মিৰ্জাত ফুটবল বিপ্লৱ, উদীয়মান প্ৰতিভাক বিশ্বমানৰ প্ৰশিক্ষণ দিছে অনুজ্ঞাপত্ৰপ্ৰাপ্ত প্ৰশিক্ষক মানস প্ৰতিম দাসে
শৈলেন কুমাৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ফুটবল জগতলৈ আশাৰ বতৰা কঢ়িয়াই দক্ষিণ কামৰূপৰ মিৰ্জাত আৰম্ভ হৈছে এক নতুন ক্ৰীড়া আন্দোলন। অঞ্চলটোৰ কিশোৰ-কিশোৰীসকলক ফুটবলৰ জৰিয়তে শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি তুলিবলৈ ২০২৪ চনতে স্থাপন কৰা হৈছে ‘মিৰ্জা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ’। স্থানীয় প্ৰতিভাক সঠিক দিশ দৰ্শন কৰোৱাৰ লক্ষ্যৰে এই একাডেমীখনে ২০২৬ বৰ্ষৰ নতুন খেলুৱৈৰ নামভৰ্তি প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে মুকলি কৰিছে।এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ আঁৰৰ মূল কাণ্ডাৰীগৰাকী হৈছে অঞ্চলটোৰে সুপৰিচিত খেলুৱৈ তথা প্ৰশিক্ষক মানস প্ৰতিম দাস। উল্লেখযোগ্য যে, মানস প্ৰতিম দাসৰ ঘৰখনত ফুটবলৰ এক চহকী পৰিৱেশ আগৰে পৰাই বিৰাজমান আছিল। তেওঁৰ বৰদেউতাক প্ৰয়াত ৰজত চন্দ্ৰ দাসৰ হাতধৰিয়েই পৰিয়ালটোত ফুটবলৰ এই পৰিৱেশৰ শুভাৰম্ভণি হৈছিল। পৰৱৰ্তী সময়ত তেওঁৰ ককায়েক কৈলাশ দাসে এজন জনপ্ৰিয় ফুটবলাৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰে আৰু ফুটবলৰ জৰিয়তেই অসম পুলিচত চাকৰি লাভ কৰিবলৈ সক্ষম হয়।তেওঁলোকৰে পদাংক অনুসৰণ কৰি মানস প্ৰতিম দাসে সমনীয়াৰ সৈতে স্থানীয় মিৰ্জা জামৰতলৰ খেলপথাৰত ফুটবল খেলি ক্ৰীড়া জীৱন আৰম্ভ কৰিছিল। ২০০৬ চনত দক্ষিণ কামৰূপত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত অংশ লোৱাৰ পিছত, ২০০৮ চনত তেওঁ দৰং জিলাত অনুষ্ঠিত দেউকণ সোঁৱৰণী আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত নিজৰ দক্ষতা প্ৰদৰ্শন কৰে।২০১০ চনত মানস প্ৰতিম দাস গুৱাহাটী টাউন ক্লাব ফুটবল একাডেমীলৈ নিৰ্বাচিত হয় আৰু তাতে ফুটবলৰ উচ্চমানৰ প্ৰশিক্ষণ লাভ কৰে। ২০১১-১২ বৰ্ষত তেওঁ চতুৰ্থ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰামীণ টুৰ্ণামেণ্ট আৰু বিখ্যাত ‘মানচেষ্টাৰ ইউনাইটেড প্ৰিমিয়াৰ কাপ’ত অংশগ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। টাউন ক্লাবৰ হৈ খেলি তেওঁ তেজপুৰৰ ডুগৰ শ্বিল্ড, মঙলদৈৰ অম্বা মেধি কাপ, ওডালগুৰিৰ বড়োলেণ্ড গ’ল্ড কাপ আৰু ২০১৬ চনত ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফীত প্ৰতিনিধিত্ব কৰে। ২০১৯ চনত তেওঁ এফ.চি. গ্ৰীণভেলী (গুৱাহাটী)ৰ হৈয়ো খেলপথাৰ কঁপায়। ইয়াৰোপৰি ডিব্ৰুগড়ৰ এন. এল. বি. চিটি কলেজৰ হৈ খেলি তেওঁ তিনিবাৰকৈ আন্তঃকলেজ ফুটবল প্ৰতিযোগিতাত বিজয়ী দলৰ সদস্য হোৱাৰ গৌৰৱ অৰ্জন কৰে।খেলুৱৈ জীৱনৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পিছত, বৰ্তমান সময়ত মানস প্ৰতিম দাসে নিজকে এগৰাকী উচ্চ অৰ্হতাসম্পন্ন প্ৰশিক্ষক হিচাপে গঢ়ি তুলিছে। তেওঁ বৰ্তমান AIFF BLUE CUBS LEVEL-1, AIFF – D, আৰু এছিয়ান ফুটবল কনফেডাৰেচনৰ AFC-C লাইচেন্সপ্ৰাপ্ত এগৰাকী দক্ষ প্ৰশিক্ষক। তেওঁৰ এই বিশ্বমানৰ অভিজ্ঞতা এতিয়া মিৰ্জা অঞ্চলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত ভগাই দিয়াৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছে।মিৰ্জাত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন মানসৰ,প্ৰশিক্ষণ কেন্দ্ৰটোৱে কেৱল খেলপথাৰৰ কৌশলেই শিকোৱা নহয়, বৰঞ্চ ল’ৰা-ছোৱালীৰ সামগ্ৰিক শাৰীৰিক আৰু মানসিক বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।এই প্ৰশিক্ষণ কেন্দ্ৰটোৰত ৬ ৰ পৰা১৮ বছৰৰ বয়সৰ ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিয়া হয়।প্ৰশিক্ষণৰ দিন হৈছে প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰ। শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে ৰাতিপুৱা আৰু সন্ধিয়া— দুয়োটা সময়তে পৃথক বেটচৰ ব্যৱস্থা আছে।২০২৬ বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া বৰ্তমান মুকলি হৈ আছে। মিৰ্জা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ যিসকল অভিভাৱকে নিজৰ সন্তানক ফুটবলৰ এক প্ৰফেচনেল পৰিৱেশত গঢ়ি তুলিব বিচাৰে, তেওঁলোকে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব ৯৩৯৫০৭৪৫০৮ / ৭৮৯৬২৭০৪৬০ ফুটবলৰ এই নৱজাগৰণে মিৰ্জাৰ বুকুত অনাগত দিনত বহুকেইগৰাকী ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তাৰকা ফুটবলাৰ সৃষ্টি কৰিব বুলি ক্ৰীড়াপ্ৰেমীসকলে আশা প্ৰকাশ কৰিছে।
