পৰকীয়াৰ পোষ্টমৰ্টেম – প্ৰেম বৈষ্ণৱ

Pc Tupaki English

পৰকীয়াৰ পোষ্টমৰ্টেম

 প্ৰেম বৈষ্ণৱ, বিহলী, বিশ্বনাথ

মানৱ সভ্যতাৰ ইতিহাসত পৰিয়াল হৈছে সমাজৰ আটাইতকৈ পৱিত্ৰ আৰু সুৰক্ষিত একক। এই পৱিত্ৰতাৰ মূল চালিকা শক্তি হৈছে স্বামী-স্ত্ৰীৰ মাজৰ বিশ্বাস, আনুগত্য আৰু পাৰস্পৰিক ত্যাগ। কিন্তু বৰ্তমানৰ যান্ত্ৰিক, দ্ৰুত পৰিৱৰ্তনশীল আৰু প্ৰতিযোগিতামূলক জীৱনশৈলীৰ মাজত এই পৱিত্ৰ বান্ধোনত যেন চিৰ ধৰিছে। ‘পৰকীয়া প্ৰেম’ বা অনৈতিক সম্পৰ্ক আজি আমাৰ সমাজৰ এক জটিল আৰু গুৰুতৰ ব্যাধি হৈ পৰিছে। কোনো এক নিৰ্দিষ্ট সামাজিক শ্ৰেণীত নহয়, আজিৰ প্ৰায়বোৰ সামাজিক স্তৰতে এই ব্যাধিয়ে শিপা মেলিছে। এজন ঘনিষ্ঠ বন্ধুৰ ব্যক্তিগত জীৱনৰ অকল্পনীয় স্তব্ধতাৰ দস্তাবেজে মোক এই প্ৰবন্ধটো লিখিবলৈ প্ৰেৰণা দিলে। এই প্ৰবন্ধৰ জৰিয়তে আমি এই সমস্যাটোৰ গভীৰতা, ইয়াৰ কাৰণ আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিশদ আলোচনা কৰিম।

পৰকীয়া প্ৰেমৰ মনস্তাত্ত্বিক আধাৰ: – মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে, পৰকীয়া প্ৰেম কেৱল শাৰীৰিক আকৰ্ষণ নহয়, ইয়াৰ আঁৰত থাকে গভীৰ মানসিক অতৃপ্তি। ব্যক্তিবিশেষে নিজৰ জীৱনসংগীৰ প্ৰতি থকা মোহ কমি অহাৰ পাছত সেই শূন্যতা পূৰণ কৰিবলৈ আনৰ ফালে ঢাল খায়। এই ধৰণৰ সম্পৰ্কত লিপ্ত থকা ব্যক্তিজনে প্ৰকৃততে নিজৰ জীৱনৰ অপূৰ্ণতাৰ প্ৰতিফলন দেখে আন এজনৰ মাজত। ইয়াক মনস্তত্ত্বৰ ভাষাত ‘ইম’ছনেল ইম’ৰ্চন’ বুলিও ক’ব পাৰি। তেওঁলোকে নিজৰ পৰিয়ালৰ সমস্যাসমূহৰ সন্মুখীন হোৱাৰ সলনি আন এক কাল্পনিক জগতত সুখ বিচাৰি ফুৰে, যিটো আচলতে এক মৰুদ্যানৰ দৰেই ভ্ৰমাত্মক।

আধুনিকতাৰ নামত নৈতিক স্খলনৰ প্ৰবঞ্চনা: – আজিৰ প্ৰজন্মৰ একাংশই পৰকীয়া সম্পৰ্কক ‘ব্যক্তিগত স্বাধীনতা’ বা ‘আধুনিকতা’ৰ নাম দি ঢাকি ৰাখিবলৈ বিচাৰে। কিন্তু প্ৰশ্ন হয়, স্বাধীনতাৰ অৰ্থ কি আন এজনৰ হৃদয় ভঙা? বিবাহৰ পৱিত্ৰতা কেৱল এখন আইনী চুক্তি নহয়, ই হ’ল এটা আত্মিক প্ৰতিশ্ৰুতি। যেতিয়া এই প্ৰতিশ্ৰুতি ভঙ্গ হয়, তেতিয়া সমাজৰ ভেটি দুৰ্বল হয়। আজিৰ ডিজিটেল যুগত সামাজিক মাধ্যমৰ প্ৰভাৱত প্ৰতাৰণাৰ পথ অতি সুগম হৈ পৰিছে। ইণ্টাৰনেটৰ জৰিয়তে যিকোনো মানুহৰ সৈতে সংযোগ হোৱাটো অতি সহজ হৈ পৰিছে, যাৰ ফলত অনৈতিক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা দহগুণ বৃদ্ধি পাইছে।

পাৰিবাৰিক অৱক্ষয়ৰ সামগ্ৰিক চিত্ৰ: – পৰকীয়া সম্পৰ্কৰ ফলত সৃষ্টি হোৱা আৱেগিক দহনৰ বলি হয় স্বয়ং ভুক্তভোগী সংগীজন। এগৰাকী পত্নী বা স্বামীয়ে যেতিয়া গম পায় যে তেওঁৰ জীৱনৰ আটাইতকৈ বিশ্বাসী ব্যক্তিজনে তেওঁক প্ৰতাৰণা কৰিছে, তেতিয়া তেওঁৰ জগতখনত এক ধৰণৰ ভূমিস্খলন হয়। তেওঁলোকৰ আত্মসন্মানত এনে এক গভীৰ আঘাত লাগে যে তেওঁলোকে নিজকে সমাজৰ পৰা বিচ্ছিন্ন কৰি পেলায়। অৰ্থনৈতিক দিশতো ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। ঘৰৰ ধন বাহিৰৰ সম্পৰ্কত অপব্যয় হোৱাৰ ফলত পৰিয়ালৰ অৰ্থনৈতিক স্বচ্ছলতা বিনষ্ট হয় আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে সন্তানৰ ভৱিষ্যতৰ ওপৰত।

শিশুৰ কোমল মনত পৰা কু-প্ৰভাৱ:- পৰিয়ালৰ ভেটি ভাঙিলে শিশুৰ মনৰ ওপৰত যি আঘাত লাগে, সেয়া জীৱনৰ শেষলৈকে নাযায়। এখন ঘৰত যেতিয়া মাক-দেউতাকৰ মাজত অসূয়া-অপ্রীতি চলে, তেতিয়া শিশুৱে এক সুৰক্ষিত শৈশৱৰ পৰা বঞ্চিত হয়। বহু সময়ত অভিভাৱকৰ এনে অনৈতিক আচৰণ দেখি ল’ৰা-ছোৱালীয়ে পথভ্ৰষ্ট হয়। তেওঁলোকৰ মাজত হতাশা, অপৰাধ প্ৰৱণতা আৰু সম্পৰ্কৰ প্ৰতি অবিশ্বাসে শিপা মেলে। পিতৃ-মাতৃৰ দায়িত্ব কেৱল সন্তানক অন্ন-বস্ত্ৰ দিয়া নহয়, তেওঁলোকক এক সুস্থ মানসিক পৰিবেশ দিয়াটোও। এই ক্ষেত্ৰত পৰকীয়া সম্পৰ্কত লিপ্ত থকা প্ৰতিজন ব্যক্তিয়ে নিজৰ সন্তানৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিয়াৰ অপৰাধত দোষী।

সংকটৰ মাজত ধৈৰ্য আৰু ক্ষমাৰ ভূমিকা: – প্ৰতাৰণাৰ পাছতো যিসকলে নিজৰ সংসাৰখন বচাবলৈ চেষ্টা কৰে, তেওঁলোক প্ৰকৃততে সাহসী। ক্ষমা কৰাটো দুৰ্বলতা নহয়, ই এক উচ্চতৰ প্ৰমূল্য। ক্ষমাৰ অৰ্থ হ’ল নিজৰ শান্তিৰ বাবে ঘৃণা ত্যাগ কৰা আৰু আগলৈ কি কৰিব, সেই সিদ্ধান্তটো বিবেকৰ পৰা লোৱা। আঘাতপ্ৰাপ্ত হ’লেও কেতিয়াও নিজৰ মূল্য কম বুলি ভাবিব নালাগে। কোনো এজনৰ চৰিত্ৰগত বিচ্যুতিয়ে আপোনাৰ ব্যক্তিত্বক নিৰ্ধাৰণ নকৰে। কোনোবাই আপোনাৰ মৰমৰ বিনিময়ত প্ৰতাৰণা কৰিছে মানে সেইটো আপোনাৰ অযোগ্যতা নহয়, সেইটো কেৱল তেওঁলোকৰ চৰিত্ৰগত বিচ্যুতিহে।

উত্তৰণৰ বাবে কিছু পৰামৰ্শ:

১. যোগাযোগ:- দম্পতীৰ মাজত পাৰস্পৰিক কথোপকথন বৃদ্ধি কৰা।

২. সচেতনতা:-সামাজিক মাধ্যমৰ মৰ্যাদাপূৰ্ণ আৰু দায়িত্বশীল ব্যৱহাৰ।

৩. সময়ৰ মূল্য:- নিজৰ জীৱনসংগীৰ প্ৰতি প্ৰয়োজন হোৱা সময় আৰু গুৰুত্ব প্ৰদান কৰা।

৪. পৰামৰ্শ:- সমস্যা তীব্ৰ হ’লে পৰিয়ালৰ জ্যেষ্ঠ বা বিশেষজ্ঞৰ পৰামৰ্শ লোৱা।

৫. প্ৰমূল্যবোধ:- নৈতিক শিক্ষা আৰু আধ্যাত্মিকতাৰ চৰ্চা কৰা।

জীৱনৰ অৰ্থ কেৱল এটা সম্পৰ্কত সীমাবদ্ধ নহয়। আমি সকলোৱে মানুহ হিচাপে ভুল কৰিব পাৰোঁ, কিন্তু সেই ভুলৰ পৰা শিক্ষা লৈ নিজক শুধৰাই লোৱাটোৱেই মানৱতাৰ পৰিচয়। পৰকীয়াৰ দৰে অন্ধকাৰ পথত খোজ দি নিজৰ আৰু আনৰ জীৱন ধ্বংস কৰাৰ সলনি, পৱিত্ৰতাৰ পথেৰে গৈ এক সুস্থ সমাজ গঢ়ি তোলাৰ প্ৰয়াস কৰাটোৱেই আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা। আঘাত পালে ভাঙি নপৰিব, কাৰণ সত্য আৰু ধৈৰ্যৰ পথেৰে আগবাঢ়িলে অৱশেষত বিজয় নিশ্চিত। মানুহৰ প্ৰকৃত পৰিচয় তেওঁৰ সফলতাৰ মাপকাঠিত নহয়, তেওঁ কিমান কঠিন সময়ত নিজৰ বিবেক আৰু নৈতিকতাক অটল ৰাখিব পাৰিছে, তাৰ ওপৰতহে নিৰ্ভৰ কৰে। আহক, আমি সকলোৱে পৰিয়ালৰ পৱিত্ৰতা ৰক্ষা কৰি এখন সুস্থ, সুন্দৰ আৰু মৰমিয়াল সমাজ গঢ়াৰ পণ লওঁ। আমাৰ এই প্ৰচেষ্টা নিজৰ বাবে নহয়, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও এটা সুন্দৰ বাট মুকলি কৰিব। কাৰণ সমাজৰ ভেটি মজবুত হ’লেহে জাতিৰ ভৱিষ্যত নিৰাপদ হ’ব। প্ৰতাৰণাৰ এই বিষাক্ত চক্ৰৰ পৰা মুক্ত হৈ এক পৱিত্ৰ জীৱন গঢ়িবলৈ আজিৰ পৰাই সংকল্পবদ্ধ হওঁ আহক।