ভালপোৱা নে সোণাৰুৰ হালধীয়া ৰং – মিতালি বৰঠাকুৰ

Pc Xobdo

ভালপোৱা নে সোণাৰুৰ হালধীয়া ৰং

মিতালি বৰঠাকুৰ,
মালিগাওঁ ( আদৰ্শ কলনী )

চাৰিওফালে সোণাৰু ফুলিছে
ভালপোৱানে সোণাৰুৰ হালধীয়া ৰং
অভিমানৰ সাজযোৰ খুলি নীৰৱ হৈ চোৱাহিচোন
এবাৰ সোণাৰুৰ হালধীয়া ৰঙবোৰ

বৰ্ণীল ব্যস্ত চহৰৰ জীৱন যাত্ৰাত
এবাৰ উদযাপন কৰাহিচোন
সোণাৰুৰ হালধীয়া ৰঙৰ অবগুন্থন
বৈ পৰিব তোমাৰ ভালপোৱাৰ এমুঠি হেঁপাহ
হৃদয়ৰ কোঁহে কোঁহে
সপোনবোৰ হালধীয়া সোণাৰু হৈ ফুলিব ।