ডিব্ৰুগড়ত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ জিলা সমিতিৰ সাধাৰণ সভা আৰু বঁটা প্ৰদান ::কবিগুৰু বঁটা ড০ দয়ানন্দ শ্বাহলৈ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চৌকিডিঙ্গীৰ জীৱন ফুকন নগৰস্থিত পেঞ্চনাৰ ভৱনত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিয়ে আয়োজন কৰা সাধাৰণ সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি সম্ৰাট ভাওৱেলৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিমল মণ্ডলে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে বাঙালী সকলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক অধিকাৰৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰে অগ্ৰসৰ হ’বলৈ আহ্বান জনোৱাৰ উপৰিও সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে অসমৰ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সাঁকো গঢ়ি অসমৰ স্বাৰ্থত সেৱাৰে ব্ৰতী হৈ মানৱতাবাদী সমাজ ব্যৱস্থাৰে শৃংখলাবদ্ধ পৰিবেশৰ মাজত আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তাপচ দাসে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে সংগঠনৰ লক্ষ্য, উদ্দেশ্যেৰে উন্নয়ন তথা বিকাশৰ ক্ষেত্ৰত সদায় দায়বদ্ধ বুলি প্ৰকাশ কৰাৰ লগতে অসমৰ সকলো জনগোষ্ঠীৰ সৈতে সমন্বয়ৰ মাজেৰে অসমৰ হৈ কাম কৰি যাব বুলি বক্তব্য আগবঢ়ায়। ডিব্ৰুগড় জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় প্ৰাক্তন সম্পাদক জিৎ পালক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও উপস্থিত বিশিষ্ট অতিথি ক্ৰমে মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি মুকেশ আগৰৱালা, শিক্ষাবিদ ডঃ দয়ানন্দ শ্বাহ,মটক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন দুৱৰা, দিল্লী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ডঃ মনিছ দাস প্ৰমুখ্যে কেবাগৰাকীও গণ্য মান্য লোকক আদৰণি জনায়। সভাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মিথুন ছায়াল , ডিব্ৰুগড় পেঞ্চনাৰ সন্থাৰ সভাপতি মৃদুল শৰ্মা , লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ সঞ্চালিকা মুন শ্বাহ উপস্থিত থাকে। সভাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিয়ে ডিব্ৰুগড় জিলাৰ লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ পৰিচালন সঞ্চালক, সাহিত্যিক তথা শিক্ষাবিদ ডঃ দয়ানন্দ শ্বাহক “কবি গুৰু” বঁটা, ডিব্ৰুগড় বিশিষ্ট চিকিৎসক তথা অৱসৰপ্ৰাপ্ত স্বাস্থ্য যুটীয়া সঞ্চালক ডাঃ অমৃত বৰুৱাক “মানৱ দৰদী ২০২৬” বঁটা আৰু ডিব্ৰুগড় এ ই ভাৰত -২৪ যুৱ সাংবাদিক আতিকুৰ ৰহমানক যুৱ সাংবাদিকতাৰ বঁটা প্ৰদান কৰে। সভাত “কবি গুৰু” বঁটা গ্ৰহণ কৰি লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট শিক্ষাবিদ ডঃ দয়ানন্দ শ্বাহে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰদান কৰা “কবি গুৰু” বঁটা প্ৰদানে মোৰ শৈক্ষিক বৌদ্ধিক আৰু সাংস্কৃতিক , সামাজিক জীৱনৰ বাবে আৰ্শীবাদ আৰু ভৱিষ্যতৰ বাবে সামাজিক দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণাৰে উৎসাহিত কৰিব বুলি প্ৰকাশ কৰাৰ লগতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে সুঁৱৰি ভৱিষ্যতৰ দিনত নিশ্চিত ভাৱে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সকলো ধৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই যাব বুলি বক্তব্য আগবঢ়ায় তথা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বিশিষ্ট ঘোষিকা বিবিজান দত্তই আঁত ধৰা আৰু পৰিচালনা অনুষ্ঠানটোৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় তথা ডিব্ৰুগড় জিলাৰ সমিতিৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটোলৈ সহযোগিতা, সেৱা আগবঢ়ায়।
