বিষ্ণু ৰাভা এতিয়া বহুত ৰাতি
প্ৰভাত বণিয়া
বিষ্ণু ৰাভা এতিয়া বহুত ৰাতি
ঘন ঘোৰ অমানিশা জয়াল পৰিৱেশ
মৰ টোপনিত লালকাল নদ-নদী মাটি মানুহ
সুবিধাবাদীৰ কাল হাতোৰা
চল চাতুৰিৰ খেলা
অবাধে লুটিছে ধন সম্পত্তি মান মৰ্য্যদা
সোণসেৰীয়া কৃষ্টি সংস্কৃতি বজাৰ আৰু পথাৰ
ধ্বংসৰ গৰাহত জাতি আৰু মাটি ,
আইৰ মুখৰ সুৱদী ভাষা
বিষ্ণু ৰাভা এতিয়া ৰাতি বহুত হ’ল
শ্ৰমিক বনুৱা নিবনুৱা হালুৱা হজুৱা বঞ্চিত অথবা নিষ্পেষিত জনৰ বিননি কোনে শুনিব
ধৰ্মৰ সংকট , একতাৰ সংকট ভাষাৰ সংকট জাতিৰ দুৰ্দিনত কোনে গাব মুকুতিৰ গান
ঘৰ,পৰ, হাট-বজাৰ, বন্ধু-বান্ধৱৰ লগত নকওঁ মাতৃ ভাষা অসমীয়া
চহৰ-নগৰ,কাৰ্যালয়, আদালত, কলেজ বিদ্যালয়ত
মাতৃ ভাষা ব্যৱহাৰ নহলে অসমীয়া লেখা-পঢ়া লোক
দিনক দিনে হ্ৰাস পালে ভাষা বাচি থাকিব ক’ত
বাতৰি কাকত ,আলোচনী ,কিতাপ নপঢ়িলে নহয় ভাষা-সাহিত্যৰ বিকাশ
দুৰ্দিন চলি থাকিলে এদিন মাতৃভাষাৰ বাজিবই বাজিব মৃত্যু ঘণ্টা
আপোন সংস্কৃতি নিচিনিলে আমাৰ নিস্তাৰ নাই
সভা সমিতিত গামোছা পিন্ধি
জাতি মাটি ভাষা-সংস্কৃতি ৰক্ষাৰ কথা কলেই বুকু জুৰ নপৰে
যদি নাচাও নুশুনো আমি ওজাপালি, ভাওনা-সবাহ
বৰগীত,লোকগীত,আইনাম,ধাই নাম,বিয়া গীত, নাগাৰা নাম,
বিভিন্ন জাতি জনগোষ্ঠীৰ সুমধুৰ গীত নৃত্য,
নপঢ়ো যদি অসমীয়া গ্ৰন্থ,কবিতা,গল্প উপন্যাস,জ্ঞান-বিজ্ঞান আৰু ধৰ্ম পুথি
বিষ্ণু ৰাভা তুমি খাটি অসমীয়া তোমাৰ চিফুঙৰ সুৰত
আমি সাৰ পাম
ভাতৃত্ববোধ, একতা হ’ব পৰম সম্বল
এন্ধাৰ আঁতৰি যাব পুৱাব কাল ৰাতি।
