নগাঁৱত মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ লৈ আৰক্ষীৰ জালত জ্যেষ্ঠ চিকিৎসক
ৰঙিলী বাৰ্ত্তাসেৱা- মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়াৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী জ্যেষ্ঠ চিকিৎসক ৷ ধনৰ বিনিময়ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়া সন্দৰ্ভত নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছিল। এই অনুসন্ধানৰ ভিত্তিত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লৈ নগাঁও আৰক্ষীৰ জালত পৰে নগাঁও মেডিকেল কলেজ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মনোজ কুমাৰ সিন্হা। তেওঁ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ফৰেনছিক বিভাগৰ মুৰব্বী অধ্যাপক। নির্দিষ্ট অভিযোগৰ ভিত্তিত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নির্দেশত অভিযুক্ত চিকিৎসক ডাঃ সিন্হাক নগাঁও আৰক্ষীয়ে জাগীৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ডাঃ মনোজ কুমাৰ সিন্হাই নগাঁও মেডিকেল কলেজ হাস্পতালত মৃতকৰ পোষ্টম’টেমৰ নামত এখন বজাৰ বহুৱাই অবাধে ধন সংগ্ৰহ কৰি আহিছিল। ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ধন পাব পৰাকৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যুগুত কৰাৰ বাবদ তেওঁ মৃতকৰ আত্মীয়ৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছিল। আনকি এক দুর্ঘটনাত একমাত্র পুত্ৰক হেৰুওৱা এজন দুৰ্ভগীয়া পিতৃৰ পৰাও পোষ্টম’ৰ্টেম ৰিপ’ৰ্টৰ বাবদ চিকিৎসকজনে ধন দাবী কৰিছিল। মৰণোত্তৰ প্ৰতিবেদনৰ নামত নগাঁও মেডিকেল কলেজ হাস্পতালত জ্যেষ্ঠ চিকিৎসক, অধ্যাপক ডাঃ মনোজ কুমাৰ সিন্হাই বহুওৱা উৎকোচৰ বজাৰখনৰ বিষয়ে বিভিন্ন সময়ত ভুক্তভোগী ৰাইজে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শর্মাক অভিযোগ দি আহিছিল। কিন্তু জ্যেষ্ঠ চিকিৎসক তথা অধ্যাপক ডাঃ সিন্হাৰ বিৰুদ্ধে কোনো তথ্য-প্রমাণ নথকাত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব পৰা নাছিল। অৱশেষত ঘোচখোৰ চিকিৎসক ডাঃ সিন্হাই ভুক্তভোগীৰ পৰা মৰণোত্তৰ প্ৰতিবেদনৰ নামত ধন সংগ্ৰহ কৰা দুষ্কাৰ্যৰ প্ৰামাণিক তথ্য জিলা প্রশাসনে কৌশলেৰে গোপন কেমেৰাত বন্দী কৰে। ইয়াৰ লগে লগে আজি চিকিৎসকৰ বৃত্তিক কলুষিত কৰা অভিযুক্ত চিকিৎসক ডাঃ মনোজ কুমাৰ সিন্হাক বিচাৰি নগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। ডাঃ মনোজ কুমাৰ সিন্হাক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আজি বিয়লি নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই সাংবাদিকৰ আগত কয়, ‘নগাঁও মেডিকেল কলেজ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক, অধ্যাপক ডাঃ মনোজ কুমাৰ সিন্হাক আজি আমি গ্ৰেপ্তাৰ কৰিব লগা হয়। এই ‘অভদ্র’ লোকজনক আমি যুটীয়াভাৱে ট্রেক কৰি আছিলোঁ। তেওঁ ইমান নিকৃষ্ট মনোবৃত্তিৰ কাম কৰিব পাৰে। এফালে মৃতকৰ পোষ্টম’টেম চলি থাকে, পিতৃ-মাতৃ, আত্মীয়-স্বজনে কান্দি থাকে সেই সময়ত তেওঁ সেইসকলক মাতি আনি সোধে- ৰিপ’ৰ্টটো ভাল লাগিবতো!’ জিলা আয়ুক্ত শৰ্মাই আৰু কয়, ‘এই ব্যক্তিজনক আমি তিনি মাহ ধৰি ট্রেক কৰি আছিলোঁ। অভিযোগ বহু পাইছিলোঁ, কিন্তু আমি প্রমাণ পোৱা নাছিলোঁ। ৰাইজে আহি অভিযোগ দিয়ে পোষ্টমর্টেম ৰিপ’ৰ্টৰ বাবদ টকা বিচাৰে বুলি। তেওঁৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত কি আছে কি নাই নাজানো। কিন্তু টকা দিলে এনেকুৱা ৰিপ’ৰ্ট দিয়ে যাতে ইঞ্চুৰেঞ্চৰ টকাটো পাব পাৰে। টকা নিদিলে ভাল ৰিপ’ৰ্ট নিদিয়ে। মৃতদেহক লৈও তেওঁ অত্যন্ত নিকৃষ্ট কাম কৰিছে। অৱশেষত আমি প্রমাণ পালোঁ আৰু লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰিলোঁ। আমি তেওঁক আদালতলৈ লৈ যাওঁতে তেওঁক এনেকুৱাকৈ নিম যাতে গোটেই সমাজখনেই তেওঁক দেখা পায়। এনেকুৱা মানুহক সমাজে প্রশ্রয় দিব নালাগে। এনেকুৱা কার্য নগাঁৱত কেতিয়াও হ’বলৈ নিদিওঁ। আমি বিধিগত প্ৰক্ৰিয়াৰে আগবাঢ়িব বিচাৰোঁ। এই ঘটনা সন্দৰ্ভত এগৰাকী দণ্ডাধীশ, নগাঁৱৰ অতিৰিক্ত আয়ুক্ত কমলজিত শর্মাই থানাত এটা গোচৰ ৰুজু কৰিছে।’
