অপ্ৰাপ্তিৰ আৰ্তনাদ – মৰমী আহমেদ

Pc Unsplash

অপ্ৰাপ্তিৰ আৰ্তনাদ

মৰমী আহমেদ
নলবাৰী

নীৰৱে মৰি যায়
বুকুৰ মাজতে,
উচুপি উচুপি
অপ্ৰাপ্তিক ঠেকেচি ;
হাঁহিৰ আঁৰত লুকাই থাকে
অসংখ্য কাহিনী
 মাথোঁ স্মৃতিৰ বেৰত
 থাকে ওলমি
 নোকোৱা,নোপোৱা সময়ৰ
 বহু বেমেজালি