কলাক্ষেত্রত বঁটা প্রদান অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

কলাক্ষেত্রত বঁটা প্রদান অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত বিষ্ণু ৰাভা দিৱস উদযাপন আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্রদান অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। এই অনুষ্ঠানত চলিত বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হয় সত্ৰীয়া সংস্কৃতিৰ সাধক মাণিক বৰবায়ন আৰু বিশিষ্ট চিত্রশিল্পী মধুসুদন দাসক। একেটা অনুষ্ঠানতে চলিত বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ সতী সাধনী বঁটা বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ক প্ৰদান কৰাৰ লগতে ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা জিকিৰ-জাৰীৰ বিশিষ্ট শিল্পী মহম্মদ ছামচুদ্দিন আহমেদলৈ আগবঢ়োৱা হয়।

ৰাজ্যিক পৰ্যায়ৰ বিষ্ণু ৰাভা বঁটাত দুয়োগৰাকী শিল্পীকে অংগবস্ত্র, প্রশস্তি-পত্ৰ আৰু নগদ ২ লাখ টকাৰ চেক প্রদান কৰাৰ লগতে সতী সাধনী বঁটা আৰু ২০২৫ বৰ্ষৰ আজানপীৰ বঁটাপ্ৰাপকদ্বয়লৈ অংগবস্ত্র, প্রশস্তি-পত্ৰ আৰু নগদ ৩ লাখ টকাৰ চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বঁটাসমূহ প্রাপকসকলক আগবঢ়ায়। বঁটাপ্ৰাপকসকললৈ শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কলা-সংস্কৃতি, সাহিত্য আৰু লোক-পৰম্পৰাৰ পথাৰখনত নিৰলস সাধনাৰে অসমী আইৰ মুখ উজলোৱা স্বনামধন্য ব্যক্তিসকলক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন বঁটাৰে সন্মানিত কৰাৰ যি পৰম্পৰা ৰক্ষা কৰি আহিছে, সেয়া দৰাচলতে বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে গুণীৰ মূল্যায়ন কৰাৰ এক বিনম্র প্রয়াস। বঁটাপ্ৰাপকসকলৰ সাধনাই ৰাজ্যৰ নৱপ্ৰজন্মক সদায়ে দেশপ্রেম, সমাজসেৱা আৰু সৃষ্টিশীলতাৰ বাবে অনুপ্রাণিত কৰিব।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰলুইতৰ দৰে বিশাল, মহাকাশৰ দৰে ব্যাপ্ত আৰু সাগৰৰ দৰে গভীৰ প্ৰতিভাৰ গৰাকী অসমৰ জাতীয় জীৱনৰ চিৰজ্যোতিষ্মান নক্ষত্র, গণশিল্পী বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া জাতীয় জীৱনৰ স্বাভিমান আৰু মৰ্যাদাৰ প্ৰতীক। তেওঁৰ সৃষ্টিৰাজিয়ে যুগে যুগে ৰাজ্যক অন্ধকাৰ ফালি পোহৰৰ পথ দেখুৱাই আহিছে। মাটি আৰু মানুহৰ আত্মিক সম্পৰ্ক শিল্পৰ সৰ্বোচ্চ স্তৰলৈ নিয়া অমৰ নায়ক বিষ্ণুপ্ৰসাদ ৰাভাই শৈশৱৰ ঢাকা চহৰৰ পৰা আৰম্ভ কৰি তেজপুৰত ঐতিহাসিক বাণ ৰংগমঞ্চ, কলকাতাৰ উত্তাল ছাত্র আন্দোলন, কোচবিহাৰৰ বৈপ্লৱিক কাৰ্যসূচী আৰু অসম বিধানসভাৰ মজিয়ালৈকে আগবঢ়োৱা প্ৰতিটো খোজ আছিল সংগ্ৰাম আৰু সৃষ্টিৰ অনন্য সংমিশ্রণ। ছাত্ৰ অৱস্থাতে কোচবিহাৰৰ ৰাজভৱনৰ দুৱাৰমুখত সাম্রাজ্যবাদী ব্ৰিটিছ শক্তিৰ চকুৱে চকুৱে চাই প্রত্যাহ্বান জনাই লিখা বাংলা ‘ছড়াছন্দ’ৰ পৰা আৰম্ভ কৰি কঁকালত পঘাৰে বান্ধি কাৰাগাৰৰ অন্ধকাৰ কোঠালৈ যাওঁতে ওঁঠত বিৰিঙি থকা চিৰপ্ৰশান্ত হাঁহিটোলৈকে বিষ্ণুপ্ৰসাদ ৰাভা আছিল সমাজৰ সকলো জড়তা ভাঙি পেলোৱা এক জীবন্ত ধুমুহা।

সৈনিক শিল্পীগৰাকীৰ যাযাবৰী জীৱনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে চুকে-কোণে, পাহাৰ-ভৈয়ামৰ বিভিন্ন জনজাতি আৰু জনগোষ্ঠীৰ মাজত বিচৰণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাই যি সমাজলৈকে গৈছিল, তাত কৃষ্টি, ভাষা আৰু গীত-মাত আপোন কৰি লৈ তেওঁলোকক জাতীয় ইতিহাসৰ প্রতি সজাগ কৰিছিল। অসমীয়া জাতিৰ অন্তৰ্গত প্ৰতিটো জনগোষ্ঠীৰ ঐতিহ্য আৰু পৰম্পৰাৰ ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰ দ্বাৰা অধ্যয়ন কৰি সেয়া নিজস্ব সৃষ্টিৰ জৰিয়তে প্ৰকাশ কৰা বিষ্ণু ৰাভাৰ গীত, কবিতা, নাটক, প্রবন্ধ, চিত্রকলা, ভাস্কর্য, চলচ্চিত্র, মঞ্চ নাটৰ অভিনয় সকলোতে কলাগুৰুৰ গৱেষণামূলক দৃষ্টিভংগীৰ প্ৰকাশ দেখিবলৈ পোৱা যায়। এই তথ্যসমৃদ্ধ গৱেষণামূলক প্রবন্ধসমূহে সদায় নতুন চিন্তাৰ বাট মুকলি কৰি আহিছে। অসমীয়া জাতীয় জীৱনৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি থকা কলাগুৰুৰ আধ্যাত্মিক সম্পর্কই বহু সময়ত তেওঁক অনুপ্রাণিত কৰি তুলিছিল। সেইবাবে মহাপুৰুষজনা আছিল কলাগুৰুৰ আধ্যাত্মিক আৰু সামাজিক জীৱনৰ সর্বোচ্চ আদর্শ। এই আনুগত্যৰ বাবে অসমত সত্ৰসমূহ ভ্ৰমণ কৰি শংকৰী কৃষ্টি-সংস্কৃতিৰ মৌচাক বুটলি ফুৰিছিল কলাগুৰুই। সৈনিক শিল্পীগৰাকীৰ তুলিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰাণ পাই উঠাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে এই ছবিখনৰ সাফল্যৰ মূলতে আছিল কলাগুৰুৰ অসমৰ প্ৰতিটো প্ৰান্তত থকা কৃষ্টি-সংস্কৃতিৰ মৌ-কোঁহ সংগ্ৰহৰ অভিজ্ঞতা আৰু গুৰুজনাৰ বিশাল ব্যক্তিত্ব, বৈষ্ণৱ ধৰ্মৰ প্ৰতি থকা গভীৰ আস্থা। গুৰুজনাই যিদৰে ধৰ্ম-জাতি আৰু ভেদাভেদৰ ওখ প্ৰাচীৰ ভেদ কৰি মানৱীয় মুক্তি আৰু শান্তিৰ পথ মুকলি কৰিছিল, ঠিক তেনেকৈ সৈনিক শিল্পী বিষ্ণু ৰাভাই হাড়ে-হিমজুৱে উপলব্ধি কৰিছিল যে সাধাৰণ জনতাহে হৈছে অফুৰন্ত কৃষ্টিৰ আচল ভঁৰাল। জীৱিত কালত কেতিয়াও উচ্চ পৰ্যায়ৰ অভিজাত শিল্পী বুলি অহংকাৰ নকৰা বিষ্ণু ৰাভাই নিজকে ‘ৰাইজৰ শিল্পী’ বুলিহে গণ্য কৰিছিল।

কলাগুৰুৱে সপোন দেখিছিল এখন অনীল-অপাৰ সমন্বয়ৰ ‘বৰ অসম’ৰ, য’ত পাহাৰ আৰু ভৈয়ামৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমমর্যাদা, সমঅধিকাৰ আৰু সমবিকাশ সুনিশ্চিত হয়। অসমৰ সাংস্কৃতিক আৰু বৌদ্ধিক ইতিহাসত জ্যোতি-বিষ্ণুৰ সংযোগক শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ দৰে এক যুগান্তকাৰী আৰু অলৌকিক পৰিঘটনা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আধুনিক, বিশ্বজনীন দৃষ্টিভংগী আৰু বিষ্ণু ৰাভাৰ মাটিৰ গোন্ধ থকা, তেজ-মঙহৰ লোক-সাংস্কৃতিক চেতনা লগ হৈ অসমীয়া সংস্কৃতিলৈ এক অপূর্ব বৈপ্লবিক জোৱাৰ আহিছিল। তেওঁলোকে মিলি সৃষ্টি কৰা প্ৰথম অসমীয়া অর্কেষ্ট্ৰা আছিল ৰাজ্যৰ থলুৱা বাঁহী, গগনা, সুতুলি আৰু খামৰ এক অভূতপূর্ব যুগলবন্দী। ১৯৬৭ চনত তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে অসম বিধানসভালৈ নির্বাচিত হোৱা কলাগুৰুৰ স্মৃতি উল্লেখ কৰি তেওঁ কয় যে বিষ্ণুপ্ৰসাদ ৰাভা আছিল কৃষক, বনুৱা আৰু সমাজৰ আটাইতকৈ নিষ্পেষিত জনসাধাৰণৰ প্ৰকৃত ত্রাণকর্তা আৰু কণ্ঠস্বৰ। ভূমিহীন দৰিদ্ৰ খেতিয়কৰ বাবে ভূমিৰ অধিকাৰ বিচাৰি তেওঁ জনোৱা প্ৰতিবাদ আজিৰ এই একবিংশ শতিকাতো সমানেই প্রসংগিক।

যেতিয়ালৈকে সমাজৰ আটাইতকৈ পিছপৰা নিঃস্ব শ্ৰেণীটোৱে মৰ্যাদাসহকাৰে পেটৰ ভাত আৰু জীয়াই থকাৰ মৌলিক অধিকাৰ নাপায়, তেতিয়ালৈকে স্বাধীনতা কেৱল এটা অর্থহীন শব্দ হৈয়েই ৰৈ যাব বুলি কলাগুৰুৱে দৃঢ়ভাবে বিশ্বাস কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। কলাগুৰুৰ বিপ্লৱ আছিল মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰাৰ এক পৱিত্ৰ যজ্ঞ।   বিশিষ্ট লেখক, গৱেষক ড° অনিল শইকীয়াই নির্দিষ্ট বক্তাৰ ভাষণ প্রদান কৰা এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী বিমল বড়া, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি, বিধায়ক দিপুৰঞ্জন শর্মা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্রবর্তীকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া তথা বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।