ইৰানে পুনৰ বন্ধ কৰি দিলে হৰমুজ প্ৰণালী

Pc The New York Times

ইৰানে পুনৰ বন্ধ কৰি দিলে হৰমুজ প্ৰণালী

ৰঙিলী বাৰ্ত্তাসেৱা– আমেৰিকাই যুদ্ধবিৰতি চুক্তিৰ ‘চৰম উলংঘন’ কৰা আৰু লেবাননত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ দোহাই দি ইৰানৰ শীৰ্ষ সামৰিক কমাণ্ডে হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছে। শেহতীয়াকৈ স্বাক্ষৰিত হোৱা যুদ্ধবিৰতি চুক্তিৰ অধীনত প্ৰদান কৰা প্ৰতিশ্রুতি মার্কিন যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ভংগ কৰাৰ অভিযোগ তুলি এই সিদ্ধান্ত লোৱা হৈছে।  ইৰানৰ সামৰিক কাৰ্যকলাপৰ সমন্বয়ক হিচাপে কাম কৰা খটম আল-আনবিয়াৰ মুখ্য কাৰ্যালয়ৰ পৰা এই ঘোষণা কৰা হৈছে। চলিত সপ্তাহৰ প্ৰথমভাগতে স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিৰ চৰ্ত মার্কিন যুক্তৰাষ্ট্ৰই উলংঘা কৰা আৰু দক্ষিণ লেবাননত ইজৰাইলে চলোৱা সামৰিক অভিযানৰ পোনপটীয়া প্রতিক্রিয়া হিচাপে এই পদক্ষেপ লোৱা হৈছে বুলি সামৰিক ক’মাণ্ডে উল্লেখ কৰিছে। এই আগ্রাসন যদিহে অব্যাহত থাকে তেন্তে তাৰ পৰৱৰ্তী পদক্ষেপ অন্য ধৰণে লোৱা হ’ব বুলি সকীয়নি দি সেনাৰ মুখ্য কাৰ্যালয়ে কয় যে হৰমুজ প্রণালী বন্ধ কৰাটো ইয়াৰ প্ৰথম পদক্ষেপহে। বুজাবুজি চুক্তি অনুসৰি হৰমুজ প্রণালী খুলি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল যদিও শনিবাৰে ইৰানে পুনৰ ইয়াক বন্ধ কৰাৰ সিদ্ধান্ত লয়। আমেৰিকাৰ সৈতে ইৰানৰ চুক্তি নামানি লেবাননৰ দক্ষিণ অঞ্চলত হিজবুল্লাক লক্ষ্য কৰি একেৰাহে আক্ৰমণ চলাই আছে ইজৰাইলে। লেবাননৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি মতে এই আক্রমণত প্রাণ হেৰুৱাইছে ১৬জন লোকে। কমেও ২০টা অঞ্চলত আক্রমণ চলোৱা হৈছে। তাৰ পিছতে ইৰানে স্পষ্টকৈ জনাই দিছে যে শত্রুপক্ষক প্ৰত্যুত্তৰ দিবলৈকে বন্ধ কৰি দিয়া হৈছে হৰমুজ প্রণালী। ইৰানৰ নৌবাহিনীয়েও এই পদক্ষেপৰ বাবে লেবাননত ইজৰাইলৰ আক্ৰমণকে দায়ী কৰিছে। ৱাম্বিংটনৰ তৰফৰ পৰা জনোৱা হৈছিল যে ইৰানৰ সৈতে শান্তি চুক্তিৰ চৰ্তৰ অংশ হিচাপে শুকুৰবাৰে বিয়লি ৪ বজাৰ পৰা (স্থানীয় সময়) ইজৰাইল আৰু হিজবুল্লাৰ মাজত যুদ্ধবিৰতি কাৰ্যকৰী হৈছে। ইজৰাইল চৰকাৰ আৰু হিজবুল্লায়ো তাত সম্মতি জনাইছে। কিন্তু নিশাৰ ভাগলৈ ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ বাহিনীয়ে দক্ষিণ লেবাননৰ বিভিন্ন এলেকাত স্থলপথেৰে আক্ৰমণ চলায়। আৰব ছালিম, ডেইৰ’ৰ – দৰে জনপথত গোলাবর্ষণ কৰা হয়। শনিবাৰে নিচেই পুৱাতে নাবাতিয়েহ এলেকাৰ অসামৰিক বসতি অঞ্চলত চলোৱা হয় ড্রোন আক্রমণ। লেবাননত ইজৰাইলৰ এই আক্রমণক ইতিমধ্যে সমালোচনা কৰিছে আমেৰিকাই। ইৰানৰ সামৰিক বিষয়াই এক বিবৃতিত অভিযোগ কৰিছে যে আমেৰিকাই চুক্তিৰ প্ৰথম দফা ৰূপায়ণত ব্যর্থ হৈছে। এই দফাত সামৰিক অভিযান তাৎক্ষণিকভাবে বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছিল। ইৰানী বিষয়াসকলে লগতে কয় যে চুক্তিৰ প্ৰতিশ্ৰুতিসমূহ বাৰে বাৰে ভংগ কৰাৰ বিৰুদ্ধে প্ৰতিৰক্ষামূলক ব্যবস্থা হিচাপে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এনে পৰিস্থিতিত সদ্য স্বাক্ষৰিত আমেৰিকা-ইৰান শান্তি চুক্তিৰ স্থায়িত্ব সন্দৰ্ভত প্রশ্ন উত্থাপন হৈছে।