তেজপুৰত ট্রাকে মহটিয়াই নিলে নৱম শ্ৰেণীৰ ৰাষ্ট্ৰীয় খেলুৱৈ ৰঞ্জন মিলিক
ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰ চহৰৰ নিকটৱৰ্তী ডেকাৰগাঁৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱা এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়। এই শোকাৱহ পথ দুর্ঘটনাটোত ডেকাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ থিতাতে মৃত্যু হয়।ছাত্ৰজনৰ কৰুণভাৱে মৃত্যু হোৱাত সমগ্র অঞ্চলটোত এক উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে তেজপুৰৰ পতিয়া চুবুৰিত ভাৰাতীয়া হিচাপে থকা কৃষ্ণকান্ত মিলি আৰু কল্পনা মিলিৰ পুত্ৰ ৰঞ্জন মিলি আন দিনাৰ দৰে সোমবাৰেও নিজৰ ঘৰৰ পৰা চাইকেলেৰে বিদ্যালয়লৈ গৈ থকাৰ সময়ত পুৱা প্রায় ৮.৪৫ বজাত ডেকাৰগাঁও চেণ্টাৰত একে দিশৰ পৰা গৈ থকা এখন ট্রাকে পিছফালৰ পৰা মহটিয়াই নিয়াত ট্ৰাকৰ পিছ চকা মূৰৰ ওপৰেৰে পাৰ হৈ যোৱাত ঘটনাস্থলীতে নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ কৰুণ মৃত্যু হয়। ইফালে, দুর্ঘটনা সংঘটিত কৰা ট্রাকখনৰ চালকক উত্তেজিত ৰাইজে ধৰি ঘটনাস্থলীতে উত্তম-মধ্যম দিয়াৰ পিছত আহত হৈ চিকিৎসাধীন হ’ব লগা হয়। উল্লেখ্য যে ৰাজ্যিক পৰ্যায়ৰ এগৰাকী খো খো খেলুৱৈ তথা দক্ষ দৌৰবিদ ছাত্ৰগৰাকী তেজপুৰ জিলা ক্রীড়া সন্থাৰ এগৰাকী যথেষ্ট সুনাম থকা খেলুৱৈ আছিল আৰু অলপতে ৰাষ্ট্ৰীয় খো খো প্রতিযোগিতাত তেজপুৰ জিলা ক্রীড়া সন্থাৰ তৰফৰ পৰা যোগদান কৰাৰ কথা আছিল। তেজপুৰৰ পতিয়া চুবুৰিত ভাৰাতীয়া হিচাপে থাকি ব্যক্তিগতভাৱে বিদ্যুৎ মেৰামতিৰ কাম কৰা কৃষ্ণকান্ত মিলি আৰু কল্পনা মিলিয়ে পুত্ৰৰ এই খবৰ লাভ কৰাৰ পিছতেই সম্পূৰ্ণৰূপে শোকত ভাগি পৰিছে। আনহাতে ৰঞ্জনে অধ্যয়ন কৰা বিদ্যালয়খনতো শোকৰ ছাঁ পৰে। সম্প্রতি দুর্ঘটনা সংঘটিত কৰা ট্রাকখন স্থানীয় শালনিবাৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত পৰিয়ালৰ হাতত আৰক্ষীয়ে চমজাই দি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে সৰুৰে পৰা ক্ৰীড়া নিপুণতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা ৰঞ্জন মিলিয়ে কেইবাবছৰো সদৌ অসম এথলেটিকছ আৰু খো খো প্রতিযোগিতাত তেজপুৰ জিলা ক্রীড়া সন্থাৰ জৰিয়তে জিলা দলৰ হৈ অংশগ্ৰহণ কৰিছিল। আনহাতে এই বছৰ অযোধ্যাত অনুষ্ঠিত সৰ্বভাৰতীয় স্কুল গেমছত অসম দলক প্রতিনিধিত্ব কৰিছিল। অতি অমায়িক, প্রতিভাসম্পন্ন খেলুৱৈগৰাকীৰ মৃত্যুত অসম খো খো সন্থাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ প্ৰত্যেকখন জিলা সমিতিয়ে বিয়লি ১ মিনিট সময় মৌন প্রার্থনা জনাই বিদেহ আত্মাৰ সদগতি কামনা কৰে।
