ‘ষ্টাৰ স্প’র্টছ’ চেনেলত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব আৰু ‘জিঅ’হটষ্টাৰ’ এপযোগে সমগ্র দেশতে লাইভ ষ্ট্ৰীমিং কৰা হ’ব। প্রথম সংস্কৰণত অংশ ল’বলগীয়া আঠোটা দল হৈছে যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, বৰাক লিজেণ্ডছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্রেভছ, গুৱাহাটী ৰয়েলছ আৰু চৰাইদেউ ছানৰাইজছ।
