আজাৰাত সুধাকণ্ঠৰ সুবাস,মুকলি হ’ল ‘ৰুদ্ৰম ষ্টুডিঅ’’

আজাৰাত সুধাকণ্ঠৰ সুবাস,মুকলি হ’ল ‘ৰুদ্ৰম ষ্টুডিঅ’’, অম্বুবাচীৰ পূৰ্বে মুক্তি পাব দৃশ্য-শ্ৰব্য এলবাম ‘জয় মা কামাখ্যা’

মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মাটিৰ সুগন্ধ আৰু সাংস্কৃতিক চেতনাৰ এক অপূৰ্ব মহামিলন ঘটিল আজাৰাত। উদ্যোগ, সাহিত্য আৰু সংগীত— এই ত্ৰিবেণী সংগমৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুক্ৰবাৰে আজাৰাত আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰা হয় এক নব্য সৃষ্টিশীল স্থলী ‘ৰুদ্ৰম ষ্টুডিঅ’’ৰ। সাংস্কৃতিকপ্ৰাণ মহীয়ান হিৰুমণি দাসৰ মালিকানাধীন এই ষ্টুডিঅ’টোৱে অনাগত দিনত অসমৰ সংগীত জগতলৈ এক নতুন গতি আনিব বুলি আশা কৰা হৈছে।চিৰসেউজীয়া কণ্ঠশিল্পী ডোলী ঘোষৰ হাতত উন্মোচন ৰুদ্ৰম ষ্টুডিঅ,‘নাহৰ ফুলা বতৰতে মোৰ…’, ‘দুহাততে দিছা মোক ফুল’ বা ‘নীলা আকাশৰে ৰূপোৱালী…’ আদি কালজয়ী গীতেৰে অসমৰ ঘৰে ঘৰে আজিও জনপ্ৰিয় হৈ থকা অসমীয়া সংগীত জগতৰ চিৰসেউজীয়া, বলিষ্ঠ কণ্ঠশিল্পী ডোলী ঘোষে মুখ্য উদ্বোধক হিচাপে উপস্থিত থাকি এই ষ্টুডিঅ’টোৰ শুভ উদ্বোধন কৰে। ফিটা কাটি ষ্টুডিঅ’টো ৰাইজৰ বাবে উৎসৰ্গা কৰি বিশিষ্ট শিল্পীগৰাকীয়ে কয় যে এনেধৰণৰ প্ৰচেষ্টাই অসমৰ বুকুত নতুন প্ৰতিভাক বিকশিত হ’বলৈ এক সবল মঞ্চ প্ৰদান কৰিব ৷ উদ্বোধনী অনুষ্ঠানটোত অসমৰ শিল্প আৰু উদ্যোগ জগতৰ অন্যতম তাৰকা, বিশিষ্ট উদ্যোগপতি অনুপম ডেকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰে। ইয়াৰ উপৰি অসমৰ সুপৰিচিত কণ্ঠশিল্পী জ্যোৎস্না দাস, জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি দাস আৰু জ্যেষ্ঠ সাংবাদিক মনোৰঞ্জন ভট্টাচাৰ্য আদিকে ধৰি কেইবাগৰাকীও গুণী-জ্ঞানী ব্যক্তিৰ উপস্থিতিয়ে সমগ্ৰ পৰিৱেশটো স্বৰ্গীয় তুল্য আৰু গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ এই প্ৰাণপুৰুষসকলৰ সমাৱেশে অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে।ৰুদ্ৰম ষ্টুডিঅ’ৰ নৱতম উপহাৰ হিচাপে অতি শীঘ্ৰে ৰাইজৰ মাজলৈ আহি আছে এখন আধ্যাত্মিক দৃশ্য-শ্ৰব্য এলবাম ‘জয় মা কামাখ্যা’। উল্লেখনীয় যে, এই এলবামটিৰ গীতসমূহৰ ৰচনা, সুৰ আৰু প্ৰযোজনাৰ দায়িত্বও সুচাৰুৰূপে পালন কৰিছে স্বতাধিকাৰী হিৰুমণি দাসে নিজেই। ইতিমধ্যে এলবামটিৰ সংগীত গ্ৰহণ (ৰেকৰ্ডিং)ৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু বৰ্তমান পবিত্ৰ ধাম কামাখ্যাত ইয়াৰ দৃশ্যগ্ৰহণ (শ্বুটিং)ৰ কাম তীব্ৰ গতিত চলি আছে। প্ৰযোজক হিৰুমণি দাসে জানিবলৈ দিয়া মতে, বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলাৰ আগে আগে এই বিশেষ ভক্তিৰসৰ এলবামটি ৰাইজৰ চৰণত অৰ্পণ কৰা হ’ব। মা কামাখ্যাৰ মহিমাৰে সিক্ত এই দৃশ্য-শ্ৰব্য এলবামটিয়ে অসমৰ শ্ৰোতা-দৰ্শকৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী ৰুদ্ৰম ষ্টুডিঅ’ কৰ্তৃপক্ষৰ লগতে উপস্থিত বিশিষ্ট অতিথিসকলৰ।