প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকালৰ ওপৰত কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক প্ৰস্তাৱ গ্ৰহণ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকালৰ ওপৰত কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক প্ৰস্তাৱ গ্ৰহণ 

ৰঙিলী বাৰ্ত্তাসেৱা- ১০ জুনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একেৰাহে ৪,৩৯৯ দিন প্রধানমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৪,৩৯৮ দিনৰ প্ৰধানমন্ত্ৰিত্বৰ অভিলেখ ভংগ কৰে। এই ঐতিহাসিক ক্ষণত উদযাপন কৰি কেন্দ্ৰীয় কেবিনেটে এক বিশেষ প্রস্তাৱ গ্ৰহণ কৰে।  কেবিনেটে ভাৰতীয় গণতন্ত্ৰৰ যাত্ৰাত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে ঘোষণা কৰে। কেবিনেটে প্রধানমন্ত্রী মোদীক জনসাধাৰণৰ গভীৰ আস্থা, গণতান্ত্রিক চেতনা, ৰাষ্ট্ৰ প্ৰথম সংকল্পৰ প্ৰতীক বুলি অভিহিত কৰি অভিনন্দন জ্ঞাপন কৰে। কেন্দ্ৰীয় কেবিনেটে গৃহীত কৰা প্ৰস্তাৱত উল্লেখ কৰে যে মোদীৰ এই কৃতিত্ব এনডিএ চৰকাৰে ১২ বছৰ সম্পূৰ্ণ কৰাত সমান্তৰালভাৱে আহি পৰিছে। তদুপৰি প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ মুৰব্বী হিচাপে একেৰাহে ২৫ বছৰীয়া সুদীর্ঘ সেৱাৰ এক ঐতিহাসিক পৰ্যায়ৰ দিশেও অগ্ৰসৰ হৈছে। বিগত ৬টা দশকৰ ভিতৰত তেৱেই প্ৰথমগৰাকী নেতা যাৰ নেতৃত্বত দেশে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে জনাদেশ দিছে। কেবিনেটৰ প্ৰস্তাৱত মোদী চৰকাৰৰ দৰিদ্ৰ কল্যাণ, সামাজিক উন্নয়নৰ এক বৃহৎ খতিয়ান দাঙি ধৰি কোৱা হৈছে যে চৰকাৰী নীতিৰ ফলত দেশৰ ২৫ কোটিৰো অধিক লোকে দৰিদ্ৰতাক নেওচিবলৈ সক্ষম হৈছে। তদুপৰি ৮০ কোটি নাগৰিকক বিনামূলীয়া ৰেচন, ৬০ কোটিতকৈ অধিক দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা, প্রধানমন্ত্রী আৱাস যোজনা, সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ আৰু জলজীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে। সংসদ আৰু বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ দৰে ঐতিহাসিক পদক্ষেপ, চন্দ্রযান অভিযানৰ সফলতা আৰু পিএম কিষাণ সন্মান নিধিৰ দৰে আঁচনিৰ জৰিয়তে কৃষি ৰপ্তানি ৫ লাখ কোটি টকাৰ স্পৰ্শ কৰাৰ প্ৰসংগও উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সাহসী সিদ্ধান্তসমূহৰ প্ৰশংসা কৰে। কেবিনেটে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰ, জিএছটি, ‘কা’ ৰূপায়ণ আৰু ব্ৰিটিছ যুগৰ আইন সলনি কৰি ভাৰতীয় ন্যায় সংহিতা প্রণয়নৰ কথা দোহাৰে। বিশেষকৈ সন্ত্রাসবাদৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক, অপাৰেচন সিন্দুৰ, সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদৰ প্ৰতিবাদত সিন্ধু জলচুক্তি স্থগিত ৰখাৰ দৰে প্ৰধানমন্ত্ৰীৰ সুদীর্ঘ পদক্ষেপক উচ্চ প্রশংসা কৰে। ইয়াৰ সমান্তৰালভাৱে উত্তৰ-পূর্বাঞ্চলত স্থায়ী শান্তি চুক্তি, মাওবাদী উৎখাত আৰু বাংলাদেশৰ সৈতে সীমা বিবাদৰ স্থায়ী সমাধানৰ কথাও উল্লেখ কৰে।