গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ উত্তাল প্রতিবাদ

গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ উত্তাল প্রতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘এই জুই জ্বলিছে জ্বলিবই। হিমন্ত বিশ্ব শৰ্মা হাই হাই, মাচুল হ্রাস কৰক, আমাৰ দাবী মানিবই লাগিব’ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল হ’ল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ।  শিক্ষার্থীবিৰোধী স্থিতি গ্রহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমত যি ব্যাপক হাৰত মাচুল বৃদ্ধি কৰিছে, তাৰ বিৰুদ্ধে বিগত কেইটামান দিনত এছএফআইকে ধৰি বিভিন্ন ছাত্র সংগঠনে প্রতিবাদী কার্যসূচী পালন কৰি অহাৰ মাজতে সোমবাৰে মাচুল বৃদ্ধিৰ প্ৰতিবাদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে উত্তাল কৰে বিশ্ববিদ্যালয় চৌহদ। স্নাতকোত্তৰ ছাত্র সন্থাৰ উদ্যোগত আয়োজিত প্রতিবাদী কার্যসূচী প্রথম অবস্থাত দিনৰ ভাগত বিশ্ববিদ্যালয়ৰ প্রধান প্রবেশদ্বাৰত অনুষ্ঠিত হৈছিল। কিন্তু কোনো সিদ্ধান্তত উপনীত নোহোৱাত সন্ধিয়াৰ পিছত পুনৰ প্ৰতিবাদী কাৰ্যসূচী ব্যাপক ৰূপত আৰম্ভ কৰে ছাত্র সমাজে।  প্রতিবাদী কার্যসূচীত ভাগ লোৱা সকলোৱে প্রধান প্রবেশদ্বাৰৰ সম্মুখেৰে যোৱা পথছোৱা অৱৰোধ কৰি ‘চৰকাৰ হায় হায়’, ‘ছাত্র আজি ৰাজপথত’, ‘উপাচার্যৰ স্থান নাই’, ‘মাচুল বৃদ্ধি হ্রাস কৰক’, ‘দুখীয়াক মাধমাৰ দিয়া বন্ধ কৰক’, ‘বিশ্ববিদ্যালয় কর্তৃপক্ষৰ মইমতালি বন্ধ কৰক’ আদি ধবনি দি আকাশ-বতাহ মুখৰিত কৰি বিশ্ববিদ্যালয় চৌহদ উত্তাল কবে। প্রতিবাদী শিক্ষার্থীসকলে উপাচার্য ড০ ননীগোপাল মহন্তৰ পুত্তলিকা দাহ কৰে। কার্যসূচীত ভাগ লোৱা কেইবাজনো নেতাই ক্ষোভ প্রকাশ কৰি কয় যে বিগত সময়ছোৱাত ছাত্র সমাজে বাৰম্বাৰ প্রতিবাদ জনোৱাৰ পিছতো কর্তৃপক্ষই ছাত্র-ছাত্রীৰ অসুবিধাৰ প্রতি ভ্রূক্ষেপ নকৰিলে। অসমীয়া, বড়ো, বাংলা, আৰবী, অর্থনীতি, শিক্ষা, ইংৰাজী, হিন্দী, ইতিহাস, লোক-সংস্কৃতি, ভাষাতত্ত্ব, জনসংযোগ আৰু সাংবাদিকতা, ৰাজনীতি বিজ্ঞান, সংস্কৃত আদি স্নাতকোত্তৰ বিভাগসমূহৰ পূৰ্বৰ বছৰি ৭,৫০০ টকাৰ পৰা এতিয়া প্রতি যান্মাসিকত ১২,৫০০ টকালৈ বৃদ্ধি কৰিলে। ইয়াৰ উপৰি পাঁচ বছৰীয়া সংহত পাঠ্যক্রমসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৰ পৰা চলি অহা স্নাতকোত্তৰ পাঠ্যক্ৰমতকৈ অধিক মাচুল দিবলগীয়া হ’ব। বিশ্ববিদ্যালয়খনে মুকলি কৰা জাননী অনুসৰি বাণিজ্য বিভাগৰ ২৫,০০০, মাইক্র’ বায়’লজী বিভাগৰ ৩০,২৫০ আৰু এমএডৰ ৫৫,০০০ টকালৈকে মাচুল বৃদ্ধি কৰিছে। ইয়াৰ ফলত এগৰাকী শিক্ষার্থীয়ে পূর্বতকৈ বহু পৰিমাণৰ অধিক ধনেৰে নামভৰ্তি কৰিবলগীয়া হৈছে, যিটো অর্থনৈতিকভাবে পিছপৰা পৰিয়ালৰ বাবে এতিয়া অসম্ভৱ হৈ পৰিছে। ২ লাখৰ তলত মাহিলি আয় থকা পৰিয়ালৰ বাবে মুকলি কৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আর্থিকভাবে পিছপৰা শিক্ষার্থীয়ে পাবলগীয়া বিনামূলীয়া নামভর্তিও বিশ্ববিদ্যালয়ত বন্ধ কৰি ৰখা হৈছে। পুঁজিৰ অভাৱৰ দোহাই দি দৰিদ্র ছাত্র-ছাত্রীৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়াটো গ্রহণযোগ্য নহয়। যদি চৰকাৰে শিক্ষাখণ্ডত পর্যাপ্ত পুঁজি আবণ্টন দিয়া নাই, তেন্তে তাৰ উত্তৰ চৰকাৰে দিব লাগিব, ছাত্র-ছাত্রীয়ে নহয়। আনহাতে প্রতিবাদী কার্যসূচীত ভাগ লোৱা শিক্ষার্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ে বৃদ্ধি কৰা অযুক্তিকৰ মাচুলৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰা, সাধাৰণ আৰু দৰিদ্র ছাত্র-ছাত্রীয়ে যাতে শিক্ষাব পৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে চৰকাৰে বিশ্ববিদ্যালয়খনক পর্যাপ্ত আর্থিক অনুদান প্রদান কৰা, আর্থিকভাবে পিছপৰা শিক্ষার্থীৰ বাবে বিনামুলীয়া নামভর্তি বিনাচর্তে মুকলি কৰাৰ বাবে দাবী জনায়।