হেঁপাহৰ আবেলি – প্ৰান্তিক শৰ্মা

Pc Popular Science

হেঁপাহৰ আবেলি

প্ৰান্তিক শৰ্মা
জাজৰি ,নগাঁও

দিনটো অন্তহীন কৰ্মব্যস্ততাৰ পাছত
যেতিয়া আবেলিৰ কোমল ৰ’দটি
আকাশৰ বুকুত ধীৰে ধীৰে হেৰাই যায়
তেতিয়া ভাগৰুৱা মনটো অলপ
জিৰণি বিচাৰে ।
ক্লান্ত দুচকুত জমা হৈ থাকে
পোৱা নোপোৱাৰ বহু সপোন, বহু আশা ।
গধূলিৰ বতাহজাকে
দিনটোৰ সকলো কোলাহল ধুই নিয়ে ,
আৰু হৃদয়খনত নীৰৱে পাখি মেলে
এটা অচিন হেঁপাহে ।
সেই হেঁপাহ –
আপোনজনৰ এষাৰি মাত শুনাৰ ,
ঘৰমুৱা এপিয়ঁলা চাহৰ সোৱাদ পোৱাৰ
আইৰ মৰমৰ স্পৰ্শ অনুভৱ কৰাৰ।
জীৱন যিমানেই ক্লান্ত হওঁক ,
আবেলিৰ এই ক্ষনবোৰে শিকাই ।
আশা কেতিয়াও শেষ নহয় ।
গছৰ পাতত বতাহৰ সুৰ বাজে,
চৰাইবোৰে নিজ নিজ বাহলৈ
উভতিব খোজে ।
হেঁপাহৰ আবেলি মানে
মাত্ৰ সূৰ্যাস্ত নহয় ,
ই জীৱনৰ এক কোমল অধ্যায়
য’ত ক্লান্তিৰ মাজতো
সপোনে পুনৰ মূৰ তুলি চাই,
হৃদয়খনে নীৰৱে কয় –
“আগলৈও পথ আছে ,
আগলৈও পোহৰ আছে ।