পৰম্পৰাগত সাজপাৰত ফটো প্ৰতিযোগিতা
গোলাঘাট, মনোৰঞ্জন বৰা,ৰঙিলী বাৰ্ত্তাসেৱা- শব্দৰ দলিচা সাহিত্য মঞ্চৰ দ্বাৰা এখন অনলাইন পৰম্পৰাগত সাজপাৰ ফটো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগীসকলে তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰা এখন ফটো অহা ৩০ জুন তাৰিখৰ আগত হোৱাটছএপ যোগে ৮০৯৯৬১৭৬২৯ এই নম্বৰত দিবলৈ আহ্বান জনায়। লগতে তেওঁলোকে কয় যে প্ৰতিযোগিতাৰ মাছুল হিচাপে প্ৰতিযোগীসকলে ৩০ টকা দিব লাগিব । বৰ্তমান যিটো সময়ত সমগ্ৰ ভাৰতকে ধৰি অসমতো পশ্চিমীয়া কলা-সংস্কৃতিয়ে আগুৰি ধৰিছে সেই সময়তে শব্দৰ দলিচা সাহিত্য মঞ্চই এনে এটা কাৰ্যপন্থা গ্ৰহণ কৰি পৰম্পৰাগত সাজপাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে কাম কৰি আহিছে। প্ৰতিযোগীসকলে ফটোৰ লগত নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা দিবলৈ মুখ্য সম্পাদক মনোৰঞ্জন বৰাই আহ্বান জনায় লগত তেওঁ কয় যে প্ৰতিযোগিতাখন সকলো বয়সৰ লোকৰ বাবে মুকলি।
