ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ অন্তৰ্গত ৰামধেনু শতদল শাখা সাহিত্য সভা আৰু ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন 

ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ অন্তৰ্গত ৰামধেনু শতদল শাখা সাহিত্য সভা আৰু ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ অন্তৰ্গত ৰামধেনু শতদল শাখা সাহিত্য সভা আৰু পূৱ অসম ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত ৫ জুনত ডিব্ৰুগড়ৰ বঙালগাঁও প্ৰাথমিক বিদ্যালয়ৰ আতিথ্যত দিনজোৰা কাৰ্য্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সভাৰ আৰম্ভণিতে শিশুসকলে  সমৱেত কণ্ঠত এটি গীত পৰিৱেশন কৰে। ৰামধেনু শতদল শাখা সাহিত্য সভাৰ উপ সভাপতি ৰত্নেশ্বৰ ফুকনে পৰিচালনা কৰা সভাত সম্পাদক অনিল প্ৰসাদ সিঙে উদ্দেশ্য বাখ্যা কৰে। সভাত পূব অসম ভূমি সংৰক্ষণ সংমণ্ডলত প্ৰাধিকৰণৰ বিষয়া তাপচি কলিতাই বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য আৰু গছ পুলি ৰোপনৰ কাৰ্যকৰীতা সম্পৰ্কে বুজাই দিয়ে আৰু গছ থাকিলেহে মানু্হ থাকিব সেই কথা বুজাই দিয়ে। কেবা গৰাকীও বক্তাই বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য আৰু ইয়াৰ উপকাৰিতা অপকাৰিতাৰ লগতে সজাগতা সম্পৰ্কে বক্তব্য আগবঢ়ায়।কাৰ্যসূচীত মমী গগৈ মেচ, অণিমা মেচ গগৈ, দেৱী প্ৰধান, নলিনী মেচ, হেমলতা গগৈ আৰু ভাৰতী মেচক ৰূপৰেখা মহিলা গোটক একোটিকৈ গছ-পুলি বিতৰণ কৰে আৰু তেঁওলোকে বঙালগাওঁ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এই পুলি ৰোপণ কৰে। অনুষ্ঠানত বঙালগাঁওৰ গাঁওপ্ৰধান বিশ্বজিৎ মেচ, হিলৈধাৰী গাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য মদন চন্দ্ৰ ভৰালী, খন্দ প্ৰাথমিক শিক্ষাৰ বিষয়ববীয়া ৰেখামণি বৰুৱা, পূব , ৰামধেনুৰ উপদেষ্টা ৰঞ্জন দত্ত, যুটীয়া সম্পাদক বিমল চন্দ্ৰ দত্ত, ৰামধেনু শতদল শাখা সাহিত্য প্ৰচাৰ সম্পাদক এম  হাছিম আলী, ৰামধেনু উপসমিতিৰ কাৰ্যকৰী সভাপতি ৰঞ্জিত মেচ, বঙালগাঁও পূবেৰুণ সংঘৰ উপদেষ্টা মন্টু মেচ, ভূমি সংৰক্ষণ বিভাগৰ বিষয়ববীয়া কৰ্ণ বসুমতাৰী, নোমল চন্দ্ৰ মেচ, নিতুমণি কলিতা, উৎপল হাজৰিকা, তাপসী কলিতা আদি উপস্থিত থাকে। এই অনুষ্ঠানতে মীন বিভাগৰ যুটীয়া সঞ্চালক মনিৰউদ্দিন আহমেদে অসম সাহিত্য সভাৰ সদস্য পদৰ স্বীকৃতি লাভ কৰাত তেওঁক চাৰ্টিফিকেট প্ৰদান কৰে আৰু এই সভাতে কেবাগৰাকীও আজীৱন সদস্যপদৰ পত্ৰ জমা দিয়ে।অনুষ্ঠানত আজীৱন সদস্য মহেশ তেলী, কল্পনা শইকীয়া, বঙালগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মৃলালিনী  বুঢ়াগোহাঁই,  মিহিৰ চেতীয়া, দিলীপ চাংমাই আৰু কৰবী শইকীয়া মেচ উপস্থিত থাকে।পৰিবেশৰ ওপৰত ছবি অঁকা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৪০ জন ছাত্ৰ ছাত্ৰীক বিভাগৰ ফালৰ পৰা মানপত্ৰ আৰু  ট্ৰফী প্ৰদান কৰা হয়, এই মানপত্ৰ ৰামধেনু স্বেচ্ছাসেৱক দলৰ ফালৰ পৰাও  প্ৰদান কৰা হয়।ডিব্ৰুগড়ৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “বান্ধৈ কৃষি পাম”ৰ সভাপতি ভূষণ জ্যোতি সন্দিকৈ আৰু অৰ্পণা বৰাই ১৫ জোপা বকুল ফুলৰ পুলি প্ৰেৰণ কৰাত তেওলোকক ধন্যবাদ জ্ঞাপন কৰে আৰু সেইবোৰ স্কুল চৌহদত ৰোপণ কৰে।