আজিৰ পৰা অম্বুবাচী মহাযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- ভক্ত-দর্শনার্থীৰ সমাগমেৰে আজিৰে পৰা আৰম্ভ হ’ব অম্বুবাচী মহাযোগ। আজি নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে বন্ধ হৈ পৰিব কামাখ্যাধামৰ মূল দুৱাৰ। লগে লগে আৰম্ভ হ’ব অম্বুবাচী মহাযোগৰ। পৰম্পৰা অনুসৰি ২৩, ২৪, ২৫ জুনত তিনি দিনলৈ মন্দিৰ বন্ধ থাকিব । ২৬ জুনৰ পুৱা নিবৃত্তিৰ পিছতে নিত্য পূজা পাঠ সম্পূৰ্ণ হোৱাৰ পিছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ’ব। প্ৰচলিত কিংবদন্তি অনুসৰি প্ৰত্যেকবাৰেই আহাৰ মাহৰ এই পৱিত্ৰ সময়ছোৱাত দেৱী কামাখ্যা ৰজঃস্বলা হয়।হিন্দু সনাতন সংস্কৃতিত দেৱী কামাখ্যাৰ এই সময়ছোৱাৰ যথেষ্ট তাৎপর্য আছে। একেদৰে অসমীয়া সমাজত নাৰীৰ গুৰুত্বকো দেৱী কামাখ্যাৰ এই উৎসৱৰ জৰিয়তে প্রতিনিধিত্ব কৰা হয়। সনাতনী সংস্কৃতি মতে, দেৱী কামাখ্যাৰ অম্বুবাচীৰ এই সময়ছোৱা তান্ত্রিক বিদ্যা আহৰণৰ এক অন্যতম সময়। সেইবাবে অতীজৰে পৰা বহুসংখ্যক সাধু-সন্যাসীয়ে অম্বুবাচীৰ সময়ছোৱাত তান্ত্রিক শক্তি আহৰণৰ অৰ্থে উপাসনা কৰিবলৈ দেৱী কামাখ্যাৰ চৰণত আশ্রয় লয়। দিন যোৱাৰ লগে লগে কামাখ্যাধামত আয়োজিত অম্বুবাচী মহাযোগৰ তাৎপর্যও বৃদ্ধি পাইছে। দেশৰ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম হৈছে নীলাচল পাহাৰৰ কামাখ্যাধাম। সেয়েহে অম্বুবাচীৰ সময়ছোৱাত দেৱীৰ আশিস ল’বলৈ সাধু-সন্যাসীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নীলাচল পাহাৰত আহি উপস্থিত হৈছে অগণন ভক্ত-দর্শনার্থী। চলিত বর্ষত ভক্ত-দৰ্শনাৰ্থীৰ পৰিসংখ্যাই ১০ লক্ষাধিকৰ ঘৰ অতিক্ৰম কৰিব বুলি আশা প্রকাশ কৰিছে দেৱালয় পৰিচালনা সমিতি তথা চৰকাৰে। অম্বুবাচী উপলক্ষে দেৱীৰ আশিস লাভ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত-দর্শনার্থীয়ে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ তথা প্রশাসনে দেৱালয় পৰিচালনা সমিতিৰ সহযোগত ভক্তপ্ৰাণ ৰাইজৰ বাবে আয়োজন কৰিছে বিশেষ ব্যৱস্থা। ভক্ত-দর্শনার্থীৰ বাবে মহানগৰীৰ কেইবাঠাইত আশ্রয় শিবিৰ নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে খাদ্যৰ অভাৱত যাতে কোনো লোকে অনাহাৰে থাকিবলগীয়া নহয়, তাৰ প্ৰতিও চৰকাৰে নজৰ ৰাখি বিভিন্ন ঠাইত বহু ভাণ্ডাৰাৰ আয়োজন কৰিছে। পৰ্যটন বিভাগৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্য কাৰিকৰী, লোকনির্মাণ, আৰক্ষী-প্রশাসন আদিকে ধৰি সকলো বিভাগ তৎপৰ হৈ পৰিছে অম্বুবাচীলৈ অহা ৰাইজৰ আতিথ্যৰ বাবে। ইতিমধ্যে দেৱালয় পৰিচালনা সমিতিয়ে অম্বুবাচী মহাযোগ সুচাৰুৰূপে চলাই নিবলৈ নিজাববীয়াকৈ ১২০ গৰাকী স্থায়ী সুৰক্ষা কৰ্মী, ৫০০ স্কাউট এণ্ড গাইড, ২০০ স্বেচ্ছাসেৱকৰ লগতে অস্থায়ীভাৱে নিয়োগ কৰিছে ২৫০জন সুৰক্ষা কৰ্মী। ভক্তপ্ৰাণ ৰাইজৰ যাত্ৰাত যাতে কোনোধৰণৰ হানি-বিঘিনি নহয়, তাৰ বাবে দেৱালয়ৰ চৌপাশে স্থাপন কৰা হৈছে ৫ শতাধিক চিচি টিভি কেমেৰা। এইখিনি আয়োজন দেৱালয় পৰিচালনা সমিতিৰ যদিও চৰকাৰ তথা প্রশাসনেও নিজাববীয়াকৈ সকলোধৰণৰ প্রস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। অম্বুবাচীৰ কেইদিনত যান-বাহনৰ চলাচল নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ আজিৰ পৰা ২৬ জুন পর্যন্ত নামনি কামাখ্যাৰ পৰা দেৱালয় চৌহদলৈকে যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। জৰুৰীকালীন সেৱাৰ বাহনৰ লগতে প্ৰশাসনৰ অনুমোদিত একাংশ বাহনৰ বাদে আন বাহনৰ নিয়মীয়া চলাচল এইকেইদিন বন্ধ থাকিব। তদুপৰি ভক্তক কঢ়িয়াই অনা বাহন তথা আন ব্যক্তিগত বাহনসমূহো নীলাচল উৰণ সেতুৰ পৰা দূৰৈত ৰাখিবলৈ যান-বাহন আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই ৰাইজক আহ্বান জনোৱাৰ লগতে সংশ্লিষ্ট বিভাগকো নির্দেশনা দিছে। সকলো দর্শনার্থীয়ে পদব্রজেই নামনি কামাখ্যাৰ পৰা মূল দেৱালয়লৈকে যাব লাগিব। অহা ২৬ জুনৰ পুৱা নিবৃত্তি হ’ব আৰু ইয়াৰ লগে লগে সামৰণি পৰিব অম্বুবাচী মহাযোগৰ। নিবৃত্তিৰ পাছতে নিত্য পূজাৰ অন্তত দেৱালয়ৰ দ্বাৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব।
