ভাৰতক কোনোবাই আক্রমণ কৰিলে সহায় কৰিব আমেৰিকাইঃড’নাল্ড ট্রাম্প

Pc DD India

ভাৰতক কোনোবাই আক্রমণ কৰিলে সহায় কৰিব আমেৰিকাইঃড’নাল্ড ট্রাম্প

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আক্ৰমণৰ সম্মুখীন হ’লে তেনে অৱস্থাত আমেৰিকাই দেশখনক সহায় কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে জি-৭ শীর্ষ সন্মিলনৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হোৱাৰ সময়ত এই প্রতিশ্রুতি দিয়ে। ৰাষ্ট্ৰপতি ট্রাম্পে স্পষ্টকৈ কয়, ‘নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতৰ ওপৰত যদি কেতিয়াবা কোনো দেশে আক্রমণ কৰে, তেন্তে আমেৰিকাই সামৰিকভাৱে সহায় কৰিব। ট্রাম্পে অৱশ্যে এটা চৰ্ত উল্লেখ কৰি কয়, ‘যদি ভাৰতত কোনো নতুন নেতা আহে, মই সহায় কৰাৰ বিষয়ে নিশ্চিত হ’ব নোৱাৰিম। কিন্তু এই সুৰক্ষা কেৱল প্রধানমন্ত্রী মোদীৰ সবল নেতৃত্বৰ দিনতহে পাব। মোদী থকালৈকে ভাৰত সুৰক্ষিত। যিকোনো দেশৰ আক্ৰমণ হ’লেই ভাৰতৰ কাষত থিয় দিব আমেৰিকা।’ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীক প্রশংসা কৰি ট্রাম্পে লগতে কয়, ‘ভাৰতৰ প্ৰতিগৰাকী জনতাৰ মোদীৰ প্ৰতি অপৰিসীম শ্রদ্ধা আছে। মোদী দেখিবলৈ স্বৰ্গদূতৰ দৰে, কিন্তু আচলতে তেওঁ ব্যৱসায় বা চুক্তিৰ আলোচনাত আটাইতকৈ কঠিন মানুহ। মানুহে ভাবে তেওঁ বৰ শান্ত-শিষ্ট, কিন্তু তেওঁ ইমানেই কঠোৰ যে সকলোকে আচৰিত কৰি দিয়ে।’ ইয়াৰ পূৰ্বে জি-৭ৰ মধ্যাহ্ন ভোজনৰ সময়তো মোদীৰ প্ৰশংসাত গদগদ হৈ পৰিছিল ৰাষ্ট্ৰপতি ট্রাম্প। তেওঁ কয়, ‘প্রধানমন্ত্রী মোদী যিদৰে শান্ত, স্থিৰ আৰু অতি দক্ষ, মই কিন্তু তেনে নহয়। আপোনালোকে মোৰ ফালে নহয়, তেওঁৰ ফালেহে চাওঁক। ‘বিশেষজ্ঞসকলৰ মতে, দুয়োখন দেশৰ মাজত চলি থকা ব্যৱসায়িক শুল্ক যুদ্ধ আৰু আন কেতবোৰ স্পৰ্শকাতৰ বিষয় তল পেলাবলৈকে ট্রাম্পে মোদীক প্রশংসা কৰি এক কূটনৈতিক কৌশল অৱলম্বন কৰিছে। মধ্যপ্রাচ্যৰ শান্তি প্ৰক্ৰিয়াত ভাৰতৰ ভূমিকা আশা কৰে নেকি বুলি সাংবাদিকে ট্রাম্পক সোধাত তেওঁ লগে লগে আশা কৰোঁ বুলি উত্তৰ দিয়ে। তেওঁৰ মতে, ভাৰতে সকলো কথাতে বৃহৎ ভূমিকা পালন কৰে। যেতিয়ালৈকে মোদী ভাৰতৰ নেতা হৈ থাকিব, তেতিয়ালৈকে ভাৰতৰ ভূমিকা সদায় ওপৰত থাকিব। বৈঠকত প্রধানমন্ত্রী মোদীয়ে হৰমুজ প্রণালী আৰু ওমান উপ-সাগৰীয় অঞ্চলৰ সুৰক্ষাৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ কয় যে বিশ্বৰ অৰ্থনীতি ঠিক ৰাখিবলৈ হ’লে হৰমুজ প্রণালীৰে ব্যৱসায়িক জাহাজৰ চলাচল সদায় মুক্ত ৰাখিব লাগিব। ভাৰতীয় নাৱিকসকলৰ নিৰাপত্তাৰ বিষয়টো গুৰুত্বসহকাৰে তুলি ধৰি মোদীয়ে কয়, সাগৰীয় বাণিজ্য পথত কাম কৰা নাৱিকসকলৰ সুৰক্ষা নিশ্চিত কৰাটো সকলোৰে দায়িত্ব। ইৰানৰ সৈতে আমেৰিকাই কৰিবলগীয়া যিকোনো চুক্তিতে যাতে নাৱিকসকলৰ সুৰক্ষাক প্রাধান্য দিয়ে তাৰ বাবে ট্রাম্পক মোদীয়ে আহ্বান জনায়। ইফালে, ভাৰতীয় নাৱিকৰ মৃত্যুত দুখ প্ৰকাশ কৰি ট্রাম্পে কয়, ‘মই এই বিষয়ে খবৰ লাভ কৰিছোঁ আৰু এইক্ষেত্ৰত কাম কৰিছোঁ। এয়া সঁচাকৈয়ে অতি জটিল আৰু বিপদসংকুল পেছা। ‘ ৰাজনৈতিক ক্ষেত্ৰৰ উপৰি মোদী-ট্রাম্পৰ বৈঠকক লৈ ব্যৱসায়িক মহলতো বৃহৎ আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে। ট্রাম্পে নিজেই কয় যে ভাৰত আৰু আমেৰিকাই বৰ্তমান কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱসায়িক চুক্তিৰ ওপৰত কাম কৰি আছে। বৰ্তমান আমেৰিকা হৈছে ভাৰতীয় সামগ্ৰীৰ আটাইতকৈ ডাঙৰ বজাৰ। ২০০২-০৩ চনৰ ১০.৯ বিলিয়ন মার্কিন ডলাৰৰ পৰা ২০২৫-২৬ বর্ষত ৮৭.২ বিলিয়ন মার্কিন ডলাৰ হৈছেগৈ। আনহাতে ভাৰতেও আমেৰিকাৰ পৰা খাৰুৱা তেলৰ আমদানি ৪ বিলিয়নৰ পৰা ৫২.৯ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰিছে। জি-৭ৰ সমান্তৰালভাৱে ট্রাম্প-মোদীৰ এই বৈদেশিক বৈঠকে সমগ্ৰ বিশ্বৰ বাণিজ্যত মধ্যপ্রাচ্যৰ শান্তি আৰু প্ৰতিৰক্ষা ব্যৱস্থাৰ দিশ সলনি কৰাৰ স্পষ্ট সংকেত দিছে। বৈঠকৰ সময়ত ট্রাম্পে পুনৰ ভাৰত ভ্ৰমণৰ ইচ্ছা প্রকাশ কৰে আৰু কয়, ‘মই অচিৰেই ভাৰত ভ্ৰমণ কৰিম।’ তেওঁৰ ভাৰত ভ্ৰমণৰ সময়তে দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।