সাহসিকতা আৰু আত্মত্যাগৰ পৰিচয় –   বীৰাংগনা সতী সাধনী – শংকৰ দেৱ

Pc Mahabahu.com

(এক আলোকপাত)

সাহসিকতা আৰু আত্মত্যাগৰ পৰিচয় –   বীৰাংগনা সতী সাধনী

শংকৰ দেৱ, দেৰগাঁও

অসমৰ ইতিহাসত নাৰী শক্তিৰ এক উজ্জ্বল প্ৰতীক হিচাপে চিৰস্মৰণীয় হৈ আছে ১৬শ শতিকাৰ চুতীয়া ৰাজ্যৰ শেষ ৰাণী সতী সাধনী । তেওঁ আছিল অদম্য সাহস, স্বদেশপ্ৰেম আৰু আত্মত্যাগৰ প্ৰতীক। সাহসিকতা , আত্মসম্মান আৰু আত্মত্যাগৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰি এইগৰাকী বীৰাংগনাই চুতীয়া ৰাজ্যৰ শেষ অধ্যায়ক এক গৌৰৱোজ্জ্বল ৰূপ দি ৰাখিছে।

সদিয়া অঞ্চলত জন্মগ্ৰহণ কৰা সতী সাধনী আছিল চুতীয়া ৰজা ধৰ্মধ্বজপালৰ কন্যা। সৰুৰে পৰাই তেওঁ দৃঢ়চিত্ত, সাহসী আৰু নেতৃত্বগুণেৰে পৰিপূৰ্ণ আছিল। পৰৱৰ্তী সময়ত তেওঁ চুতীয়া ৰজা নীতিপালৰ সৈতে বিবাহসূত্ৰে আবদ্ধ হয় আৰু ৰাজকাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁ কেৱল ৰাণী হিচাপেই নহয়, এজনী দায়িত্বশীল নেত্ৰী হিচাপে নিজৰ কৰ্তব্য পালন কৰিবলৈ সক্ষম হৈছিল।

সেই সময়ছোৱাত আহোম সাম্ৰাজ্যই চুতীয়া ৰাজ্যৰ ওপৰত আক্ৰমণ চলায়। এনে সংকটময় সময়ত সতী সাধনীয়ে অদম্য সাহস দেখুৱাই নিজৰ সৈন্যবাহিনীক নেতৃত্ব দিয়ে আৰু শত্রুৰ বিৰুদ্ধে বীৰত্বৰে যুঁজ কৰে। তেওঁৰ এই সাহস আৰু দৃঢ়তাই সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল আৰু দেশৰ সুৰক্ষাৰ বাবে অসীম শক্তিৰ সৃষ্টি কৰিছিল। কিন্তু পৰিস্থিতি ক্রমে কঠিন হৈ পৰে। স্বামী নীতিপালৰ মৃত্যুৰ পাছত চুতীয়া ৰাজ্যৰ শক্তি দুৰ্বল হৈ পৰে। এনে অৱস্থাতো সতী সাধনীয়ে নিজৰ আত্মসম্মান আৰু জাতিৰ সন্মান ৰক্ষাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। ১৫২৪ চনত স্বামী নীতিপালৰ মৃত্যুৰ পাছত, আহোমৰ হাতত ধৰা নিদি চুতীয়া জাতিৰ মৰ্যাদা ৰক্ষাৰ বাবে তেওঁ চন্দ্ৰগিৰি পাহাৰৰ পৰা জঁপিয়াই আত্মবলিদান দিছিল। এই ত্যাগ কেৱল এক বলিদানেই নহয়, ই সমগ্ৰ জাতিৰ স্বাধীনতা আৰু সন্মান ৰক্ষাৰ এক উজ্জ্বল উদাহৰণ।

আজিও অসমবাসীয়ে তেওঁৰ এই ত্যাগ আৰু বীৰত্ব গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। প্ৰতি বছৰে ২১ এপ্ৰিলত ‘সতী সাধনী দিৱস’ পালন কৰি তেওঁৰ স্মৃতিক সন্মান জনোৱা হয়। লগতে গোলাঘাটত স্থাপিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় খন তেওঁৰ নামত উৎসৰ্গা কৰি সমাজে তেওঁৰ স্মৃতি অমৰ কৰি ৰাখিছে।

বৰ্তমান যুগত, য’ত মূল্যবোধৰ অৱক্ষয় দেখা যায়, তেনে সময়ত সতী সাধনীৰ জীৱনগাঁথা আমাৰ বাবে এক দিশ-নির্দেশক। তেওঁৰ সাহসীকতা, আত্মসম্মান আৰু দেশপ্ৰেমে আমাৰ সমাজক সঠিক পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়।

শেষত ক’ব পাৰি যে বীৰাংগনা সতী সাধনী কেৱল ইতিহাসৰ এখন পৃষ্ঠাই নহয়, তেওঁ হৈছে এক জীৱন্ত আদৰ্শ।  তেওঁৰ জীৱন গাঁথাই অসমীয়া নাৰীৰ সাহস আৰু আত্মসন্মানৰ আদৰ্শ দাঙি ধৰে।     তেওঁৰ এই ত্যাগ আৰু আদৰ্শ আমাৰ হৃদয়ত সদায় জীয়াই থাকক—এইয়েই তেওঁৰ প্ৰতি এক পূৰ্ণ শ্ৰদ্ধাঞ্জলি।