বিষ্ণুৰাভা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত অনলাইন প্ৰবন্ধ প্ৰতিযোগিতা

বিষ্ণুৰাভা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত অনলাইন প্ৰবন্ধ প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা- কলঞ্চুপৰীয়া কুইজ সমাজ মঞ্চৰ উদ্যোগত বিষ্ণুৰাভা দিৱস উপলক্ষে আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতালৈ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ পৰা একোটাকৈ প্ৰবন্ধ বিচৰা হৈছে। বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে প্ৰবন্ধসমূহ ২০০০ শব্দৰ ভিতৰত অসমীয়া ভাষাত লিখা হ’ব লাগিব। তেওঁলোকে জানিবলৈ দিয়ে যে প্ৰবন্ধসমূহ টাইপ কৰি বা pdf আকাৰে জমা দিয়াৰ লগতে নিজৰ নাম আৰু সম্পূৰ্ণ ঠিকনা গাঁঠি দিব লাগিব। জমা দিয়াৰ অন্তিম তাৰিখ ১৫ জুন। অংশগ্ৰহণৰ মাচুল হিচাপে ৬০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে লগতে বিজয়ী তিনিজনক আকৰ্ষণীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ’ব বুলি জানিবলৈ দিয়ে। অংশগ্ৰহণৰ মাচুল প্ৰেৰণ কৰাৰ প্ৰমাণ প্ৰবন্ধৰ লগতে দিব লাগিব বুলি জনাইছে। প্ৰবন্ধ প্ৰেৰণৰ বাবে ৮৪৭৪৮৯৪৫৩৬, ৮৬৩৮৪৮০৭৯০ নম্বৰত অথবা kalanshupariaquizsociety2024@gmail.com ত যোগাযোগ কৰিব পাৰিব ।