নামনি অসমৰ দৰং জিলাৰ এক লুপ্ত পাই সংস্কৃতি- “খুলীয়া ভাওনা” – শিল্পা প্ৰিয়ম কুণ্ডিণ্য

Pc নীলা চৰাই

নামনি অসমৰ দৰং জিলাৰ এক লুপ্ত পাই সংস্কৃতি- “খুলীয়া ভাওনা”

শিল্পা প্ৰিয়ম কুণ্ডিণ্য
গুৱাহাটী,সাতগাঁও

ভাওনাৰ মূল-বৈশিষ্টঃ খুলীয়া ভাউৰীয়াৰ নামটো আহিছে “খোল” বাদ্যৰ পৰা।এই নাট্যবিধত খোলে হ’ল প্ৰধান বাদ্য।ইয়াৰ পৰিৱেশন সত্ৰীয় অংকীয়া ভাওনাৰ লগত মিল থাকিলেও,ইয়াৰ উপস্থাপন শৈলী সম্পূৰ্ণৰূপে থলুৱা।

দলীয় গঠন-

থুলীয় ভাওনাৰ দলত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ থাকে।

বায়ন(দলটোৰ মূল পৰিচালক),ভাউৰীয়া(যি সকলে বিভিন্ন চৰিত্ৰ অভিয়ন কৰে),বহুৱা(খুলীয়া ভাওনাৰ আটাইতকৈ আকৰ্ষণীয় চৰিত্ৰ,যি এ ধেমেলীয়া কথা বা অংগী-ভংগীৰে দৰ্শকক আনন্দ দিয়ে।

বিষয়বস্তু- খুলীয়া ভাওনাৰ কাহিনীসমূহ প্ৰধানকৈ ৰামায়ণ,মহাভাৰত,পুৰাণ আদিৰ পৰা লোৱা হয়।

পৰিৱেশশৈলী-এই অনুষ্ঠান প্ৰধানকৈ মুকলি পথাৰ বা ৰাইজৰ নামঘৰ,চৰাঘৰ বাকৰিত অনুষ্ঠিত হয়,কিন্তুু ইয়াত কোনো ধৰণৰ মঞ্চৰ ব্যৱহাৰ নহয়।

পোছাক- ভাউৰীয়াসকলে নিজৰ চৰিত্ৰ অনুযায়ী সাজ-পোজাক পৰিধান কৰে লগতে হনুমান বা ৰাক্ষক আদি চৰিত্ৰৰ বাবে মুখা পৰিধান কৰে।

দৰং জিলাৰ এই সংস্কৃতি কেৱল মনোৰঞ্জনৰ বাবে নহয়,ই হ’ল গাঁৱলীয়া সমাজৰ একতা আৰু ধৰ্মীয় বিশ্বাসৰ প্ৰতীক।ই এক প্ৰাচীন আৰু অত্যন্ত জনপ্ৰিয় লোক-নাট্যৰ পৰম্পৰা,যি গীত,নৃত্য আৰু অভিনয়ৰ এক অপূৰ্ব মিশ্ৰণ।

আধুনিক সংস্কৃতিৰ প্ৰভাৱত ই প্ৰায় লুপ্ত পাই যদিও চুকে-কোণে কিছু অস্তিত্ব ৰক্ষা আহিছে।