জুবিন গাৰ্গ হত্যাকাণ্ডৰ ৪ অভিযুক্তৰ জামিন নাকচ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ।সোমবাৰে আদালতত উপস্থিত হৈ সাক্ষ্যদান দৰে ৪ গৰাকী সাক্ষীয়ে । সাক্ষ্যদান কৰা লোকসকলৰ ভিতৰত আছিল, জুবিন গাৰ্গৰ হত্যাৰ প্ৰথমখন এজাহাৰ দাখিল কৰা মৰিগাঁৱৰ অধিবক্তা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মন, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ আৰু এছআই প্ৰণৱ শইকীয়া ৷ আনহাতে, সোমবাৰে ফাষ্টট্রেক আদালতে জামিন নাকচ কৰে সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ।আদালতৰ এই সিদ্ধান্তৰ ফলত চাৰিওজন অভিযুক্ত বর্তমানো ন্যায়িক জিম্মাত থাকিব লাগিব। জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো যিহেতু ফাষ্টট্রেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে সেয়ে জামিন বিচাৰি আৱেদন কৰিছিল চাৰিওজনে ।ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে চাৰিওজনৰে জামিন আবেদন নাকচ কৰে ৷ জানিব পৰা মতে, গোচৰটোৰ গুৰুত্ব আৰু তদন্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই পর্যায়ত জামিন প্রদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শুনানিৰ সময়ত তদন্তকাৰী সংস্থাই জামিনৰ বিৰোধিতা কৰি বিভিন্ন যুক্তি দাঙি ধৰে।
