কবিতা তই নাহিবি ৰাতি – বাহাৰুল ইছলাম 

Pc StockCake

কবিতা তই নাহিবি ৰাতি

বাহাৰুল ইছলাম 

কবিতা তই নাহিবি ৰাতি
তোৰ আগমনে বাঢ়ি যায় হাবিয়াস
চকুলোৰে হাবুডুবু কৰে মোৰ হিয়া
দি যোৱা মন্ত্ৰণা যায় বাঢ়ি যন্ত্ৰণা
চৌপাশে অপূৰ্ণ কামৰ বোজা
আৰু কত যে কামৰ যো-জা।
সাজি-কাচি আগমন ঘটে তোৰ
হৃদয়ৰ দপদপনি বাঢ়ে মোৰ
বিনিদ্ৰ ৰজনী
হৰ্ষ-বিৰহৰ গৰ্জনী
শিতানত স্মৃতিয়ে আলিংগন কৰে
অনুভৱৰ চোতালত এগছি নীলা বন্তিয়ে
কিৰণ মেলি দিয়ে
তাৰে আলমত মন মোৰ দহে।
অনুভৱৰ টোপোলা খুলি
সমুদ্ৰৰ বুকু ফালি
সমস্বৰে কত গীত গায়
তৰাৰ প্ৰেমত হাবাথুৰি খায়
জোনাকৰ হাত ধৰি
গগণৰ পথ ভেদি
ক্ষণিকতে বিশ্ব ভ্ৰমি
তনু-মন চায় জুমি।
তোৰ প্ৰণয়ত মৃতকে প্ৰাণ পায়
আশ্ৰমত বিশ্ৰাম লয় অনেকে
গোপনে কথা পাতে
ফল পায় হাতে হাতে
সুখ-দুখৰ ৰাণী হৈ শান্ত ক’ৰ তনু-মন
তথাপিও কবিতা তই নাহিবি ৰাতি।