ডিব্ৰুগড় নাগৰিক মঞ্চৰ কুশল কোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- পৰাধীন ভাৰতবৰ্ষৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়া দেশৰ অসংখ্যজন শ্বহীদৰ ভিতৰত জিলিকি থকা এটি স্মৰণীয় নাম-শ্বহীদ কুশল কোঁৱৰ। ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত দেশজুৰি ব্যাপক আন্দোলনৰ সৃষ্টি হৈছিল। এই আন্দোলনত অংশ গ্ৰহণ কৰি অনেকে কাৰাবৰণ কৰিবলগীয়া হোৱাৰ লগতে নানা প্ৰকাৰৰ নিৰ্যাতন সহিবলগীয়া হৈছিল। গান্ধীজীৰ আদৰ্শত বিশ্বাসী স্বাধীনতা সেনানী কুশল কোঁৱৰে ৰে’ল বগৰোৱাৰ এক মিছা গোচৰত দোষী সাব্যস্ত হৈ ফাঁচী কাঠত ওলমিবলগীয়া হৈছিল। ১৯৪৩ চনৰ ১৫ জুন তাৰিখে তেওঁক ফাঁচী দিয়া হৈছিল। এইগৰাকী মহান সেনানীয়ে হাঁহি হাঁহি দেশৰ বাবে প্ৰাণ আহুতি দিছিল। ডিব্ৰুগড় নাগৰিক মঞ্চই প্ৰতি বছৰে শ্বহীদগৰাকীৰ স্মৃতি দিৱসটিত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আহিছে। এইবছৰো স্থানীয় কুশল কোঁৱৰ উদ্যানত মঞ্চৰ সভাপতি ড০ ভাৰতী দত্ত আৰু সম্পাদক দুৰ্লভ গগৈয়ে শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিৰ সমুখত একোগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বিশিষ্ট অতিথি ৰঞ্জিত বৰুৱাইও সহযোগিতা আগবঢ়ায়। মঞ্চৰ অন্যান্য বিষয়ববীয়া তথা সদস্যৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি সম্পন্ন কৰা হয়।
