মেজি – বনজিত দাস 

Pc Pinterest

মেজি

বনজিত দাস 
ৰিহাবাৰী, বজালী

ভুকে কলমোলাই পজাঘৰত
ভুকে জ্বলে গৰীৱৰ ঘৰত,
জুই জ্বলে অপসংস্কৃতিৰ পথাৰত
সাতামপুৰুষীয়া শব্দৰ ভঁৰালত
মেজিঘৰত জুই জ্বলে——

জ্বলে কলিজাত
জুই জ্বলে বজাৰত
দেহা খহি পৰা পিতাইৰ শেতেলীৰ
কেকনিতো জুই জ্বলে
দুখীয়াৰ জুহালত উমি উমি জ্বলে

একতাৰে বন্ধা সমাজখনত ঘূণে বিন্ধি জ্বলে
হৃদয়খনত মোৰ দপ্-দপ চিতা জুই জ্বলে
নিজৰ আপোন দেহত জুইৰ চিতা জ্বলে
মানুহেই সজোৱা মোলাই কাঠনি বন জ্বলে
দেহা মোৰ পুৰি জুইতে মৰে

আইৰ কেঁচা মাটিৰ গোন্ধ
জ্বলি জ্বলি থৰাথৰ কঁপে
জূইত অভিশপ্ত বছৰ বোৰৰ
পৰিসমাপ্তি ঘটে
বুকুত বন্ধা এটা মেজি হৈ জ্বলে ——–