এতিয়াৰে পৰা বিদ্যালয়লৈ শিক্ষাৰ্থীয়ে টিফিনত নিব নোৱাৰিব আমিষ খাদ্য
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ এখন বিদ্যালয়ত ছাত্রই টিফিনত গো-মাংস অনাক কেন্দ্ৰ কৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত গোৱালপাৰা জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কার্যালয়ে ছাত্ৰ-ছাত্ৰীৰ টিফিনত আমিষ খাদ্য অনাটো নিষেধ কৰিছে। গোৱালপাৰা জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ দ্বাৰা জাৰি কৰা এক জাননীত এই নির্দেশ প্রদান কৰা হৈছে। জাননীখনত কোৱা হৈছে যে বিদ্যালয়লৈ শিশুক টিফিনত কেৱল নিৰামিষ খাদ্যহে দি পঠিয়াব লাগিব। আমিষ খাদ্য টিফিনত অনাটো নিষেধ। অৱশ্যে টিফিনত কণী অনাত বাধা নাই। লগতে মধ্যাহ্ন বিৰতিৰ সময়ত বিদ্যালয় কর্তৃপক্ষৰ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদৰ বাহিৰলৈও যাব নোৱাৰিব কোনো ছাত্র-ছাত্রী। উল্লেখ্য যে যোৱা ৫ জুনত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ হাবৰাঘাট হাইস্কুলত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা ৷ যাক কেন্দ্ৰ কৰি ৬ জুনৰ পুৱাৰ পৰাই বিদ্যালয়খনৰ চৌহদত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ অভিযোগ অনুসৰি কেইজনমান মুছলমান ছাত্ৰই লগৰে দুজন হিন্দু ধৰ্মাৱলম্বী ছাত্ৰক টিফিনত লৈ অহা গো-মাংস ভক্ষণ কৰিবলৈ জোৰ দিছিল ৷ এই খবৰ বিয়পি পৰাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত উপস্থিত হয় জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী শিক্ষাৰ্থীৰ অভিভাৱকসকলে পাঁচ শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ বিৰুদ্ধে উচিত ব্য়ৱস্থাৰে থানাক জনোৱা হৈছিল ৷ আৰক্ষীক দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি পাঁচজন মুছলমান ছাত্ৰৰ ভিতৰত এজনে টিফিনত আনিছিল গো-মাংস ৷ মধ্যাহ্ন বিৰতিৰ সময়ত সেই পাঁচোজন ছাত্ৰই লগৰে দুজন ছাত্ৰক গো-মাংস খাবলৈ জোৰ দিছিল ৷ কিন্তু ছাত্ৰ দুজনে সেই মাংস নাখাই কোঠাৰ পৰা আহি এজন শিক্ষকক বিষয়টো অৱগত কৰে ৷ পিছে শিক্ষকজনে বিষয়টোৰ মীমাংসা কৰাৰ সলনি গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে ৷ কিন্তু পিছত এই বিষয়টো ৰাজহুৱা হৈ পৰে ৷ এজাহাৰ লাভ কৰাৰ পাছতেই কৃষ্ণাই আৰক্ষীয়ে এগৰাকী মহিলাক (এজন ছাত্ৰৰ মাতৃ)ক অসম গো সুৰক্ষা আইন ২০২১ৰ অধীনত আটক কৰি থয় ৷ আনহাতে নাবালক ছাত্ৰ কেইজনকো আৰক্ষীয়ে সোধা-পোছা কৰে ৷ তেওঁলোকক এতিয়া বিদ্যালয়ত পঢ়িবলৈ দিয়া হ’ব নে বহিষ্কাৰ কৰা হ’ব সেই সন্দৰ্ভত মঙলবাৰে বিদ্যালয় পৰিচালনা সমিতিয়ে এক বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকত ধুবুৰী জিলাৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনো উপস্থিত আছিল ৷ বৈঠকৰ শেষত অৱশ্য়ে স্কুল কৰ্তৃপক্ষই অভিযোগ উত্থাপন হোৱা পাঁচ শিক্ষাৰ্থী সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে ৷ উল্লেখ্য যে ৪ ডিচেম্বৰ, ২০২৪ তাৰিখে চৰকাৰে এক ঘোষণাৰ জৰিয়তে অসমত ৰাজহুৱাভাৱে গো-মাংস ভক্ষণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ পূৰ্বেও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বহুবাৰ এই কথাৰ পুনৰাবৃত্তি কৰি গো-হত্যা তথা গো-মাংস ৰাজহুৱাভাৱে খোৱাৰ বিৰোধিতা কৰি বক্তব্য দিছিল।
