পাকিস্তানক ৬৪ ৰানত পৰাস্ত কৰি অভিযান আৰম্ভ ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ জয় ৷ ইংলেণ্ডত চলি থকা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ষষ্ঠখন তথা পাকিস্তানৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত প্ৰথমখন খেলত সহজ জয়লাভ হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতৰ মহিলা ক্ৰিকেট দলটোৰ ৷ বহু প্রতীক্ষিত হাই ভল্টেজ মেচখনত ভাৰতে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক সহজেই ৬৪ ৰানত পৰাস্ত কৰে। বাৰ্মিংহামৰ এডগবাষ্টনত অনুষ্ঠিত খেলখনৰ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল ভাৰতে ৷ মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৭১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি দীপ্তি শৰ্মা আৰু শ্রী চাৰানিৰ দৰ্শনীয় বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ পাকিস্তানে ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰানহে কৰে। দলটোৰ হৈ সর্বাধিক ৪১ ৰান কৰে অ’পেনাৰ মুনিবা আলীয়ে। অধিনায়িকা ফাতিমা ছানাই কোনো ৰান নকৰাকৈ বিদায় লয়। ভাৰতীয় দলটোৰ হৈ দীপ্তি শৰ্মাই সর্বাধিক ৫টা, চাৰানিয়ে ৩টা আৰু ছেফালি বার্মাই এটা উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ স্মৃতি মান্ধানাৰ দর্শনীয় ৬৮, অধিনায়িকা হৰমনপ্ৰীতৰ ৩৬ আৰু ৰিচা ঘোষৰ ৩৪ ৰানৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭০ ৰান কৰে। ছেফালিয়ে ৬, জেমিমাই ১ আৰু ফুলমালিয়ে ১ ৰান কৰি বিদায় লয় যদিও দীপ্তি শৰ্মাই ১২ ৰান কৰি অপৰাজিত হৈ থাকে। পাকিস্তানৰ হৈ অধিনায়ক ফাতিমা চানা আৰু শদিয়া ইকবালে দুটাকৈ আৰু তছমিয়া ৰুবাব আৰু ৰমীন ছামিমে এটাকৈ উইকেট দখল কৰে ।
