হেঁপাহৰ আবেলি
প্ৰান্তিক শৰ্মা
জাজৰি ,নগাঁও
দিনটো অন্তহীন কৰ্মব্যস্ততাৰ পাছত
যেতিয়া আবেলিৰ কোমল ৰ’দটি
আকাশৰ বুকুত ধীৰে ধীৰে হেৰাই যায়
তেতিয়া ভাগৰুৱা মনটো অলপ
জিৰণি বিচাৰে ।
ক্লান্ত দুচকুত জমা হৈ থাকে
পোৱা নোপোৱাৰ বহু সপোন, বহু আশা ।
গধূলিৰ বতাহজাকে
দিনটোৰ সকলো কোলাহল ধুই নিয়ে ,
আৰু হৃদয়খনত নীৰৱে পাখি মেলে
এটা অচিন হেঁপাহে ।
সেই হেঁপাহ –
আপোনজনৰ এষাৰি মাত শুনাৰ ,
ঘৰমুৱা এপিয়ঁলা চাহৰ সোৱাদ পোৱাৰ
আইৰ মৰমৰ স্পৰ্শ অনুভৱ কৰাৰ।
জীৱন যিমানেই ক্লান্ত হওঁক ,
আবেলিৰ এই ক্ষনবোৰে শিকাই ।
আশা কেতিয়াও শেষ নহয় ।
গছৰ পাতত বতাহৰ সুৰ বাজে,
চৰাইবোৰে নিজ নিজ বাহলৈ
উভতিব খোজে ।
হেঁপাহৰ আবেলি মানে
মাত্ৰ সূৰ্যাস্ত নহয় ,
ই জীৱনৰ এক কোমল অধ্যায়
য’ত ক্লান্তিৰ মাজতো
সপোনে পুনৰ মূৰ তুলি চাই,
হৃদয়খনে নীৰৱে কয় –
“আগলৈও পথ আছে ,
আগলৈও পোহৰ আছে ।
