মাত্ৰ ১১ টা বলত অর্ধশতক বৈভৱৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব ক্রিকেটত নতুন ইতিহাস ৰচনা কৰিলে ভাৰতৰ ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূর্যবংশীয়ে। ভাৰতীয় এ দলৰ হৈ শ্ৰীলংকাত অনুষ্ঠিত এদিনীয়া ত্ৰি দেশীয় শৃংখলাত অংশলোৱা ১৫ বছৰীয়া বৈভৱে মাত্ৰ ১১ টা বলতে ৫০ ৰাণ সম্পূৰ্ণ কৰে। এয়া হ’ল দ্ৰুততম এদিনীয়াৰ ৫০ ৰাণ সংগ্ৰহৰ বিশ্ব অভিলেখ ।ইয়াৰ লগে লগে ‘লিষ্ট এ’ ক্রিকেটৰ ইতিহাসত আটাইতকৈ কম বলত দ্রুততম অর্ধশতক কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় বৈভৱে। এই ইনিংছটোৰ জৰিয়তে তেওঁ শ্রীলংকাৰ কৌশল্যা বিৰাৰত্নে (১২টা বল) আৰু ভাৰতৰশ্বৰফৰাজ খানৰ (১৫টা বল) পুৰণি অভিলেখ ভংগ কৰে। ভাৰতীয় এ দলৰ হৈ খেলা সূৰ্যবংশীয়ে শ্ৰীলংকা এ ৰ বিৰুদ্ধে দেওবাৰে ফাইনেল খেলিছিল। প্ৰথমে ভাৰতে বেটিং কৰাৰ সুযোগ লাভ কৰাত সূৰ্যবংশীয়ে মাত্ৰ ১১ টা বলতে ৫০ ৰাণ সম্পূৰ্ণ কৰে। ৫ টা ৪ আৰু ৫টা ৬ মাৰি অৰ্ধশতক সম্পূৰ্ণ কৰে বৈভৱে। এটা বল তেওঁ ডট বল খেলে। খেলপথাৰত৩২৪ ষ্ট্ৰাইক ৰেটেৰে ২৯ টা বলত ৯৪ ৰাণ কৰি আউট হয় ক্ৰিকেটৰ বিস্ময় বালকগৰাকী।
