গ্রেডিঙৰ বিৰোধিতা শিক্ষা পৰিষদৰে বৈঠক আছুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ চুমকৈ এএছএছইবি কাৰ্যালয়ত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থৰ নেতৃত্ব আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু কৰ্তৃপক্ষৰ মাজত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ গ্ৰেডিং ব্যৱস্থাৰ লগতে মুঠ ৭ টা বিষয় সন্দৰ্ভত অনুষ্ঠিত হয় এক আলোচনা ৷ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা আছুৰ দলটোৱে শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, উপাধ্যক্ষ ৰুক্স গোহাঁই বৰুৱা প্ৰমুখ্যে বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। প্ৰায় তিনি ঘণ্টাজুৰি আছুৰ নেতৃত্ব আৰু এএছএছইবিৰ কৰ্তৃপক্ষৰ মাজত এই আলোচনা চলে ৷আলোচনা সন্দৰ্ভত সদৰী কৰি আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে উচ্চতৰ মাধ্যমিক পর্যায়ত একাদশ আৰু দ্বাদশ শ্রেণীত ক্রমে Environment Education আৰু General Studies শীর্ষক দুটি বিষয় সন্নিৱিষ্ট কৰাৰ সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ ওপৰত অতিৰিক্ত বিষয়ৰ বোজা সৃষ্টি কৰিব বুলি সংশয়ৰ সৃষ্টি হৈছে। আছুৱে শিক্ষা পৰিষদৰ পৰা এই সন্দৰ্ভত এটি স্পষ্ট ব্যাখ্যা বিচাৰে। শিক্ষা পৰিষদৰ কৰ্তৃপক্ষই সেই অতিৰিক্ত বিষয়টোৱে পৰীক্ষাত উত্তীর্ণ হোৱা-নোহোৱাত কোনো প্রভাৱ নেপেলায় আৰু সেই বিষয়ৰ পৰীক্ষাও শিক্ষা পৰিষদৰ পৰিৱৰ্তে শিক্ষানুষ্ঠানখনেই অনুষ্ঠিত কৰিব বুলি ব্যাখ্যা আগবঢ়ায়। বিষয়টোৰ বুজ লৈ এই সন্দৰ্ভত পুনৰ আলোচনাৰ পোষকতা কৰোঁ। শিক্ষা পৰিষদে গ্রেডিং ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাই ছাত্ৰ-ছাত্ৰীৰ মনত নম্বৰ প্ৰদান ব্যৱস্থা বিলুপ্ত হ’ব নেকি বুলি প্রশ্ন আৰু শংকাৰ সৃষ্টি কৰিছিল। আছুৱে নম্বৰ প্ৰদান ব্যৱস্থা বাহাল থাকিব লাগিব বুলি দৃঢ়ভাবে দাবী উত্থাপন কৰিছিল। আছুৰ সৈতে হোৱা আলোচনাত শিক্ষা পৰিষদে স্পষ্টভাৱে কয় যে গ্রেডিং প্ৰৱৰ্তন কৰা সন্দৰ্ভত এতিয়ালৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। নম্বৰ প্ৰদান ব্যৱস্থাই বাহাল থাকিব। আলোচনা কালত প্রতিযোগিতাৰ পৃথিৱীত আমাৰ ছাত্ৰ-ছাত্রী আগবাঢ়ি যাব পৰাকৈ, সংস্থাপনৰ ক্ষেত্ৰত পথৰ সন্ধান পোৱাকৈ পাঠ্যক্ৰম আৰু পাঠ্যপুথিৰ প্ৰয়োজনীয় সালসলনিৰ বাবে আছুৱে শিক্ষা পৰিষদক আহ্বান জনায়। আছুৰ প্ৰতিনিধি দলটোত শিক্ষা সম্পাদক টুটুমণি কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য ক্রমে জিতেন দাস, ৰূপম দাস, অলকেশ নাথ আৰু বিমান হালৈ উপস্থিত থাকে।
