অণুগল্প –
মাইলৰ খুঁটি
অৰবিন্দ পাঠক,কলাকুছি (পানীটেমা)কামৰূপ
দত্তই শৰ্মাক সুধিলে,” হেৰি হে শৰ্মা, মানুহবোৰে জন্মদিন কিয় পাতে? ”
” ধেৎ বুৰ্বক, তই সেইটোও বুজি নেপাৱ নেকি ? গড়কপ্তানী বিভাগৰ মহৰি বোৰে যে পথটো জুখি জুখি মাইলৰ খুঁটি পুতি থৈ যায়, ঠিক সেইদৰে কিছুমান মানুহেও জীৱনৰ পথটো জুখি মাখি থৈ আগুৱাই গৈ থাকে।”
