ভাৰতীয় দলৰ অধিনায়ক হিচাপে শ্ৰেয়াছ আয়াৰৰ নাম ঘোষণা 

Pc Insidesports

ভাৰতীয় দলৰ অধিনায়ক হিচাপে শ্ৰেয়াছ আয়াৰৰ নাম ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে টি-২০ দলটো ঘোষণা কৰাৰ লগতে আগন্তুক এছিয়ান গেমছৰ বাবেও ভাৰতীয় দলটো ঘোষণা কৰে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সূৰ্যকুমাৰ যাদৱক আঁতৰাই শ্রেয়াছ আয়াৰক ভাৰতীয় টি-২০ দলটোৰ নতুন অধিনায়ক হিচাপে ঘোষণা কৰে।  শুকুৰবাৰে লোৱা সিদ্ধান্তটো ব’র্ডে শনিবাৰে আনুষ্ঠানিকভাবে ঘোষণা কৰে। বিস্ময়বালক বৈভৱ সূর্যবংশীয়ে ঘোষণা কৰা তিনিওটা দলতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ঘোষণা কৰা তিনিওটা দলত ৬জন নতুন খেলুৱৈক অন্তর্ভুক্ত কৰাৰ বিপৰীতে ৬জন আগশাৰীৰ খেলুৱৈক বাদ দিয়া হৈছে। আয়াৰলেণ্ড, ইংলেণ্ড আৰু এছিয়ান গেমছৰ বাবে ঘোষণা কৰা তিনিওটা দলত স্থান লাভকৰাৰ পৰা বঞ্চিত হয় সূর্যকুমাৰ যাদৱ। সূৰ্যকুমাৰৰ লগতে হার্দিক পাণ্ডিয়া, যশপ্রীত বুমৰাহ, কুলদীপ যাদৱ আৰু ৰিংকু সিঙকো বাদ দিয়া হৈছে। তিলক বার্মাক সহঃঅধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।উল্লেখ্য যে আয়াৰলেণ্ড আৰু ইংলেণ্ড শৃংখলাৰ পৰা ঈশান কিষাণ বাদ পৰিলেও এছিয়ান গেমছৰ দলত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে ।  টীম ইণ্ডিয়াই আয়াৰলেণ্ডৰ বিৰুদ্ধে ২৬, ২৮ জুনত দুখন টি-২০ আৰু ১-১১ জুলাইলৈ ইংলেণ্ডৰ বিপক্ষে পাঁচখন টি-২০ মেচ খেলিব। আয়াৰলেণ্ড-ইংলেণ্ড শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলটো হ’ল- শ্রেয়াছ আয়াৰ, তিলক বাৰ্মা, ৰবি বিষ্ণৈ, অভিষেক শর্মা, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, সঞ্জু ছেমছন, অক্ষৰ পেটেল, হর্ষিত ৰানা, ঈশান কিশন, ৱাশিংটন সুন্দৰ, অৰ্শদীপ সিং, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী, প্রিঞ্চ যাদৱ আৰু বৈভৱ সূর্যবংশী। এছিয়ান গেমছলৈ ঘোষিত ভাৰতীয় দলটো: শ্রেয়াছ আয়াৰ, তিলক বাৰ্মা, ৰবি বিষ্ণৈ, অভিষেক শর্মা, নীতিশ কুমাৰ ৰেড্ডী, যশপ্রীত বুমৰাহ, সঞ্জু ছেমছন, অক্ষৰ পেটেল, হৰ্ষিত ৰানা, ঈশান কিশন, ব্রাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী আৰু বৈভৱ সূর্যবংশী।