আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত কলকাতাত যোগাভ্যাস প্রধানমন্ত্রী মোদীৰ

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত কলকাতাত যোগাভ্যাস প্রধানমন্ত্রী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কলকাতাৰ ৰেড ৰোডত উদযাপিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত উপস্থিত থাকে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্রধানমন্ত্ৰীৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও এই কার্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত প্রধানমন্ত্রীয়ে নিজে যোগৰ অনুশীলন কৰে। পিছত তেওঁ একেলগে যোগাভ্যাস কৰা লোকসকলৰ অনুশীলন লক্ষ্য কৰে আৰু কাৰোবাৰ কিবা ভুল দেখিলে তাকো তেওঁ শুধৰাই দিয়ে।  প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যপাল আৰ এন ৰবি আৰু ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলেও যোগাভ্যাসত ভাগ লয়। যোগাভ্যাস অনুশীলন আৰম্ভ হোৱাৰ পূৰ্বে মুখ্যমন্ত্রী আৰু প্রধানমন্ত্রীয়ে উপস্থিত জনসাধাৰণৰ সন্মুখত ভাষণ দিয়ে। যোগৰ উপকাৰিতা, বার্ধক্যত যোগ-ব্যায়ামৰ প্ৰয়োজনীয়তা আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ এই প্ৰাচীন ঐতিহ্যৰ ব্যাপ্তি বর্ণনা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, ‘এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হ’ল ‘য়োগা ফৰ হেল্ডী এজিং’ অর্থাৎ বার্ধক্যক সুন্দৰ, স্বাস্থ্যৱান কৰি তুলিব পাৰে যোগে। ৪০ বছৰ বয়সতো যোগাভ্যাস কৰিলে ২০ বছৰীয়া যুৱকৰ সতেজতা আনি দিব পাৰে।’ বিশ্ব দৰবাৰত যোগৰ প্ৰচাৰৰ বাবে স্বামী বিবেকানন্দ, ঋষি অৰবিন্দৰ ভূমিকাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, ‘ৰবীন্দ্ৰনাথ ঠাকুৰে ধাৰণা কৰিছিল যে মানুহৰ পৰিচয় ওচৰ-পাঁজৰৰ মানুহৰ সৈতে সম্পর্কিত হৈ থকাটো।

এই সম্পর্কিত হৈ থকাৰ কথাকেই যোগ বুলি কোৱা হয়। মহর্ষি অৰবিন্দই কৈছিল যে আমাৰ সম্পূৰ্ণ জীৱনটোৱেই যোগ। সেইবাবে কওঁ যে যোগ কেৱল শাৰীৰিক আসন নহয়।’ তেওঁ আৰু কয়, ‘যোগ কোনো এটা আয়ুস বর্ষতে সীমাবদ্ধও নহয়। যোগ মানৱ জীৱনৰ চেতনাৰ প্ৰকাশ।’ যোগ-ব্যায়ামক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে প্রধানমন্ত্রী মোদীক ধন্যবাদ জনায় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। তেওঁ কয় যে ১২ বছৰ পূৰ্বৰে পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ হ’লেও পশ্চিমবংগত ইয়াৰ পূৰ্বে চৰকাৰী উদ্যোগত ক’তো যোগ দিৱস পালন কৰা হোৱা নাছিল। বিজেপি ক্ষমতালৈ অহাৰ পিছত এইবাৰেই এই দিৱস প্ৰথমবাৰৰ বাবে উদযাপন কৰাটো সেইবাবে গুৰুত্বপূৰ্ণ। ৰেড ৰোডৰ অনুষ্ঠান সন্দর্ভত সামাজিক মাধ্যমত প্রধানমন্ত্রী মোদীয়ে লিখে- ‘কলকাতাৰ ৰেড ৰোডত দেওবাৰে যোগ দিৱসৰ এটা অভূতপূর্ব অনুষ্ঠান অনুষ্ঠিত হয়। সমাজৰ সকলো স্তৰৰ মানুহে তাত যোগদান কৰে। প্ৰত্যেকৰে জীৱনত যোগৰ গুৰুত্ব সম্পর্কে এটা বিশেষ বার্তা দিয়ে। এইবাৰৰ বিষয়বস্তু আছিল- ‘স্বাস্থ্যকৰ বাৰ্ধক্যৰ বাবে যোগ’।’ বার্ধক্যতো সুস্থ-সবল হৈ থাকিবলৈ যোগৰ প্ৰয়োজন। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেওবাৰে সমগ্ৰ দেশতে আনুষ্ঠানিকভাৱে যোগ অনুশীলন হয়।