দক্ষিণ কামৰূপ সাংবাদিক সন্থাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন,মিৰ্জাত বৃক্ষৰোপণ আৰু সজাগতা সভা
মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ কামৰূপতো উলহ-মালহেৰে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। এই উপলক্ষে দক্ষিণ কামৰূপ সাংবাদিক সন্থাৰ উদ্যোগত ৫ জুন শুক্ৰবাৰে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাস্থিত সন্থাৰ মুখ্য কাৰ্যালয় চৌহদত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।ৰাতিপুৱাৰ পৰাই সন্থাৰ সদস্যসকলে মুখ্য কাৰ্যালয়ৰ চৌহদ চাফ-চিকুণ কৰাৰ লগতে এক বৃক্ষৰোপণ কাৰ্যসূচী হাতত লয়। সাংবাদিক সন্থাৰ এই পৰিৱেশ অনুকূল পদক্ষেপক সহযোগিতা কৰিবলৈ অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।বৃক্ষৰোপণ আৰু পৰিৱেশ সজাগতা অনুষ্ঠানটোত দক্ষিণ কামৰূপ সাংবাদিক সন্থাৰ সভাপতি ৰাজকুমাৰ ঝানঝাৰী, উপ-সভাপতি অশ্বিনী কুমাৰ তালুকদাৰ, সাধাৰণ সম্পাদক বিপুল দাস, সহ-সাধাৰণ সম্পাদক শৈলেন কুমাৰ, সাংগঠনিক সম্পাদক হিৰেণ শৰ্মা আৰু প্ৰচাৰ সম্পাদক লব কুমাৰ দাস উপস্থিত থাকে। ইয়াৰ উপৰি সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য তথা দক্ষিণ কামৰূপ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক গৃহ নিৰ্মাণ সম্পাদক জগদীশ চৌধুৰী, কাৰ্যনিৰ্বাহক সদস্য সমৰ কলিতা,হিতেশ কলিতা, সমাজসেৱিকা ৰীতা বৰুৱা, সমাজকৰ্মী কণক দাস আৰু যুৱনেতা জোন গোস্বামীয়েও এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।অনুষ্ঠানত আমৰংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা লগতে সন্থাৰ প্ৰাক্তন সভাপতি পৰেশ কলিতাৰ সহধৰ্মিনী ড° মীৰাৰাণী কলিতাই ভাষণ প্ৰসংগত অতীতক স্মৰণ কৰি আবেগিক হৈ পৰে। তেওঁ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰয়াত যতীন মালীৰ প্ৰচেষ্টাত দুই কঠা ভূমি আবণ্টন পোৱা তথা প্ৰাক্তন সন্থাৰ সভাপতি পৰেশ কলিতাৰ প্ৰচেষ্টাত স্থাপন হোৱা দক্ষিণ কামৰূপ সাংবাদিক সন্থাক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সাহিত্যিক শচীন্দ্ৰ দাসে সন্থাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।আনহাতে, নদী আৰু নাৰী সংগঠনৰ দক্ষিণ কামৰূপৰ সভানেত্ৰী কৰৱী দাসৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এই পৰিৱেশ দিৱসৰ মঞ্চৰ পৰাই বিশিষ্ট সমাজসেৱক তথা জ্যোতিষী অপূৰ্ব দেৱ শৰ্মাই সাংবাদিক সন্থাৰ কাৰ্যালয় গৃহৰ বাবে ৪ গাঠ টিনপাত সাহায্য হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে। সামগ্ৰিকভাৱে, সাংবাদিক সন্থাৰ এই পদক্ষেপে অঞ্চলটোত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।
