জুবিন গাৰ্গ – বিমলা দেৱী

জুবিন গাৰ্গ

বিমলা দেৱী ,তিনিচুকীয়া

সংগীত জগতত উদিত হোৱা এটি
উজ্জ্বল জ্যোতিস্ক
যিটো জ্যোতিস্কৰ নাম *জুবিন গাৰ্গ*
কোটি কোটি সংগীত প্ৰেমিৰ প্ৰাণত সপ্তসুৰৰ
অযুত আৱেগৰ পোহাৰ সিঁচি
উমি উমি জ্বলি থকা এগছি অনন্ত শিখা
সৎ আদৰ্শৰ সম্প্ৰীতিৰ নিচান উৰুৱাই
ধৰ্মৰ প্ৰাচীৰ ভাঙিলা
তোমাৰ প্ৰতিবাদী সত্বা গীতেৰে বুজালা
অবুজন দৰ্শক আমি বুজি নাপালো
তোমাৰ সুমধুৰ কণ্ঠৰ মায়াজালত বন্দী
এটি প্ৰজন্মৰ পৰা আন এটি নৱ প্ৰজন্ম….
অসমীয়া জাতিৰ প্ৰাণ স্পন্দন ৰূপে
সংগীত জগতত ‘লুইত কণ্ঠ’ নামেৰে অলঙ্কিত
ডাৱৰৰ আঁৰে আঁৰে মেঘালীৰ লুকাভাকুৰ
মায়াবিনী ৰাতিৰ বুকুত*
তোমাৰ উচ্চাকাংক্ষাৰ অশ্বমেধ ঘোঁৰাটো
অভিমন্যুৰ দৰে চক্ৰবেহুত কেনি
সোমাল তুমি গমকে নাপালা….!!!!
মায়াবিনী ৰাতিৰ বুকুত লাখ লাখ
অনুৰাগীক চিনিলা কিন্তু, কিয়
মায়াবী স্বাৰ্থপৰক নিচি নাপালা…???
তোমাক হেৰুৱা বেদনা সাৰ্বজনীন
বিদায় বিলাতো শিকালা সাহসিকতাৰ জয়গান….!!!!
অমৃতময়ী গীতৰ মৌচাক চুমি চুমি
ভাগৰি নপৰা মহান মণিষী
গৰাকী মহাসাগৰ বক্ষত হেৰাই গ’ল
মানিক বুতলি বুতলি….
লাখ লাখ অনুৰাগীৰ হাহাকাৰ ধ্বনি
হেৰাই যাব নোৱাৰে আমাৰ প্ৰাণৰ শিল্পী’*
মায়াবিনী ৰাতিৰ বুকুত গোপনে আহি
ধৰা দি ক’লাহি—-
‘হে মোৰ প্ৰাণৰ অনুৰাগীসকল, ‘মই হেৰাই
যোৱা নাই
প্ৰতিটো প্ৰজন্মৰ হৃদয় কাৰেংত
এপাহী ইন্দ্ৰ মালতী হৈ
জিলিকি থাকিম ।’