নেহৰুৰ অভিলেখ ভংগ কৰি ভাৰত মণ্ডপমত বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিকাশ, স্বচ্ছতা, সুস্থিৰতা আৰু জনকল্যাণৰ নামত উছৰ্গিত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (এনডিএ) চৰকাৰে ধাৰাবাহিকভাৱে শাসন কালৰ ১২ বছৰ সম্পূৰ্ণ কৰাৰ লগতে নির্বাচিত প্রধানমন্ত্রী হিচাপে একেৰাহে ৪,৩৯৯ দিন কার্যনির্বাহ কৰি পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি বুধবাৰে সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত এনডিএৰ শীৰ্ষ নেতাসকলৰ এক বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত এনডিএৰ শীৰ্ষ নেতা আৰু মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে ৷ উল্লেখ্য যে স্বাধীন ভাৰতৰ প্ৰথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি মোদী এতিয়া দেশৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল ধাৰাবাহিকভাৱে কার্যকাল চম্ভালি থকা নিৰ্বাচিত চৰকাৰৰ প্ৰধান হিচাপে পৰিগণিত হৈছে। ১০ জুনত তেওঁ প্রধানমন্ত্রী হিচাপে ধাৰাবাহিকভাৱে ৪,৩৯৯ দিন সম্পূৰ্ণ কৰি এই মাইলৰ খুঁটিত উপনীত হৈছে। ভাৰত মণ্ডপমৰ গুৰুত্বপূৰ্ণ বৈঠকত এনডিএ পৰিয়ালৰ বিপুল আদৰণি আৰু শুভেচ্ছা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলসমূহৰ লগতে সমগ্র দেশবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। ভাষণ প্রসংগত তেওঁ বিগত ১২ বছৰীয়া চৰকাৰৰ উন্নয়ন আৰু জনকল্যাণৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। বিগত সময়ছোৱাত সমগ্ৰ দেশত উন্নয়নৰ জোৱাৰ উঠা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এখন বিকশিত ভাৰত গঢ়াৰ বাবে সেই ধাৰা অব্যাহত ৰখাৰ বাবে সকলোকে আহ্বান জনায়। ভাষণ প্ৰসংগত পূৰ্বৰ চৰকাৰসমূহৰ শাসনকালৰ সৈতে নিজ কাৰ্যকালৰ তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক তীব্র ভাষাৰে সমালোচনা কৰে। তেওঁ অভিযোগ কৰি কয় যে পূৰ্বৰ চৰকাৰে ভাৰতক অসহায়, চৰম দৰিদ্ৰতা আৰু হীনমান্যতাৰ এক অটল গহ্বৰলৈ ঠেলি দিছিল। কিন্তু বিগত ১২ বছৰত এনডিএ চৰকাৰে দেশক সেই অন্ধকাৰৰ পৰা মুক্ত কৰি ডিজিটেল বিপ্লৱৰ পৰা আন্তঃগাঁথনি নির্মাণলৈকে বিশ্ব দৰবাৰত এক নতুন আৰু শক্তিশালী পৰিচয় প্রদান কৰিবলৈ সক্ষম হৈছে। এই মিত্ৰজোঁটৰ বৈঠকত কেন্দ্রীয় মন্ত্রী পৰিষদৰ জ্যেষ্ঠ সদস্যসকলৰ লগতে এনডিএশাসিত দেশৰ ২২খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ লগতে অংশীদাৰ দলসমূহৰ শীর্ষ নেতাসকলে অংশগ্ৰহণ কৰে। বিশিষ্ট নেতাসকলৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডা, খাদ্য সংসাধন উদ্যোগ মন্ত্রী ছিৰাগ পাছোৱান, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্ৰবাবু নাইডু, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, বিহাৰৰ মুখ্যমন্ত্ৰী সম্রাট চৌধুৰী আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিকে ধৰি উল্লেখযোগ্য। বৈঠকত টিডিপিৰ মুৰব্বী তথা অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে প্রধানমন্ত্রী মোদীৰ ১২ বছৰীয়া সফল কাৰ্যকাল, সুস্থিৰ প্ৰশাসন আৰু নেহৰুৰ অভিলেখ ভংগ কৰা ঐতিহাসিক কৃতিত্বৰ প্ৰশংসা কৰি এক বিশেষ অভিনন্দন প্রস্তাৱ উত্থাপন কৰে। নাইডুৱে কয়, ‘মোদী ডাঙৰীয়া আপুনি এই শতিকাটোক নেতৃত্ব দিছে। আপুনি আমাক অনুপ্রাণিত আৰু উৎসাহিত কৰিছে। নাইডুৰ এই প্ৰস্তাৱক নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’য়ে পূর্ণ সমর্থন জনায়। প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণত এই ঐতিহাসিক অভিনন্দন প্রস্তাৱক সমগ্র বিজেপি তথা ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা পৰিয়ালৰ সমূহীয়া প্ৰচেষ্টাৰ ফল বুলি ইয়াক মৰ্চা পৰিয়ালৰ নামত উছৰ্গা কৰে। প্রধানমন্ত্রী কার্যালয়ে এই ঐতিহাসিক কৃতিত্বক এক মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। ইফালে বৈঠকৰ সমান্তৰালভাৱে পশ্চিমবংগত নিৰ্বাচনত বিজয়ৰ প্ৰসংগ চর্চা হোৱাৰ লগতে জালমুড়ি খাই আনন্দ উপভোগ কৰে প্রধানমন্ত্রী মোদীয়ে। গাম্ভীৰ্যপূৰ্ণ বৈঠকখনৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে মোদীক বংগৰ জনপ্রিয় খাদ্য জালমুড়ি পৰিৱেশন কৰে। এই অনুষ্ঠানতে মিত্ৰজোঁটৰ অংশীদাৰসকলে প্ৰধানমন্ত্ৰী মোদীক দেশৰ সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰীৰ পদ চম্ভালাৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনায় ৷ ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিগৰাকী নেতাই একত্ৰিত হৈ এই বিশেষ ক্ষণৰ ফটোৰ বাবে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত প্রধানমন্ত্রী বৈঠকৰ সন্দৰ্ভত আলোকপাত কৰি সকলোকে ধন্যবাদ জনাই কয় যে বিকশিত ভাৰতৰ সপোন সার্থক কৰিবলৈ তেওঁলোকে নতুন উদ্যমেৰে দেশৰ সেৱাত সমর্পিত হৈ ৰ’ব। উল্লেখ্য যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে১৯৪৭ চনত কাৰ্যভাৰ গ্ৰহণ কৰি ১৯৫১-৫২ চনত দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিছিল ৷ ৷ ১৯৬৪ চনত মৃত্যুৰ আগলৈকে তেওঁ এই পদত ন্যস্ত আছিল । আনহাতে, ইন্দিৰা গান্ধীয়ে ১৬ বছৰ প্রধানমন্ত্রী হিচাপে সেৱা আগবঢ়াইছিল যদিও তেওঁৰ কাৰ্যকাল ধাৰাবাহিক নাছিল। কিন্তু নৰেন্দ্ৰ মোদীয়ে একেৰাহে ধাৰাবাহিকভাৱে আটাইতকৈ দীর্ঘদিন নির্বাচিত প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট হৈ থকাৰ এক অনন্য অভিলেখ গঢ়িলেও বুলি উল্লেখ কৰে।
