ঈদ-উল-আযহা
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
ঈদ-উল-আযহা হ’ল সমগ্ৰ বিশ্বৰ মুছলমান সমাজৰ এক অন্যতম পবিত্ৰ আৰু মহৎ ধৰ্মীয় উৎসৱ, যাক সাধাৰণতে কোৰবানী ঈদ বুলিও জনা যায়। ইছলামীয় বৰ্ষপঞ্জীৰ অন্তিম মাহ জিলহজৰ দশম দিনটোত পবিত্ৰতা আৰু অপৰিসীম উৎসাহেৰে এই উৎসৱ উদযাপন কৰা হয়। এই পবিত্ৰ উৎসৱৰ মূল ভিত্তি হৈছে ত্যাগ, উদাৰতা, সৃষ্টিকৰ্তাৰ প্ৰতি থকা চৰম ভক্তি আৰু অপৰিসীম আনুগত্য। ই মানৱ সমাজক একতা আৰু সহমৰ্মিতাৰ এনাজৰীৰে বান্ধি ৰখাৰ এক অন্যতম মাধ্যম।
সকলোৱে জ্ঞাত এই উৎসৱৰ এক ঐতিহাসিক আৰু আধ্যাত্মিক পটভূমি আছে, যিটো ইছলাম ধৰ্মৰ মহান পয়গম্বৰ হজৰত ইব্ৰাহিম (আঃ)ৰ জীৱনৰ সৈতে জড়িত। আল্লাহৰ সন্তুষ্টি আৰু আজ্ঞা পালনৰ বাবে তেওঁ নিজৰ আটাইতকৈ প্ৰিয় পুত্ৰ হজৰত ইছমাইল (আঃ)ক উৎসৰ্গ কৰিবলৈ সাজু হৈছিল। তেওঁৰ এই অভূতপূৰ্ব ত্যাগ আৰু বিশ্বাসৰ পৰীক্ষাত সন্তুষ্ট হৈ আল্লাৰ তৰফৰ পৰা পুত্ৰৰ পৰিৱৰ্তে এটা পশুক কোৰবানী কৰাৰ ব্যৱস্থা কৰি দিয়া হৈছিল। এই ঐতিহাসিক ঘটনাটোক স্মৰণ কৰিয়েই যুগ যুগ ধৰি মুছলমানসকলে পশু কোৰবানীৰ মাজেৰে এই পবিত্ৰ উৎসৱ পালন কৰি আহিছে।
ঈদৰ দিনা পুৱাই সকলোৱে নতুন বা পৰিষ্কাৰ কাপোৰ পিন্ধি ঈদগাহ বা মছজিদলৈ গৈ সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰে। নামাজৰ শেষত সকলোৱে ইজনে সিজনক সাৱটি ধৰি শুভেচ্ছা জ্ঞাপন কৰে, যিয়ে সমাজৰ পৰা হিংসাভাৱ আঁতৰাই একতাৰ বাৰ্তা কঢ়িয়াই আনে। নামাজৰ পৰা উভতি অহাৰ পিছত ধৰ্মীয় নিয়ম অনুসৰি যাৰ যি সামৰ্থ গৰু বা ছাগলী, ভেড়া, উট আদি পশু কোৰবানী দিয়া হয়। এই কোৰবানীৰ মাংস সমানে তিনিটা ভাগত ভগাই এটা ভাগ নিজৰ বাবে, এটা আত্মীয়-স্বজনৰ বাবে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ভাগটো দৰিদ্ৰ তথা সমাজৰ আৰ্তজনৰ মাজত বিলোৱা হয়, যাতে সমাজৰ কোনো ব্যক্তিয়েই উৎসৱৰ আনন্দৰ পৰা বঞ্চিত হ’বলগীয়া নহয়।
এই উৎসৱৰ অন্তৰ্নিহিত তাৎপৰ্য আৰু গুৰুত্ব অত্যন্ত গভীৰ। কোৰবানীৰ প্ৰকৃত অৰ্থ কেৱল এটা পশু জবেহ কৰাতেই সীমাবদ্ধ নাথাকে । এনেকুৱা নহয় যে বজাৰৰ পৰা পশু এটা কিনি আনি কোৰবাণী কৰি দিলোঁ বুলিয়েই স্ৰষ্টাৰ সন্তুষ্টি লাভ কৰিব । আচলতে কোৰবাণী মানে ত্যাগ কৰিব লাগে নিজৰ মনৰ মাজত থকা অহংকাৰ, খং, লোভ আৰু স্বাৰ্থপৰতাৰ দৰে কু-প্ৰবৃত্তিবোৰক চিৰদিনৰ বাবে । যেতিয়ালৈকে মানুহে নিজৰ অন্তৰৰ পশুত্বক ত্যাগ কৰিব নোৱাৰে, তেতিয়ালৈকে বাহ্যিক কোৰবানী সৰ্থক নহয় কেতিয়াও। এই উৎসৱে ধনী আৰু দুখীয়াৰ মাজৰ পাৰ্থক্য দূৰ কৰি সমাজত সমতা স্থাপন কৰে।
এক কথাত ক’বলৈ গ’লে ঈদ-উল-আযহা হৈছে মানৱতা, সম্প্ৰীতি, উদাৰতা আৰু কৰ্তব্যবোধ পুনৰুজ্জীৱিত কৰাৰ এক পবিত্ৰ মাধ্যম। নিজৰ সুখখিনিক আনৰ সৈতে ভগাই লোৱা আৰু সমাজৰ পিছপৰা শ্ৰেণীটোৰ প্ৰতি সুন্দৰ মনোভাৱ প্ৰকাশ কৰাৰ এক মহান শিক্ষা এই ঈদৰ পৰা পোৱা যায়। ইয়ে এক সুস্থ, শান্তিপূৰ্ণ আৰু ভাতৃত্ববোধেৰে ভৰা সমাজ গঠনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
