এহাল প্ৰেমিক চৰাই – যমুনা দুলু বৈশ্য

Pc Peakpx

এহাল প্ৰেমিক চৰাই

যমুনা দুলু বৈশ্য,শুৱালকুছি

এই নিৰিবিলি নিজান ৰাতি
জোনাকী পোহৰত আপোন পাহৰা হৈ,
চালে চকুৰোৱা হাঁহিটিৰ
স্মৃতি পটত জীৱন চাকি ।

নিবিচাৰোঁ আধুনিকতা হৃদয়ৰ
য’ত নাই দয়া মমতা আৰু মানৱতা
ক্ষন্তেকতে সলনি হয় যান্ত্ৰিকতাৰ নিজে
ভাৱৰীয়াৰ খেল খেলে
বুকুতে লুকাই ।
জীৱনৰ মাদকতাই সুকীয়া পৰিচয়ৰে—-
জীৱন নাটকৰ প্ৰতিটো পৃষ্ঠা–
ঠিকনা বিহীন শব্দৰ কঠিন অৰ্থ
যি অৰ্থে বিচাৰ নকৰে ,
শিৰে শিৰে মৌপিয়া হৈ ফুৰে–
সপোনৰ সুৰ য’ত শূণ্যহীনতায়ে
আবৰি থাকে ,পাহাৰে-ভৈয়ামে
সুউচ্চ অট্টালিকাৰ মনোমোহা নিৰবধি–
যাত্ৰাৰে — তোমাৰ আৰু মোৰ বহু–আশাৰে–
অনুভৱৰ হেঁপাহৰ মিঠা সোৱাদ
হৃদয়ৰ পৰা হৃদয়লৈ ৰং তুলিকাৰে
চিনাকিৰে বিচাৰি পোৱা প্ৰতিশ্ৰুতিৰ
অগণন শব্দৰ কোলাহল বন্যা,
কাৰোবাৰ ৰুক্ষ হৃদয় চুই যোৱা
এক বান্ধোন ।
আশ্বাসেৰে খোপনি পোতা
উৎকণ্ঠিত সময়ৰ আহ্বান
হেৰাই পোৱা ঠিকনা বুকুৰ বোজা
হেজাৰটা অভিযোগৰ অন্তত
হতাশাৰ হুমুনিয়াহত স্পন্দিত বৰষুণত
তিঁতি ছাঁতে শুকাই–
ভালপোৱা নৈ খনত জিৰাই
এহাল প্ৰেমিক চৰাই ।