বিৰোধী দলপতি হিচাপে দায়িত্ব ৱাজেদ আলী চৌধুৰীক
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত সকলোৰে উৎকণ্ঠাৰ অৱসান ঘটাই প্রদেশ কংগ্ৰেছৰ বিৰোধী দলপতি হিচাপে জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধুৰী নির্বাচিত হোৱাৰ পিছতে ষষ্ঠদশ বিধানসভাৰ অধিৱেশনৰ শেষৰ দিনা তেওঁ বিৰোধী দলপতি হিচাপে সদনত অংশগ্ৰহণ কৰে। ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতি আৰু একমাত্র হিন্দু বিধায়ক হিচাপে বিধানসভাত কংগ্রেছক প্রতিনিধিত্ব কৰা নাওবৈচা সমষ্টিৰ বিধায়ক ডাঃ জয়প্রকাশ দাসক উপ-দলপতি হিচাপে কংগ্রেছ হাইকমাণ্ডে দায়িত্ব প্রদান কৰে। উল্লেখ্য যে এইবাৰ ষষ্ঠদশ বিধানসভালৈ প্রধান বিৰোধী দল কংগ্ৰেছৰ ১৯জন বিধায়ক নির্বাচিত হৈ আহিছে আৰু ইয়াৰে ১৮জনেই সংখ্যালঘু মিঞা-মুছলমান সম্প্ৰদায়ৰ। বিধানসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হোৱাৰ পিছতো কংগ্ৰেছে নিজৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব পৰা নাছিল। এই প্রসংগক লৈ শাসকীয় দলৰ বিধায়কসকলেও কংগ্ৰেছ দলক কঠোৰ সমালোচনাৰে উপহাস কৰি কংগ্ৰেছ দলটো মিঞাৰ দল, কংগ্রেছ দলটো কংগ্ৰেছ (আৰ) দল বুলি কটাক্ষ কৰিছিল। কিন্তু ইয়াৰ মাজতে মঙলবাৰে নিশাৰ ভাগলৈ কংগ্রেছ হাইকমাণ্ডে জ্যেষ্ঠ বিধায়ক বাজেদ আলী চৌধুৰীক বিৰোধী দলপতি হিচাপে নিযুক্তি দিয়ে।
