প্রতি ইউনিটত ২৮ পইচা পৰ্যন্ত বৃদ্ধি পালে বিদ্যুৎ মাচুল

Pc ACT News

প্রতি ইউনিটত ২৮ পইচা পৰ্যন্ত বৃদ্ধি পালে বিদ্যুৎ মাচুল

ৰঙিলী বাৰ্ত্তাসেৱা-  এইবাৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। ৰন্ধন গেছ, পেট্র’ল-ডিজেলৰ পাছত এইবাৰ জনতাৰ মূৰত বিদ্যুৎ মাচুলৰ মাধমাৰ । চলিত মাহৰ পৰা প্ৰতি ইউনিটত ১৬ পইচাৰ পৰা সর্বাধিক ২৮ পইচালৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে অসম শক্তি বিতৰণ কোম্পানী এপিডিচিএলে। উল্লেখ্য যে শেহতীয়াকৈ বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এপিডিচিএলে অতিৰিক্ত বোজা হ্রাস কৰিবলৈ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱৰ সঁহাৰি জনাই বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলক দিয়া অনুমোদনৰ পাছতে চলিত মাহৰ পৰাই বিদ্যুৎ মাচুল বৃদ্ধি হ’ব।  আনহাতে, কোনটো মাহত প্ৰতি ইউনিটত কিমানকৈ মূল্য বৃদ্ধি হ’ব তাৰো তালিকা প্ৰস্তুত কৰিলে বিভাগটোৱে। এই অনুসৰি চলিত মাহৰ বাবে প্রতি ইউনিটত ২১ পইচাকৈ বৃদ্ধি হ’ব। আনহাতে জুলাই মাহৰ বাবে বৃদ্ধি হ’ব প্রতি ইউনিটত ১৮ পইচা, আগষ্ট মাহত প্রতি ইউনিটত ১৬ পইচাকৈ, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ১৭ পইচাকৈ, নৱেম্বৰ মাহত ১৯ পইচাকৈ, ডিচেম্বৰ মাহত ২৪ পইচাকৈ, অহা বৰ্ষৰ জানুৱাৰী মাহত ২৬ পইচাকৈ, ফেব্ৰুৱাৰী মাহত ২৫ পইচাকৈ আৰু মাৰ্চ মাহত সর্বাধিক ২৮ পইচাকৈ প্রতি ইউনিটত বৃদ্ধি হ’ব মাচুল। উল্লেখ্য যে, মাচুল বৃদ্ধিত এপিডিচিএলে বিদ্যুৎ নিয়ামক আয়োগৰ অনুমতি লাভ কৰিছে । চলিত বৰ্ষৰ জুনৰ পৰা ২০২৭ৰ মাৰ্চলৈ এনেদৰে পৃথক পৃথককৈ বিদ্যুৎ মাচুল নিৰ্ধাৰণ কৰা হৈছে। এপিডিচিএলক প্ৰতি ইউনিটত ১৬ ৰ পৰা ২৮ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধিত বিদ্যুৎ নিয়ামক আয়োগে অনুমতি প্ৰদান কৰিছে ৷ সেই অনুসৰি চলিত মাহৰ পৰাই বৃদ্ধি হৈছে বিদ্যুৎ মাচুল ।এপিডিচিএলক ধাৰ মাৰিবৰ বাবে মাচুল বৃদ্ধিৰ প্ৰস্তাৱত বিদ্যুৎ নিয়ামক আয়োগে অনুমোদন জনাইছে । ধাৰ মাৰিবৰ বাবেই এপিডিচিএলে গ্ৰাহকৰ ওপৰত মাধমাৰ সোধালে । এফপিপিপিএএছৰ নামত কোম্পানীসমূহক ২১৫.৩০ কোটি টকা দিবলৈ আছে এপিডিচিএলে । এই ধন গ্ৰাহকৰ পৰা উঠাবলৈ মাচুল বৃদ্ধি কৰিছে এপিডিচিএলে । ১০ মাহৰ ভিতৰত ২১৫ কোটি টকা গ্ৰাহকৰ পৰা এপিডিচিএলে সংগ্ৰহ কৰিব । এপিডিচিএলে ২১৫ কোটি টকা দুমাহতেই গ্ৰাহকৰ পৰা আদায় কৰিব বিচাৰিছিল । কিন্তু দুমাহত এই বুজন ধনৰাশি গ্ৰাহকৰ পৰা আদায় কৰাত বাধা দিলে বিদ্যুৎ নিয়ামক আয়োগে । যাৰ ফলত এতিয়া দহ মাহত এই ২১৫ কোটি টকা গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব এপিডিচিএলে ।