কুঁৱা
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
কতবাৰ শিলগুটি দলিয়াই
পানীৰ বুৰবুৰণি,ভেকুলীৰ জাপ চালোঁ।
এতিয়া চাওঁ বুলিলেও চাবলৈ
চোৱাৰ পৰা বিৰত
জাবৰ মাটিত পুত গ’ল
চিনচাপেই নোহোৱা হ’ল।
ভেকুলীৰ টোৰটোৰণি শব্দবোৰেও
অপাৰ আনন্দ দিছিল,
শেলুৱৈ ধৰা পাৰত পিছলি
ধুপুচকৈ পৰিছিলোঁ
দোষ নোপোৱাৰ ভাও ধৰিছিলোঁ
গালি খোৱাৰ ভয়ত।
কুঁৱাৰ পাৰৰ ঢকুৱাৰ বেৰাবোৰ
সাম্প্ৰতিক সময়ত লুপ্তপ্ৰায়
এয়া মাথোঁ স্মৃতিৰ পৃষ্ঠাত,
বাৰে বাৰে মনত দোলা দিলেও
সোণত সুৱগা দৃশ্যবোৰ
একেবাৰেই নোহোৱা হ’ল।
মায়ে গা-ধুৱাই দিয়া
দেউতাই পানী তুলি দিয়া
সম্পূৰ্ণ ধুৱাই নহ’ওতেই আঁতৰি যোৱা
দৃশ্যবোৰ মনত পৰিলে
অচেতন অৱস্থাত যেন এটা
ধুনীয়া সপোনহে দেখিবলৈ পাইছোঁ,
কাষলৈ নাযাবি,পানী নুতুলিবি বুলি
বাৰে বাৰে ক’লেও
মনে মনে দৌৰি গৈ
নিশ্চুপ হৈ এবাৰ বাল্টিৰে
পানী তুলি চালেহে মন ভৰে।
